প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ দিব


প্ৰধানমন্ত্ৰীয়ে শিক্ষা খণ্ডত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰো শুভাৰম্ভ কৰিব

Posted On: 05 SEP 2021 2:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ছেপ্টেম্বৰ, ২০২১ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ প্ৰদান কৰিব। তেওঁ অনুষ্ঠানটোৰ সময়ত শিক্ষা খণ্ডত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰো শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সাংকেতিক ভাষা অভিধান (বধিৰসকলৰ বাবে আন্তৰ্জাতিক পদ্ধতিৰ শিক্ষণৰ সামঞ্জস্যপূৰ্ণ অডিঅ’ আৰু পাঠ সন্নিবিষ্ট সাংকেতিক ভাষাৰ ভিডিঅ’) টকিং বুক (দৃষ্টিহীনসকলৰ বাবে অডিঅ’ কিতাপ), চিবিএছইৰ বিদ্যালয়ৰ গুণগত মানদণ্ড নিশ্চিতি আৰু মূল্যায়নৰ পদ্ধতি, নিপুণ ভাৰত আৰু বিদ্যাঞ্জলি পৰ্টেলৰ বাবে নিষ্ঠা শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী(বিদ্যালয়ৰ বিকাশৰ বাবে শিক্ষা স্বেচ্ছাসেৱক/দাতা/চিএছআৰ অৱদানকাৰীসকলক সহায় কৰাৰ বাবে) শুভাৰম্ভ কৰিব।

‘শিক্ষক পৰ্ব-২০২১’ৰ বিষয়বস্তু হৈছে ‘মানদণ্ড আৰু বহনক্ষম বিদ্যালয়ঃ ভাৰতৰ বিদ্যালয়সমূহৰ শিক্ষা’। এই অনুষ্ঠানত শিক্ষাৰ প্ৰতিটো স্তৰত উদ্ভাৱনমূলক বিভিন্ন প্ৰচেষ্টাক উৎসাহিত কৰাৰ লগতে শিক্ষাৰ মান উন্নত কৰা, সমন্বিত শিক্ষা আৰু দেশৰ সকলো বিদ্যালয়তে স্থিতিশীল শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হ’ব।

অনুষ্ঠানটোত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰীও উপস্থিত থাকিব।
 

 ****

DS/SH/KG 



(Release ID: 1754270) Visitor Counter : 129