প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ


Posted On: 28 SEP 2021 3:22PM by PIB Guwahati

নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!

আমাৰ ইয়াত উত্তৰ ভাৰতত ঘাঘ আৰু ভড্ডৰীৰ কৃষি সম্পৰ্কীয় আপ্তবাক্য বহুত জনপ্ৰিয়। ঘাঘে আজিৰ পৰা কেইবা শতাব্দী পূৰ্বে কৈছিল-

জেতে গহিৰা জোতে খেত,

পৰে বীজ, ফল তেতে দেত।

অৰ্থাৎ খেতিৰ যতন যিমান গভীৰ কৰা হয়, বীজ সিঁচিলে শস্যও সিমানেই অধিক হয়। এই আপ্তবাক্য, ভাৰতৰ কৃষিৰ শ শ বছৰ পুৰণি অভিজ্ঞতাৰ পিছত সৃষ্টি হৈছে। ই কৈছে যে ভাৰতীয় কৃষি সদায়ে কিমান বৈজ্ঞানিক। কৃষি আৰু বিজ্ঞানৰ এই তালমিল নিৰন্তৰ বাঢ়ি থকাটো ২১ শতিকাৰ ভাৰতৰ বাবে বহুত জৰুৰী। আজি ইয়াৰ সৈতে জড়িত আন এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ দেশৰ আধুনিক চিন্তাসম্পন্ন কৃষকক এয়া সমৰ্পিত কৰা হৈছে আৰু সৰু সৰু কৃষকৰ জীৱনলৈ পৰিৱৰ্তনৰ আশাৰ সৈতে এই বহুত ডাঙৰ সুযোগ আজি মই মোৰ দেশৰ কোটি কোটি কৃষকৰ চৰণত সমৰ্পিত কৰি আছো। বেলেগ বেলেগ ফচলৰ ৩৫বিধ নতুন ভেৰাইটিজ আজি জাৰি হৈছে। আজি ৰায়পুৰত National Institute of Biotic Stress Managementৰ লোকাৰ্পণো হৈছে। চাৰিখন এগ্ৰিকালচাৰ ইউনিভাৰছিটীক গ্ৰীণ কেম্পাছ এৱাৰ্ডো দিয়া হৈছে। মই আপোনালোক সকলোকে, দেশৰ কৃষকসকলক, কৃষি বৈজ্ঞানিকসকলক বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল,

যোৱা ৬-৭ বছৰত ছাইঞ্চ আৰু টেকনলজিক খেতিৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে প্ৰাথমিকতাৰ আধাৰত ব্যৱহাৰ কৰি থকা হৈছে। বিশেষকৈ সলনি হোৱা বতৰত, নতুন পৰিস্থিতিৰ অনুকূল, অধিক পোষণ যুক্ত বীজ, ইয়াৰ ওপৰত আমাৰ ফ'কাছ বহুত বেছি। এইবাৰৰ বছৰবিলাকত বেলেগ বেলেগ ফচলৰ এনেকুৱা ১৩০০তকৈও অধিক Seed Varieties, বীজৰ বিবিধতা প্ৰস্তুত কৰা হৈছে। এই শৃংখলাতে আজি ৩৫বিধ আৰু Crop Varieties দেশৰ কৃষকসকলৰ চৰণত সমৰ্পিত কৰা হৈছে। এই Crop Varieties, এই বীজে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ পৰা খেতিৰ সুৰক্ষা কৰা আৰু কুপোষণ মুক্ত ভাৰতৰ অভিযানত বহুত সহায়ক হ'বলগীয়া এয়া আমাৰ বৈজ্ঞানিকসকলৰ অনুসন্ধানৰ পৰিণাম। এই নতুন Varieties বতৰৰ কেইবাপ্ৰকাৰৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ সক্ষম হোৱাৰ লগতে, ইয়াত পৌষ্টিক তত্বও বেছি আছে। ইয়াৰ কিছুমান Varieties কম পানী থকা ক্ষেত্ৰৰ বাবে, কিছুমান শস্য গম্ভীৰ ৰোগৰ পৰা সুৰক্ষিত, কিছুমান সোনকালে হৈ উঠা, কিছুমান নিমখীয়া পানীত হ'ব পাৰে। অৰ্থাৎ দেশৰ বেলেগ বেলেগ পৰিস্থিতিৰ কথা মনত ৰাখি এইবিলাক প্ৰস্তুত কৰা হৈছে। ছত্তিশগড়ৰ National Institute of Biotic Stress Managementৰ ৰূপত দেশে এটা নতুন ৰাষ্ট্ৰীয় সংস্থান লাভ কৰিছে। এই সংস্থানে বতৰ আৰু অন্য পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানবিলাক Biotic stress ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ দেশে প্ৰয়াসক বৈজ্ঞানিক পথ-প্ৰদৰ্শন লাভ কৰিব, বৈজ্ঞানিক সহায় পাব আৰু সি বহুত শক্তি দিব। ইয়াৰ পৰা যি মেন পাৱাৰ ট্ৰেইন হ'ব, যি আমাৰ যুৱধন প্ৰস্তুত হ'ব, বৈজ্ঞানিক মন-মস্তিষ্কৰে যি আমাৰ বৈজ্ঞানিক সৃষ্টি হ'ব, যি ইয়াত সমাধান প্ৰস্তুত হ'ব, যি solution ওলাব, সেইবিলাকে দেশৰ কৃষি আৰু কৃষকৰ উপাৰ্জন বঢ়োৱাত কাৰ্যকৰী বুলি প্ৰতিপন্ন হ'ব।

বন্ধুসকল,

আমি সকলোৱে জানো যে আমাৰ দেশত ফচলৰ কিমান ডাঙৰ অংশ, পোকৰ কাৰণে নষ্ট হৈ যায়। ইয়াৰ ফলত কৃষকৰো বৃহৎ লোকচান হয়। যোৱা বছৰেই কৰোণাৰে যুঁজৰ মাজতে আমি দেখিলো যে কেনেকৈ টিড্ডী দলেও অনেক ৰাজ্যত ডাঙৰ আক্ৰমণ কৰি দিছিল। ভাৰতে বহুত প্ৰয়াস কৰি তেতিয়া এই আক্ৰমণ প্ৰতিৰোধ কৰিছিল, কৃষকৰ অধিক লোকচান হোৱাৰ পৰা ৰক্ষা কৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰা হৈছিল। মই উপলব্ধি কৰো যে এই নতুন সংস্থানৰ ওপৰত বহুত ডাঙৰ দায়িত্ব আছে আৰু মোৰ বিশ্বাস আছে যে ইয়াত কাম কৰিব লগা বৈজ্ঞানিক দেশৰ বিশ্বাসৰ ওপৰত থিয় দিব।

বন্ধুসকল,

খেতি-কৃষিকৰ্মই যেতিয়া সংৰক্ষণ লাভ কৰে, সুৰক্ষা কৱচ লাভ কৰে, তেতিয়া তাৰ অধিক দ্ৰুত গতিত বিকাশ হয়। কৃষকৰ মাটিক সুৰক্ষা দিবৰ বাবে, তেওঁলোকক বেলেগ বেলেগ চৰণত ১১ কোটি Soil Health Card দিয়া হৈছে। ইয়াৰ ফলত কৃষকে নিজৰ যি মাটি আছে তাৰ কি মৰ্যাদা, সেই মাটিৰ কি শক্তি, কি ধৰণৰ বীজ সিঁচিলে কি ধৰণৰ ফচল ৰুলে অধিক লাভ হ'ব, জানিব পাৰিব। ঔষধ কোনবিধ লাগিব, fertilizer কোনবিধ লাগিব, এই সকলো কথা সেই  Soil Health Cardৰ কাৰণে মাটিৰ গুণাগুণৰ বিষয়ে গম পোৱা বাবে, ইয়াৰ ফলত কৃষকৰ বহুত লাভ হৈছে, তেওঁলোকৰ খৰচো কম হৈছে আৰু উৎপাদনো বাঢ়িছে। তেনেকৈ, ইউৰিয়াৰ ১০০ শতাংশ নীম কোটিং কৰি, আমি সাৰক লৈ হ'বলগীয়া চিন্তাও দূৰ কৰিছো। কৃষকক পানীৰ সুৰক্ষা দিবৰ বাবে আমি জলসিঞ্চন পৰিকল্পনা আৰম্ভ কৰিছো, দশক দশক ধৰি পৰি থকা প্ৰায় ১০০টা জলসিঞ্চন পৰিকল্পনা সম্পূৰ্ণ কৰাৰ অভিযান চলাইছো, বহুত বৃহৎ পৰিমাণৰ বাজেট প্ৰয়োগ কৰা হৈছে ইয়াৰ বাবে, তাৰ ফলত কৃষকে পানী লাভ কৰিলে সেই পানীৰে পৰাক্ৰম কৰি দেখুৱাব। তেনেকৈ পানী বচাবৰ বাবে আমি micro irrigation, sprinkler এই বস্তুবিলাকৰ বাবেও ডাঙৰ আৰ্থিক সহায় কৰি কৃষকলৈকে এই ব্যৱস্থাবিলাক পোৱাবলৈ প্ৰয়াস কৰিছো। ফচলক ৰোগৰ পৰা বচাবলৈ, অধিক শস্যৰ বাবে কৃষকক নতুন নতুন ভেৰাইটিৰ বীজ দিয়া হৈছে। কৃষকে খেতিৰ লগতে বিজুলী উৎপন্ন কৰক, অন্নদাতা শক্তিদাতাও হওক, নিজৰ আৱশ্যকতাও পূৰণ কৰিব পাৰক, ইয়াৰ বাবে পিএম কুসুম অভিযানো চলাই থকা হৈছে। লাখ লাখ কৃষকক ছ'লাৰ পাম্পো দিয়া হৈছে। তেনেকৈ, আজি তো বতৰৰ বিষয়ত তো সদায় বিশ্বজুৰি চিন্তাৰ বিষয় হৈ আছে। এতিয়া আমাৰ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী জীয়ে কিমান প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগ আহে, climate changeৰ কাৰণে কি কি বিপদ আহে, বৰ ভালকৈ তেওঁ বৰ্ণনা কৰিছে। এতিয়া আপোনালোকে জানে যে অনাবৃষ্টি আৰু বতৰৰ প্ৰতিকূলতাৰ পৰা কৃষকক বচাবৰ বাবে আমি বিভিন্ন বিষয়ত পৰিৱৰ্তন সাধন কৰিছো, আগৰ সকলো নিয়ম সলনি কৰিছো যাতে কৃষকৰ সৰ্বাধিক লাভ হওক, এই লোকচানৰ সময়ত তেওঁলোকৰ বিপদ নহওক, এই সকলো পৰিৱৰ্তন কৰা হৈছে। পিএম ফচল বীমা যোজনা, ইয়াৰ জৰিয়তেও কৃষকৰ বহুত লাভ হওক আৰু সুৰক্ষা পাওক, তাৰ চিন্তা কৰিছো। এই পৰিৱৰ্তনৰ পিছত কৃষকে প্ৰায় এই যি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত যি পৰিৱৰ্তন অনা হৈছে তাৰ কাৰণে কৃষকক প্ৰায় এক লাখ কোটি টকাৰ ক্লেইম ৰাশিৰ পৰিশোধ কৰা হৈছে। এক লাখ কোটি টকা এই সংকটৰ সময়ত কৃষকৰ জেপলৈ গৈছে।

 বন্ধুসকল,

MSPত বৃদ্ধিৰ লগতে আমি ক্ৰয় প্ৰক্ৰিয়াতো সংশোধন কৰিছো যাতে অধিকসংখ্যক কৃষকে তাৰ লাভ পায়। ৰবি ছিজনত ৪৩০ লাখ মেট্ৰিক টনতকৈ বেছি ঘেঁহু ক্ৰয় কৰা হৈছে। ইয়াৰ বাবে কৃষকক ৮৫ হাজাৰ কোটিতকৈ অধিক পৰিশোধ কৰা হৈছে। কোভিডৰ সময়ত ঘেঁহু ক্ৰয় কেন্দ্ৰৰ সংখ্যা ৩ গুণলৈকে বঢ়োৱা হয়। লগতে মাহ জাতীয়-তৈলবীজ এই ক্ৰয় কেন্দ্ৰৰ সংখ্যাও তিনিগুণ বঢ়োৱা হৈছে। কৃষকৰ সৰু সৰু প্ৰয়োজন পূৰণ কৰিবৰ বাবে  কিষান সন্মান নিধিৰ জৰিয়তে ১১ কোটিৰো অধিক আমাৰ প্ৰতিজন কৃষকক দিয়া হৈছে। আৰু তাত বেছিভাগ সৰু কৃষক আছে, ১০ৰ মাজৰ পৰা ৮জন কৃষক, আমাৰ দেশত সৰু কৃষক আছে, বহুত সৰু সৰু মাটিৰ টুকুৰাত জীৱন নিৰ্বাহ কৰি আছে। এনেকুৱা কৃষকক প্ৰায় ১ লাখ ৬০ হাজাৰ কোটিতকৈও অধিক টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত সুমুৱাই দিয়া হৈছে। ইয়াৰে এক লাখ কোটি টকাৰ অধিক ৰাশি তো এই কৰোণা কালত দিয়া হৈছে। কৃষকসকলক টেকনলজিৰে সংযুক্ত কৰিবৰ বাবে আমি তেওঁলোকক বেংকৰ জৰিয়তে সহায় কৰিছো আৰু সেই সহায়ৰ সমগ্ৰ প্ৰক্ৰিয়া বহুত সহজ কৰা হৈছে। আজি কৃষকে আৰু ভাল উপায়েৰে বতৰৰ বতৰা পাই আছে। অলপতে অভিযান চলাই ২ কোটিতকৈ অধিক কৃষকক কিষান ক্ৰেডিট কাৰ্ড দিয়া হৈছে। মৎস্য পালন কৰা আৰু ডেইৰী ছেক্টৰৰ সৈতে জড়িত কৃষককো কেচিচিৰে সংযুক্ত কৰা হৈছে। ১০ হাজাৰতকৈ অধিক কৃষকে উৎপাদক সংগঠন হওক,  e-Nam যোজনাৰ জৰিয়তে অধিক কৃষি মণ্ডীক সংযুক্ত কৰাই হওক, বৰ্তমানৰ কৃষি মণ্ডীৰ আধুনিকীকৰণ হওক, এই সকলো কাম দ্ৰুত গতিত কৰি থকা হৈছে। দেশৰ কৃষক আৰু দেশৰ কৃষিৰে সংযুক্ত যি কাম যোৱা ৬-৭ বছৰত হৈছিল, সিবিলাক অহা ২৫ বছৰৰ বৃহৎ ৰাষ্ট্ৰীয় সংকল্পৰ সিদ্ধিৰ বাবে, কিয়নো ২৫ বছৰৰ পিছত আমাৰ দেশে স্বাধীনতাৰ শতাব্দী পালন কৰিব, আজি আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছো, ২৫ বছৰৰ পিছত স্বাধীনতাৰ শতাব্দী পালন কৰিম আৰু তাৰ বাবে এই ২৫ বছৰৰ বৃহৎ ৰাষ্ট্ৰীয় সংকল্পৰ সিদ্ধৰ বাবে এটা ডাঙৰ শক্তিশালী আধাৰ বনাই দিছো। বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈকে হোৱা এই কাৰ্যই এক বৃহৎ অৰ্থনৈতিক শক্তিৰ ৰূপত ভাৰতৰ প্ৰগতিৰ গতি সুনিশ্চিত কৰিব।

বন্ধুসকল,

আমি সকলোৱে জানো যে Agriculture একপ্ৰকাৰৰ ৰাজ্যৰ বিষয় আৰু এই বিষয়ে বহুবাৰ লিখাও হৈছে যে এইটো ৰাজ্যৰ বিষয়, ভাৰত চৰকাৰে ইয়াত একো কৰিব নালাগে, এনেকৈও কোৱা হয়, কিয়নো State subject হয় আৰু মই জানো কিয়নো ময়ো কেইবাবছৰ ধৰি গুজৰাটত মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিলো, গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে যিহেতু ৰাজ্যৰ বিশেষ দায়িত্ব আছে, এইটো মই জানিছিলো আৰু এই দায়িত্ব মই পালন কৰা উচিত, এই মুখ্যমন্ত্ৰী হোৱা বাবে মই সম্পূৰ্ণ চেষ্টা কৰিছিলো। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে মই কৃষি ব্যৱস্থাক, কৃষি নীতি আৰু তাৰ খেতিৰ ওপৰত প্ৰভাৱসমূহ বৰ ওচৰৰ পৰা অনুভৱ কৰো আৰু এতিয়া আমাৰ নৰেন্দ্ৰ সিংহ তোমৰ জীয়ে মোৰ গুজৰাটৰ কাৰ্যকালত মই কি কাম কৰি আছিলো সেই বিষয়েও বহু বৰ্ণনা কৰি আছিল। এটা সময় আছিল যেতিয়া গুজৰাটত খেতি কিছুমান ফচললৈকেহে সীমাবদ্ধ আছিল। গুজৰাটৰ এটা ডাঙৰ অংশত পানীৰ অভাৱত কৃষকে খেতি বাদ দিছিল। সেই সময়ত এটাই মন্ত্ৰ লৈ আমি চলিছিলো, কৃষকক লগত লৈ চলিছিলো, আৰু মন্ত্ৰটো আছিল- স্থিতি সলনি হ'ব লাগে, আমি লগ হৈ স্থিতি জৰুৰ সলনি কৰিম। ইয়াৰ বাবে সেই সময়তে আমি ছাইঞ্চ আৰু আধুনিক টেকনলজিৰ ব্যাপক ব্যৱহাৰ আৰম্ভ কৰি দিছিলো। আজি দেশৰ Agriculture আৰু Horticultureত গুজৰাটৰ এক ডাঙৰ অংশ আছে। আজি গুজৰাটত ১২ মাহেই খেতি হয়। কচ্ছৰ দৰে ক্ষেত্ৰতো আজি সেই ফল, শাক-পাচলি উৎপন্ন হয়, যাৰ বিষয়ে কেতিয়াও ভাবিব পৰা নহৈছিল। আজি কচ্ছৰ ৰেগিস্তানৰ পৰা তাৰ কৃষি উৎপাদন বিদেশলৈ ৰপ্তানি হ'বলৈ আৰম্ভ হৈছে।

ভাই আৰু ভনীসকল,

কেৱল উৎপাদনৰ ওপৰতে ফ'কাছ কৰা হোৱা নাই, বৰং সমগ্ৰ গুজৰাটত ক'ল্ড চেইনৰ এক বহুত ডাঙৰ নেটৱৰ্ক প্ৰস্তুত কৰা হৈছে। এনেকুৱা বহু প্ৰয়াসৰ ফলত খেতিৰ পৰিসৰতো বাঢ়িছেই, লগতে খেতিৰে জড়িত উদ্যোগ আৰু ৰোজগাৰো বৃহৎ মাত্ৰাত সৃষ্টি হৈছে আৰু কিয়নো এজন মুখ্যমন্ত্ৰী হোৱা বাবে ৰাজ্য চৰকাৰৰ সকলো দায়িত্ব থাকে সেয়ে মই সেই সময়ত এই সকলো কাম কৰাৰ এটা ভাল সুযোগো পালো আৰু মই সম্পূৰ্ণ পৰিশ্ৰমো কৰিছিলো।

ভাই আৰু ভনীসকল,

খেতিত হোৱা এনেকুৱা আধুনিক পৰিৱৰ্তনবিলাক স্বাধীনতাৰ এই অমৃত কালত অধিক বিস্তৃত কৰাৰ প্ৰয়োজন আছে। জলবায়ু পৰিবৰ্তন খেতিয়েই নহয়, বৰং আমাৰ সমগ্ৰ ইক'ছিষ্টেমৰ বাবে বহুত ডাঙৰ প্ৰত্যাহ্বান। বতৰৰ পৰিৱৰ্তনৰ বাবে আমাৰ মৎস্য উৎপাদন, পশুৰ স্বাস্থ্য আৰু উৎপাদনশীলতা বহুত বেছি প্ৰভাৱিত হয়। ইয়াৰ লোকচান কৃষকে, মাছমৰীয়া বন্ধুসকলে বহন কৰিবলগীয়া হয়। জলবায়ু পৰিবৰ্তনৰ কাৰণে যি নতুন ধৰণৰ কীট, নতুন বেমাৰ, মহামাৰী আহি আছে, ইয়াৰ ফলত মানুহ আৰু পশুধনৰ স্বাস্থ্যৰ ওপৰতো বহুত ডাঙৰ সংকট আহি আছে আৰু ফচলো প্ৰভাৱিত হৈ আছে। এই পদক্ষেপসমূহৰ ওপৰত গভীৰ ৰিছাৰ্চ নিৰন্তৰ জৰুৰী। এতিয়া ছাইঞ্চ, চৰকাৰ আৰু ছ'চাইটীয়ে মিলি কাম কৰিব যেতিয়া তাৰ ফল অধিক ভাল হ'ব। কৃষক আৰু বৈজ্ঞানিকৰ এনেকুৱা একত্ৰীকৰণে নতুন প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ দেশৰ শক্তি বঢ়াব। জিলা স্তৰত ছাইঞ্চ আধাৰিত এনেকুৱা কৃষি মডেলে খেতিক অধিক প্ৰফেচনেল, অধিক লাভজনক কৰিব। আজি জলবায়ু পৰিবৰ্তনৰ পৰা ৰক্ষা কৰা টেকনিক আৰু প্ৰক্ৰিয়াক উদগণি দিবলৈ যি অভিযান আজি লঞ্চ কৰা হৈছে, তাৰ মূলতো এই ভাবনাই আছে।

ভাই আৰু ভনীসকল,

এয়া সেই সময় যেতিয়া আমি বেক টু বেছিক আৰু মাৰ্চ ফৰ ফিউচাৰ, দুয়োটাতে সন্তুলন বজাই ৰাখিব লাগিব। যেতিয়া মই বেক টু বেছিক বুলি কওঁ, তেতিয়া মোৰ আশা আমাৰ পৰম্পৰাগত কৃষিৰ সেই শক্তিৰ সৈতে থাকে য'ত আজিৰ অধিকতৰ প্ৰত্যাহ্বানৰ সৈতে জড়িত সুৰক্ষা কৱচ আছিল। পৰম্পৰাগতভাৱে আমি খেতি, পশুপালন আৰু মৎস্য পালন একেলগে কৰি আহিছো। ইয়াৰ উপৰিও, একেলগে, একেই খেতিত, একেটা সময়তে বিবিধ ফচল উৎপাদন কৰিছিলো। অৰ্থাৎ প্ৰথমে আমাৰ দেশৰ Agriculture, Multiculture আছিল, কিন্তু ই লাহে লাহে Monocultureলৈ সলনি হৈ গ'ল। ভিন ভিন পৰিস্থিতিৰ ফলত কৃষকে এবিধেই ফচল উৎপাদনত লাগি যায়। এই স্থিতিকো আমি লগ হৈ সলনি কৰিব লাগিব। আজি যেতিয়া Climate Changeৰ প্ৰত্যাহ্বান বাঢ়ি আছে, তেতিয়া আমাৰ কামৰ গতিও বঢ়াব লাগিব। যোৱা বছৰবিলাকত এই ভাবনাই আমাক কৃষকৰ আয় বৃদ্ধি কৰিবলৈও উদগণি দিছে। কৃষকক কেৱল ফচল আধাৰিত ইনকাম ছিষ্টেমৰ পৰা বাহিৰলৈ আনি, তেওঁলোকক ভেল্যু এডিচন আৰু খেতিৰ অন্য বিকল্পসমূহৰ বাবেও অনুপ্ৰাণিত কৰি থকা হৈছে আৰু সৰু কৃষকৰ ইয়াৰ বহুত প্ৰয়োজন আছে আৰু আমি সম্পূৰ্ণ ধ্যান ১০০ৰ ভিতৰত ৮০জন যি সৰু কৃষক আছে, তেওঁলোকৰ ওপৰত দিব লাগিব আৰু আমাৰ কৃষকসকলৰ বাবে,  ইয়াত পশুপালন আৰু মৎস্য পালনৰ লগতে মৌ মাখি পালন, খেতিত সৌৰ শক্তি উৎপাদন, জাবৰৰ পৰা সোণ- অৰ্থাৎ ইথানল, বায়'ফুৱেলৰ দৰে বিকল্পও কৃষকক দি থকা হৈছে। মই আনন্দিত যে ছত্তিশগড়ৰ লগতে দেশৰ কৃষকে অতি দ্ৰুতগতিত এই সকলো নতুন নতুন কথাক আকোৱালি লৈছে। খেতিৰ লগতে দুই-চাৰিটা আৰু বস্তুৰ বিস্তাৰ কৰি আছে।

বন্ধুসকল,

বতৰৰ স্থানীয় পৰিস্থিতি অনুসৰি ফচলৰ উৎপাদন, আমাৰ পৰম্পৰাগত কৃষিৰ এটা আৰু শক্তি। য'ত খৰাং থাকে, তাত তেনেকুৱা ফচলৰ উৎপাদন হয়। য'ত বান থাকে, পানী বেছি থাকে, য'ত বৰফ থাকে, তাত তেনেধৰণৰ ফচল সিঁচা হয়। বতৰৰ হিচাপত কৰা এনেকুৱা ফচলৰ ন্যুট্ৰিচন ভেল্যুও বেছি হয়। বিশেষকৈ যি আমাৰ মোটা শস্য -মিলেটছ, সিবিলাকৰ বহুত মহত্ব। বিশেষজ্ঞসকলে কয় যে এইবোৰে আমাৰ স্বাস্থ্যক শক্তি দিয়ে। সেয়ে আজিৰ লাইফ ষ্টাইলৰ পৰা যেনেকুৱা বেমাৰ বাঢ়ি আছে, তালৈ চাই আমাৰ এই মিলেটছৰ ডিমাণ্ড বহুত বেছি বাঢ়ি আছে।

মোৰ কৃষক ভাই-ভনীসকল,

আপোনালোকে জানি ভাল পাব যে ভাৰতৰ প্ৰয়াসৰ পৰাই সংযুক্ত ৰাষ্ট্ৰ সংঘই অহা বছৰ অৰ্থাৎ ২০২৩ক ইণ্টাৰনেচনেল ইয়েৰ অফ মিলেটছ ঘোষিত কৰিছে। ই মিলেটছৰ খেতিৰ আমাৰ পৰম্পৰা, আমাৰ শস্যক আন্তঃৰাষ্ট্ৰীয় স্তৰত showcase কৰাৰ আৰু নতুন বজাৰৰ অনুসন্ধান কৰাৰ বহুত ডাঙৰ সুযোগ। কিন্তু ইয়াৰ বাবে এতিয়াৰে পৰা কাম কৰিব লাগিব। আজি এই সুযোগতে মই দেশৰ সকলো সামাজিক আৰু শৈক্ষিক সংগঠনক ক'ম যে মিলেটছৰ সৈতে জড়িত ফুড ফেষ্টিভেল কৰক, মিলেটছৰ পৰা নতুন নতুন food varieties কেনেকৈ হয়, ইয়াৰ প্ৰতিযোগিতা কৰক, কিয়নো ২০২৩ত যদি পৃথিৱীলৈ আমি নিজৰ কথা লৈ যাব লাগে তেন্তে আমি এই বস্তুবিলাকত নতুনত্ব আনিব লাগিব আৰু জনসাধাৰণৰ মাজতো সজাগতা বঢ়াওক। মিলেটছৰ সৈতে জড়িত নতুন ৱেবছাইটো বনাব পাৰি, মানুহে জানক মিলেটছৰ পৰা কি কি বনাব পাৰি, কি কেনেকৈ বনাব পাৰি, কি লাভ হ'ব পাৰে, এটা সজাগতা অভিযান চলিব পাৰে। মই বিশ্বাস কৰো যে ইয়াৰ মুনাফা কি হয়, ইয়াৰ সৈতে জড়িত ৰোচক তথ্য আমি এই ৱেবছাইটত ৰাখিব পাৰো যাতে মানুহ তাৰ সৈতে সংযুক্ত হ'ব পাৰে। মই সকলো ৰাজ্যকে আহ্বান জনাম যে আপোনালোকৰ ৰাজ্যৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আপোনালোকৰ এগ্ৰিকালচাৰেল ইউনিভাৰছিটীজ, আপোনালোকৰ ছাইণ্টিষ্ট আৰু প্ৰগ্ৰেছিভ কৃষকে ইয়াৰ ভিতৰত কোনো টাষ্ক ফ'ৰ্চ বনাওক আৰু ২০২৩ত যেতিয়া বিশ্বই মিলেটছ ইয়েৰ পালন কৰিব তেতিয়া ভাৰতে তাত কেনেকৈ যোগদান কৰিব, ভাৰতে কেনেকৈ লীড কৰিব, ভাৰতৰ কৃষকে তাত কেনেকৈ মুনাফা ল'ব, এতিয়াৰে পৰা তাৰ প্ৰস্তুতি চলোৱা দৰকাৰ।

বন্ধুসকল,  

ছাইঞ্চ আৰু ৰিছাৰ্চৰ সমাধানৰ পৰা এতিয়া মিলেটছ আৰু অন্য শস্যক আৰু বিকশিত কৰা আৱশ্যক। উদ্দেশ্য এয়ে যে দেশৰ ভিন ভিন অংশত, ভিন ভিন প্ৰয়োজন অনুসৰি সেইবোৰ উৎপাদন কৰিব পাৰি। আজি যি শস্যৰ ভেৰাইটী লঞ্চ হৈছে, তাত এই প্ৰয়াসৰ ৰশ্মিও আমি দেখিবলৈ পাইছো। মোক এই কথাও কোৱা হৈছে যে এই সময়ত দেশত ডেৰশতকৈও অধিক ক্লাষ্টাৰ্ছত তাৰ পৰিস্থিতি অনুসৰি কৃষি টেকনিকৰ প্ৰয়োগ হৈ আছে।

বন্ধুসকল,

খেতিৰ যি আমাৰ পুৰাতন পৰম্পৰা আছে তাৰ লগতে মাৰ্চ টু ফিউচাৰো সিমানেই আৱশ্যকীয়। ফিউচাৰৰ বিষয়ে যেতিয়া আমি কথা পাতো তেতিয়া তাৰ মূলত আধুনিক টেকনলজি আছে, খেতিৰ নতুন আয়োজন থাকে। আধুনিক কৃষি মেচিন আৰু উপকৰণক উদগণি দিয়াৰ প্ৰয়াসৰ পৰিণাম আজি দেখিবলৈ পোৱা গৈছে। আহিবলগীয়া সময় স্মাৰ্ট মেচিনৰ, স্মাৰ্ট উপকৰণৰ। এতিয়া খেতিতো আধুনিক ড্ৰোন আৰু ছেন্সৰৰ ব্যৱহাৰ বঢ়াব লাগিব। ইয়াৰ সৈতে খেতিৰে জড়িত হাই কোৱালিটী ডেটা আমি পাব পাৰো। ই খেতিৰ প্ৰত্যাহ্বানৰ সৈতে জড়িত ৰিয়েল টাইম সমাধান প্ৰস্তুত কৰাতো সহায় কৰিব। সম্প্ৰতি বলৱৎ কৰা নতুন ড্ৰোন নীতি এই ক্ষেত্ৰত আৰু সহায়ক বুলি প্ৰতিপন্ন হ'ব।

বন্ধুসকল,

বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈকে যি সম্পূৰ্ণ ইক'ছিষ্টেম আছে, দেশে তাক যেনেকৈ প্ৰস্তুত কৰি আছে, তাক আমি একেৰাহে আধুনিক বনাই থাকিব লাগিব। ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ডেটা এনালিটিক্ছ আৰু ব্লক চেইন টেকনলজিয়ে ডিমাণ্ড আৰু ছাপ্লাইৰে জড়িত প্ৰত্যাহ্বান দূৰ কৰাত বহুত সহায় কৰিব পাৰে। আমি এনেকুৱা innovations, এনেকুৱা startupsক প্ৰমোট কৰিব লাগে যি এই টেকনিকবিলাক গাঁৱে গাঁৱে পোৱাব পাৰে। দেশৰ প্ৰতিজন কৃষক, বিশেষকৈ ক্ষুদ্ৰ কৃষকে এই নতুন উপকৰণ, নতুন টেকনলজিৰ ব্যৱহাৰ কৰিব, তেতিয়া কৃষি ছেক্টৰত বৃহৎ পৰিৱৰ্তন আহিব। কৃষকক কম দামত আধুনিক টেকনলজি উপলব্ধ কৰোৱা startupsৰ বাবেও এয়া ভাল সুযোগ। মই দেশৰ যুৱক-যুৱতীসকলক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাম।

বন্ধুসকল,

স্বাধীনতাৰ এই অমৃত কালত আমি কৃষিৰে জড়িত আধুনিক বিজ্ঞানক গাঁৱে গাঁৱে, ঘৰে ঘৰে পোৱাব লাগে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইয়াৰ বাবে কিছুমান ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমি যেতিয়া চেষ্টা কৰিব লাগে যে মিডিল স্কুল লেভেললৈকে কৃষিৰে জড়িত ৰিছাৰ্চ আৰু টেকনলজি আমাৰ স্কুলীয়া পাঠ্যক্ৰমৰো অংশ হওক। স্কুলৰ স্তৰতে আমাৰ বিদ্যাৰ্থীসকলৰ ওচৰত এই বিকল্প থাকক যে তেওঁলোকে কৃষিক কেৰিয়াৰৰ ৰূপত বাছনি কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে।

বন্ধুসকল,  

আজি যি অভিযান মই আৰম্ভ কৰিলো, ইয়াক জন আন্দোলনত পৰিণত কৰিবৰ বাবে আমি সকলোৱে নিজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব লাগিব। দেশক কুপোষণৰ পৰা মুক্তি দিবলৈ যি অভিযান চলি আছে, ৰাষ্ট্ৰীয় পোষণ মিছনকো এই অভিযানে শক্তিশালী কৰিব। এতিয়া তো চৰকাৰে এই সিদ্ধান্তও লৈছে যে চৰকাৰী যোজনাৰ জৰিয়তে দুখীয়াক, স্কুলত শিশুক, ফৰ্টিফাইড চাউলহে দিয়া হ'ব। অলপতে মই নিজৰ অলিম্পিক চেম্পিয়নসকলৰ সৈতে কুপোষণক লৈ সজাগতা বঢ়াবৰ বাবে প্ৰতিজন খেলুৱৈক মই আহ্বান জনাইছিলো, যে আপোনালোক অহা এক-দুই বছৰত কমেও ৭৫খন স্কুললৈ যাওক বুলি আহ্বান জনাইছিলো, তাত বিদ্যাৰ্থীৰ সৈতে পোষণ সম্পৰ্কে কথা পাতক, খেল-ধেমালিৰ বিষয়ে কথা পাতক, physical exerciseৰ সন্দৰ্ভত কথা পাতক। আজি মই সকলো শিক্ষাবিদ, সকলো কৃষি বৈজ্ঞানিক, সকলো সংস্থানক ক'ম যে আপোনালোকেও স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে নিজৰ লক্ষ্য স্থিৰ কৰক। ৭৫ দিনৰ অভিযান হাতত লওক কোনোবাই, ৭৫খন গাঁৱক কোলাত লৈ পৰিৱৰ্তনৰ অভিযান হাতত লওক, ৭৫খন স্কুলক সজাগ কৰি প্ৰত্যেক স্কুলক কিবা কামত লগাই দিয়ক, এনেকুৱা এক অভিযান যদি দেশৰ প্ৰতিখন জিলাত নিজৰ স্তৰতো আৰু সংস্থানৰ স্তৰতো চলাব পৰা যায়। ইয়াত নতুন ফচল, ফৰ্টিফাইড বীজ, জলবায়ু পৰিবৰ্তনৰ পৰা ৰক্ষাকে ধৰি কৃষকক তথ্য দিব পৰা যায়। মোৰ বিশ্বাস আছে যে আমাৰ সকলোৰে প্ৰয়াস, এই সকলোৰে প্ৰয়াস বহুত মহত্বপূৰ্ণ, আমি সকলোৰে প্ৰয়াসে বতৰৰ পৰিৱৰ্তনৰ  পৰা দেশৰ খেতিক বচাব, কৃষকৰ সমৃদ্ধি আৰু দেশৰ স্বাস্থ্যৰ সুৰক্ষাও নিশ্চিত কৰিব। এবাৰ আকৌ সকলো কৃষক বন্ধুক, নতুন ক্ৰপ ভেৰাইটী আৰু নতুন ৰাষ্ট্ৰীয় ৰিছাৰ্চ সংস্থানৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন। আকৌ এবাৰ যি ইউনিভাৰছিটীসমূহে আজি পুৰস্কাৰ পাইছে, যাতে বৈজ্ঞানিক ব্যৱস্থাইহে, বৈজ্ঞানিক মনেহে, বৈজ্ঞানিক পদ্ধতিয়েহে প্ৰত্যাহ্বানৰ পৰা মুক্তি পোৱাৰ উত্তম পথ দিব পাৰে, সেই সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা!

 

বহুত বহুত ধন্যবাদ! 

 

****

DS/AKJ/AV




(Release ID: 1759933) Visitor Counter : 206