প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ভূপেন্দ্ৰ পেটেলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

Posted On: 13 SEP 2021 2:57PM by PIB Guwahati

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ভূপেন্দ্ৰ পেটেলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। তেখেতে তদুপৰি বিজয় ৰুপানি জীক প্ৰশংসা কৰে আৰু কয় যে মুখ্যমন্ত্ৰী হিচাপে পাঁচ বছৰীয়া কাৰ্য্যকালত, বিজয় ৰুপানি জীয়ে বহু জন-কেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অৰ্থে নিৰলসভাৱে কাম কৰিছিল।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ভূপেন্দ্ৰ ভাইক অভিনন্দন জনালো। মই তেওঁক বহু বছৰ ধৰি জানি আহিছো আৰু বিজেপিৰ সংগঠনেই হওঁক বা নাগৰিক প্ৰশাসন আৰু সামাজিক সেৱাতেই হওঁক, তেওঁৰ অনুকৰণীয় কৰ্ম প্ৰত্যক্ষ কৰিছো। তেওঁ নিশ্চিতভাৱে গুজৰাটৰ বিকাশৰ গতিপথক সমৃদ্ধ কৰিব। @Bhupendrapbjp

মুখ্যমন্ত্ৰী হিচাপে পাঁচ বছৰীয়া কাৰ্য্যকালত, বিজয় ৰুপানি জীয়ে বহু জন-কেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অৰ্থে নিৰলসভাৱে কাম কৰিছিল। আগন্তুক সময়ত তেওঁ ৰাজহুৱা সেৱালৈ বৰঙণি আগবঢ়াই যাব বুলি মই নিশ্চিত। @vijayrupanibjp"

****

DS/SH/SB



(Release ID: 1760788) Visitor Counter : 135