তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মাৰ্টিন স্কৰচেজ আৰু ইষ্টেভান সজাবোক সত্যজিৎ ৰায় জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ'ব


কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে গোৱাত অনুষ্ঠিতব্য ভাৰতৰ ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অৰ্থে গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে

ভিন্ন ধৰণৰ কাহিনীয়ে ভাৰতক এক সমল উপমহাদেশ কৰিছেঃ শ্ৰী ঠাকুৰ

আইএফএফআয়ে নতুন প্ৰযুক্তি প্ৰয়োগ কৰিছে, মুখ্য অ'টিটি প্লেয়াৰসকলক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে
আইএফএফআইৰ সৈতে ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰো' প্ৰতিযোগিতা; বিজয়ীসকলে নৱেম্বৰত গোৱাৰ উৎসৱত অংশগ্ৰহণ কৰিব

আন্তৰ্জাতিক শাখাৰ বাবে ৯৬ খন দেশৰপৰা অভিলেখসংখ্যক ৬২৪ খন চলচ্চিত্ৰ লাভ

কাৰ্লোচ চাউৰাৰদ্বাৰা পৰিচালিত দ্য কিং অৱ অল দ্য ৱৰ্ল্ড (এল ৰে দে টুড’ এল মুণ্ডো) উদ্বোধনী চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত

পেৰিছৰ ভিজুৱেল কমিউনিকেচন আৰু আৰ্টছৰ প্ৰসিদ্ধ বিদ্যালয় গবেলিনচ– স্কুল এল'ইমেজে ভাৰ্চুৱেল মাষ্টাৰক্লাছ অনুষ্ঠিত কৰিব

Posted On: 22 OCT 2021 9:20AM by PIB Guwahati

ইষ্টেভান সজাবো আৰু মাৰ্টিন স্কৰচেজক গোৱাত অনুষ্ঠিতব্য ভাৰতৰ ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সত্যজিৎ ৰায় জীৱনজোৰা সাধনা বঁটা প্ৰদান আগবঢ়োৱা হ'ব বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ঘোষণা কৰে। ইষ্টেভান সজাবো হৈছে যোৱা কেইটামান দশকত সমালোচকসকলৰদ্বাৰা অতিশয় প্ৰশংসিত হাংগেৰিয়ান চলচ্চিত্ৰ পৰিচালকসকলৰ মাজৰ এজন যাক মেফিষ্টো (১৯৮১), ফাদাৰ (১৯৬৬) ৰ দৰে উল্লেখযোগ্য কৃতিত্বৰ বাবে জনা যায়। মাৰ্টিন স্কৰচেজ হৈছে নতুন হলিউড যুগৰ অন্যতম মুখ্য ব্যক্তিত্ব, যি চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী পৰিচালক হিচাপে বহুলভাৱে সমাদৃত।

ঘোষণাৰ সময়ত ভাষণ প্ৰদান কৰি শ্ৰী অনুৰাগ ঠাকুৰে উল্লেখ কৰে, "ভাৰত হৈছে কাহিনী কথকসকলৰ দেশ; আমাৰ কাহিনীৰাজিয়ে বিশ্বখনৰ কল্পনা কঢ়িয়ায়। ভাৰতৰ ভিন্ন স্বাদৰ কাহিনীয়ে আমাক সঠিকভাৱে 'সমল উপমহাদেশ' কৰি তুলিছে।

ভাৰতৰ অতিশয় সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫২ সংখ্যক সংস্কৰণ ২০২১ ৰ ২০ নৱেম্বৰৰপৰা ২৮ নৱেম্বৰলৈ সমুদ্ৰৰ পাৰৰ ৰাজ্যখনত অনুষ্ঠিত হ'ব।

মুখ্য অ'টিটি প্লেয়াৰসকলৰ সৈতে সহযোগিতা

মন্ত্ৰীজনে অৱগত কৰে যে সৰ্বপ্ৰথমবাৰৰ বাবে আইএফএফআয়ে মুখ্য অ'টিটি প্লেয়াৰসকলক এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। প্ৰথমবাৰৰ বাবে, নেটফ্লিক্স, এমাজন প্ৰাইম, জি৫, ভুট আৰু চনি লিভে বিশেষ মাষ্টাৰক্লাছ, সমল লঞ্চ আৰু পূৰ্বলোকন, কিউৰেটেড ফিল্ম পেকেজ স্ক্ৰীণিং, আৰু অন্যান্য বিভিন্ন অন-গ্ৰাউণ্ড আৰু ভাৰ্চুৱেল ইভেণ্টৰ জৰিয়তে এই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব। শ্ৰী ঠাকুৰে কয় যে অ'টিটিত চিনেমা চোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু আইএফএফআয়ে নতুন প্ৰযুক্তি প্ৰয়োগ কৰিছে আৰু উদ্যোগটোৰ শিল্পীসকলক অ'টিটি প্লেয়াৰসকলৰ সৈতে মত-বিনিময়ৰ এখন মঞ্চ প্ৰদান কৰিছে।

নেটফ্লিক্সে পেৰিছস্থিত ইমেজ আৰু আৰ্টছৰ প্ৰসিদ্ধ বিদ্যালয় গবেলিনচ– স্কুল এল'ইমেজে ৩-দিনীয়া ভাৰ্চুৱেল মাষ্টাৰক্লাছ অনুষ্ঠিত কৰিছে।

নেটফ্লিক্সে জেন কেম্পিয়নৰ 'দ্য পাৱাৰ অৱ দ্য ডগ' ৰ ভাৰতৰ প্ৰিমিয়াৰ অনুষ্ঠিত কৰিব। ই তদুপৰি 'ধামাকা' চলচ্চিত্ৰৰ এক বিশেষ স্ক্ৰীণিং অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছে, যাৰ ভিতৰত আছে চলচ্চিত্ৰখনৰ মুখ্য প্ৰতিভা কাৰ্তিক আর্যনৰদ্বাৰা চলচ্চিত্ৰখনৰ পৰিচয় আৰু ৰবীনা টেণ্ডন আৰু আশুতোষ ৰাণা অভিনীত মুক্তি লাভ কৰিবলগীয়া ক্ৰাইম থ্ৰিলাৰ ছিৰিজ 'আৰণ্যক' ৰ খণ্ড ১ ৰ পূৰ্বলোকন।

চনিলিভে স্কেম-১৯৯২ ৰ চিত্ৰনাট্যকাৰ- সুমিত পুৰোহিত আৰু সৌৰভ দেৰদ্বাৰা এটা মাষ্টাৰক্লাছৰ প্ৰস্তাৱ জনাইছে, ই ইন্দ্ৰনীল চক্ৰৱৰ্তীৰ বিজনেছ হেড ষ্টুডিঅ নেক্সটৰদ্বাৰা পৰিচালিত।

জি৫ য়ে বিশেষভাৱে ব্ৰেকপইণ্ট প্ৰস্তুত কৰিছে– ই হৈছে আইএফএফআইৰ বাবে নীতেশ তিৱাৰী ও অশ্বিনী আয়াৰৰ জনপ্ৰিয় পেছ এণ্ড ভূপতি ছিৰিজ।

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰোক স্বীকৃতি প্ৰদান

এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই শ্ৰী অনুৰাগ ঠাকুৰে কয় যে আইএফএফআয়ে সমগ্ৰ ভাৰতৰ যুৱ উদীয়মান প্ৰতিভাসমূহক মূলসুঁতিৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগৰ সৈতে সংযোগ স্থাপনৰ অৰ্থে এখন মঞ্চ আগবঢ়াব। ৭৫ সৃষ্টিশীল মনক (৩৫ বছৰৰ অনূৰ্ধ) উদ্যোগৰ নেতৃবৃন্দৰ সৈতে বাৰ্তালাপ কৰিবলৈ আৰু মহোৎসৱত মাষ্টাৰক্লাছত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হ'ব। এই যুৱকসকলক সমগ্ৰ দেশৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এখন প্ৰতিযোগিতাৰ জৰিয়তে বাছনি কৰা হ'ব। প্ৰতিযোগিতাখনিৰ লক্ষ্য হৈছে বৈশ্বিকভাৱে স্বীকৃত অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শনৰ অৰ্থে ৭৫ জন যুৱ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, গায়ক, স্ক্ৰিপ্ট ৰাইটাৰ আৰু অন্যান্যসকলক এখনি মঞ্চ প্ৰদান কৰা।

অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে ২০২১ ৰ ৩০ অক্টোবৰ। '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰো'ৰ অৰ্থে চলচ্চিত্ৰ জমা দিয়াৰ ক্ষেত্ৰত অনুসৰণ কৰিব লগীয়া সবিশেষ নীতি-নিৰ্দেশনা তথা আবেদন প্ৰ-পত্ৰ www.dff.gov.in আৰু www.iffi.org ত উপলব্ধ।

ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱ

শ্ৰী ঠাকুৰে লগতে ঘোষণা কৰে যে সৰ্ব প্ৰথমবাৰৰ বাবে আইএফএফআইৰ সৈতে ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে পাঁচখন ব্ৰিকছ ৰাষ্ট্ৰৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। এই পাঁচখন দেশ যথা ব্ৰাজিল, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, চীন আৰু ভাৰতো ৫২ সংখ্যক আইএফএফআইৰ গুৰুত্বপূৰ্ণ দেশ।

আইএফএফআইৰ এই সংস্কৰণৰ উদ্বোধনী চলচ্চিত্ৰ সন্দৰ্ভত ঘোষণা আগবঢ়াই শ্ৰী ঠাকুৰে কয় যে কাৰ্লোচ চাউৰাৰদ্বাৰা পৰিচালিত দ্য কিং অৱ অল দ্য ৱৰ্ল্ড’ (এল ৰে দে টুড’ এল মুণ্ডো) উদ্বোধনী চলচ্চিত্ৰ হ'ব আৰু ইয়াৰ জৰিয়তে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰো হ'ব। ভেনিছ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা বিজয়ী জেন কেম্পিয়নৰদ্বাৰা নিৰ্দেশিত দ্য পাৱাৰ অৱ দ্য ডগ হ'ব মিড ফেষ্ট চলচ্চিত্ৰ। ফেষ্টিভেল কেলিডোস্কোপ আৰু ৱৰ্ল্ড পেনোৰামা শাখাৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা ৫২ সংখ্যক আইএফএফআইত প্ৰদৰ্শনৰ বাবে প্ৰায় ৩০ খন চলচ্চিত্ৰ তালিকাভুক্ত কৰা হৈছে।

৫২ সংখ্যক আইএফএফআয়ে দিলীপ কুমাৰ, সুমিত্ৰা ভাৱে, বুদ্ধদেব দাসগুপ্ত, সঞ্চাৰী বিজয়, সুৰেখা চিক্ৰি, জিন-পল বেলমণ্ডো, বাৰ্ট্ৰেণ্ড টেভেনিয়াৰ, ক্ৰিষ্টোফাৰ প্লামাৰ আৰু জিন-ক্লড কেৰিৰেলৈ শ্ৰদ্ধা নিবেদন কৰিব।

৫২ সংখ্যক আইএফএফআইৰ বাবে আন্তৰ্জাতিক প্ৰতিযোগিতাৰ জুৰী মণ্ডলী হৈছে

  • • ৰাখশান বানিতেমাদ (৬৭ বছৰ) | ইৰাণ | চলচ্চিত্ৰ নিৰ্মাতা- জুৰী অধ্যক্ষ
  • • ষ্টিফেন উলী (৬৫ বছৰ) | যুক্তৰাজ্য | চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক
  • • চিৰো গুয়েৰা (৪০ বছৰ) | কলম্বিয়া | চলচ্চিত্ৰ নিৰ্মাতা
  • • বিমুক্থি জয়সুন্দৰা (৪৪ বছৰ) | শ্ৰীলংকা | চলচ্চিত্ৰ নিৰ্মাতা
  • • নীলা মাধাব পাণ্ডা (৪৭ বছৰ) | ভাৰত | চলচ্চিত্ৰ নিৰ্মাতা

পূর্ববর্তী

৫২ সংখ্যক আইএফএফআইৰ পূৰ্বৱৰ্তী শাখাত প্ৰখ্যাত হাংগেৰিয়ান চলচ্চিত্ৰ নিৰ্মাতা বেলা টাৰৰ চলচ্চিত্ৰ দেখুওৱা হ'ব। তেওঁৰ চলচ্চিত্ৰসমূহে বাৰ্লিন, কান আৰু লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসিত হৈছে। তেওঁ এজন অট্যুৰ চলচ্চিত্ৰ নিৰ্মাতা যিয়ে নিজা দৃশ্যশৈলী সৃষ্টি কৰিছে।

ৰাছিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু মঞ্চ পৰিচালক আন্দ্ৰেই কঞ্চালোভস্কিৰ চলচ্চিত্ৰও দেখুওৱা হ'ব। তেওঁৰ চলচ্চিত্ৰসমূহে বহু সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে কান গ্ৰেণ্ড প্ৰিক্স স্পেচিয়াল ডু জুৰী, এটা ফিপ্ৰেচি (FIPRESCI) বঁটা, দুটা চিলভাৰ লায়ন্স, তিনিটা গ’ল্ডেন ঈগল বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটা।

পূৰ্বৱৰ্তীয়ে দাদাচাহেব ফাল্কে বঁটা বিজয়ী শ্ৰী ৰজনীকান্তকো সামৰি ল’ব।

এই মহোৎসৱত ডাঙৰ পৰ্দাত কাল্পনিক ব্ৰিটিছ গোপন এজেণ্ট জেমছ বণ্ডৰ চৰিত্ৰ ৰূপায়ণ কৰা প্ৰথম অভিনেতা ছাৰ চিন কনৰীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

****

Saurabh Singh/SB



(Release ID: 1766503) Visitor Counter : 172