প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্ৰদেশৰ কভিড টীকাকৰণ কাৰ্যক্ৰমত জড়িত স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকলৰ সৈতে ৬ছেপ্টেম্বৰত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 SEP 2021 7:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ ছেপ্টেম্বৰ, ২০২১ৰ পুৱা ১১বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হিমাচল প্ৰদেশৰ ক’ভিড টীকাকাৰণ কাৰ্যক্ৰমত জড়িত স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হ’ব।

উল্লেখ্য যে, হিমাচল প্ৰদেশত টীকাকৰণৰ বাবে যোগ্যতা লাভ কৰা সম্পূৰ্ণ সংখ্যক জনতাই ক’ভিড প্ৰতিষেধকৰ প্ৰথমটো পালি গ্ৰহণ কৰিছে। এই কাৰ্য সম্পন্ন কৰাৰ বাবে ৰাজ্যখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত দুৰ্গম পাৰ্বত্য এলেকালৈ গৈ টীকা প্ৰদান কৰা, আশাকৰ্মীয়ে ঘৰে ঘৰে টীকা প্ৰদান কৰাৰ দৰে কাৰ্যক্ৰমকো সামৰি লোৱা হৈছিল। ৰাজ্যখনত মহিলা, বয়োজ্যেষ্ঠ, দিব্যাংগজন, ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দিন হাজিৰা কৰাসকলক বিশেষ প্ৰথমিকতা প্ৰদান কৰি টীকাকৰণৰ দিহা কৰাৰ বাবে ‘সুৰক্ষা কী যুক্তি-ক’ৰোনা ছে মুক্তি’-ৰ কৰ্মসূচী গ্ৰহণ কৰা হৈছিল। 

অনুষ্ঠানত হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীগৰাকীও উপস্থিত থাকিব।

 

****

DS/AKJ/KB



(Release ID: 1752503) Visitor Counter : 124