প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু-কাশ্মীৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


ভুক্তভোগীসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা অনুদান অনুমোদন

प्रविष्टि तिथि: 28 OCT 2021 11:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ ডোডাৰ থাত্ৰীৰ ওচৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান আগবঢ়োৱাৰ বাবেও অনুমোদন জনাইছে।

আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা টুইট এনেধৰণৰ -

"জম্মু-কাশ্মীৰৰ ডোডাৰ থাত্ৰিৰ ওচৰত সংঘটিত পথ দুৰ্ঘটনাত মৰ্মান্তিক আঘাত পাইছোঁ। এই দুখৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছোঁ

মই প্ৰাৰ্থনা কৰিছে, যাতে আঘাতপ্ৰাপ্ত লোকসকল অতি সোনকালে আৰোগ্য হৈ উঠে: প্ৰধানমন্ত্ৰী @narendramodi

জম্মু-কাশ্মীৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। ইফালে আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ': প্ৰধানমন্ত্ৰী @narendramodi"

 

****

DS/SH/RD


(रिलीज़ आईडी: 1767167) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam