প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ চৰ্দাৰধাম ভৱনৰ আধাৰশিলা আৰু চৰ্দাৰধাম দ্বিতীয় পর্বত ছাত্রী নিবাসৰ ভূমি পুজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 SEP 2021 1:08PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ছেপ্টেম্বৰ, ২০২১ৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চৰ্দাৰধাম ভৱনৰ আধাৰশিলা আৰু চৰ্দাৰধাম দ্বিতীয় পর্বত ছাত্রী নিবাসৰ ভূমি পুজনত অংশগ্ৰহণ কৰিব৷

চৰ্দাৰধামে সমাজৰ আৰ্থিকভাৱে দুর্বল শ্রেণীৰ লোকসকলৰ শিক্ষা, সামাজিক অৱস্থাৰ পৰিৱর্তন আৰু উন্নয়নৰ লক্ষ্যৰে কাম কৰি আহিছে। যুৱ সম্প্রদায়ৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাত ক্ষেত্ৰতো চৰ্দাৰধামে বৃহৎ ভূমিকা পালন কৰে৷ আহমেদাবাদত নিৰ্মাণ কৰা চৰ্দাৰধাম ভৱনত ছাত্র-ছাত্রীসকলৰ বাবে যাৱতীয় অত্যাধুনিক ব্যৱস্থা আছে। ছাত্রী নিবাসত ২,০০০গৰাকী ছাত্ৰীয়ে তেওঁলোকৰ পাৰিবাৰিক আর্থিক অৱস্থা নির্বিশেষে থাকিব পাৰিব৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত থাকিব৷

****

DS/AKJ/DB



(Release ID: 1755985) Visitor Counter : 124