প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাত ৰাছিয়াৰ সুৰক্ষা পৰিষদৰ সচিব শ্ৰীমান নিকোলাই পাট্ৰুশ্বেভৰ

Posted On: 08 SEP 2021 8:00PM by PIB Guwahati

ৰাছিয়াৰ সুৰক্ষা পৰিষদৰ সচিব শ্ৰীমান নিকোলাই পাট্ৰুশ্বেভে আজি পুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে।

সচিব শ্ৰীমান নিকোলাই পাট্ৰুশ্বেভে ভাৰতৰ সৈতে ৰাছিয়াৰ বিশেষ আৰু সন্মানজনক কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিবলৈ সংকল্পবদ্ধ বুলি প্ৰধানমন্ত্ৰীৰ সন্মুখত অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে সচিব পাট্ৰুশ্বেভ নেতৃত্বাধীন ৰাছিয়ান প্ৰতিনিধি দলটোৰ ভাৰত ভ্ৰমণৰ শলাগ লয়।

ভাৰত-ৰাছিয়ান অংশীদাৰিত্বক লৈ সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰা ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনলৈ প্ৰধানমন্ত্ৰীয়ে সচিব পাট্ৰুশ্বেভৰ জৰিয়তে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাষ্ট্ৰপতি পুটিনক আগন্তুক দিনত ভাৰতত আদৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে।

 

*****

DS/AKJ/MS



(Release ID: 1766826) Visitor Counter : 127