প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সোমনাথ, গুজৰাটত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলাৰ স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 20 AUG 2021 2:38PM by PIB Guwahati

জয় সোমনাথ! কাৰ্যক্ৰমত আমাৰ সৈতে জড়িত হৈ থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ লালকৃষ্ণ আদৱানী জী, দেশৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, শ্ৰীপদ নাইক জী, অজয় ভট্ট জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় জী, গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নিতিন ভাই, গুজৰাট চৰকাৰত পৰ্যটন মন্ত্ৰী জৱাহৰ জী, বাসন ভাই, লোকসভাত মোৰ সংগী ৰাজেশভাই ভাই, সোমনাথ মন্দিৰ ট্ৰাষ্টৰ ট্ৰাষ্টী শ্ৰী প্ৰবীণ লাহিৰী জী, সকলো শ্ৰদ্ধালু, দেৱীসকল আৰু ভদ্ৰলোকসকল!

এই পবিত্ৰ উপলক্ষত ভিডিঅ কনফাৰেঞ্চৰ জড়িয়তে সংযুক্ত হৈ আছো, কিন্তু মনৰ পৰা মই নিজে ভগৱান শ্ৰী সোমনাথৰ চৰণতে অনুভৱ কৰি আছো৷  মোৰ সৌভাগ্য যে সোমনাথ মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষৰ ৰূপে মই এই পবিত্ৰ স্থানৰ সেৱাৰ সুযোগ লাভ কৰিছো৷ আজি পুনৰ এবাৰ, আমি সকলোৱে এই পবিত্ৰ তীৰ্থৰ কাৰ্যকলাপৰ সাক্ষী হৈ আছো৷ আজি মই সমুদ্ৰ দৰ্শন পথ, সোমনাথ প্ৰদৰ্শন গেলাৰী আৰু মেৰামতিৰ পিছত নতুন ৰূপত  জুনা সোমনাথ মন্দিৰৰ উদ্বোধনৰ সৌভাগ্য লাভ কৰিছো৷ লগতে আজি পাৰ্বতী মাতাৰ মন্দিৰৰ আধাৰশিলাও স্থাপন হৈছে৷ ইমান পূণ্য সংযোগ, লগতে শাওণ পবিত্ৰ মাহ, মই বিশ্বাসী কৰো, এইটো আমাৰ সকলোৰে বাবে ভগৱান সোমনাথ জীৰ আশীৰ্বাদৰে ফল৷ মই এই উপলক্ষে আপোনালোক সকলোকে, ট্ৰাষ্টৰ সকলো সদস্যকে আৰু দেশ বিদেশৰ ভগৱান সোমনাথক কোটি কোটি ভক্তক অভিনন্দন জ্ঞাপন কৰিছো৷ বিশেষকৈ, আজি মই লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেল জীৰ চৰণত সেৱা জনাওঁ যিয়ে ভাৰতৰ প্ৰাচীন গৌৰৱক পুনৰউজ্জীৱিত কৰাৰ ইচ্ছাশক্তি প্ৰদৰ্শন কৰিছিল৷ চৰ্দাৰ চাহাব, সোমনাথ মন্দিৰক স্বাধীন ভাৰতৰ স্বাধীন ভাৱৰ সৈতে জড়িত বুলি বিশ্বাস কৰিছিল৷ এইটো আমাৰ সৌভাগ্য যে স্বাধীনতাৰ ৭৫তম বছৰত স্বাধীনতাৰ অমৃত মহোৎসৱত আমি চৰ্দাৰ চাহাবৰ প্ৰয়াসক আগৱঢ়াই লৈ গৈ আছো, সোমনাথ মন্দিৰক নতুন গাম্ভীৰ্য্যতা প্ৰদান কৰি আছো৷ আজি মই, লোকমাতা অহিল্যাবাই হোলকাৰকো প্ৰণাম কৰিছো যিয়ে বিশ্বনাথৰ পৰা আদি কৰি সোমনাথলৈ, কিমান যে মন্দিৰক মেৰামতি কৰিছিল৷ প্ৰাচীনতা আৰু আধুনিকতাৰ যি সংগম তেওঁৰ জীৱনত আছিল, আজি দেশে তাকে আদৰ্শ মানি আগবাঢ়ি আছে৷

বন্ধুসকল,

Statue of unity ৰ পৰা কচ্ছৰ কায়াকল্পলৈ, পৰ্যটনৰ সৈতে যেতিয়া আধুনিকতা জড়িত হয়, গুজৰাটে সেয়া ওচৰৰ পৰা দেখিছে৷ এয়া সকলো সময়ৰে দাবী আছিলে যাতে আমি ধাৰ্মিক পৰ্যটনৰ দিশতো নতুন সম্ভাৱণাসমূহ বিচাৰ কৰা উচিত, স্থানীয় অৰ্থনীতিৰ সৈতে তীৰ্থ যাত্ৰাবোৰৰ যি সম্পৰ্ক, সেইটো মজবুত কৰো৷ যেনে, সোমনাথ মন্দিৰত এতিয়ালৈ সমগ্ৰ দেশ আৰু বিশ্বৰ পৰা শ্ৰদ্ধালু দৰ্শনৰ বাবে আহে৷ কিন্তু এতিয়া ইয়াত সমুদ্ৰ দৰ্শন পথ, প্ৰদৰ্শনী, pilgrim plaza আৰু shopping complex ও পৰ্যটকক আকৰ্ষিত কৰিব৷ এতিয়া ইয়াত অহা শ্ৰদ্ধালুসকলে জুনা সোমনাথ মন্দিৰৰ আকৰ্ষণীয় স্বৰূপৰো দৰ্শন কৰিব, নতুন পাৰ্বতী মন্দিৰৰো দৰ্শন কৰিব৷ ইয়াৰ মাধ্যমেৰে, ইয়াত নতুন সুযোগ আৰু নতুন কৰ্মসংস্থাপনৰো সৃষ্টি হ’ব আৰু স্থানৰো ঐশ্বৰিকত্বও বৃদ্ধি পাব৷সেয়াই নহয়, প্ৰোমনেডৰ দৰে নিৰ্মাণৰ ফলত সমুদ্ৰৰ পাৰত থকা আমাৰ মন্দিৰৰ সুৰক্ষাও বৃদ্ধি পাব৷ আজি ইয়াত সোমনাথ exhibition gallery ৰো আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াৰ পৰা আমাৰ যুৱকসকলে, আহিবলগীয়া প্ৰজন্মক এই ইতিহাসৰ সৈতে জড়িত হোৱাৰ, আমাৰ আস্থাক তাৰ একেবাৰে প্ৰাচীন স্বৰূপত দেখাৰ, তাক বুজাৰো এক সুযোগো লাভ কৰিব৷

বন্ধুসকল,

সোমনাথটো শতাব্দীৰে পৰা সদাশিৱৰ ভূমি৷ আৰু, আমাক শাস্ত্ৰত কোৱা হৈছে-

"শঃ কৰৌতি সঃ শংকৰঃ"।

অৰ্থাৎ, যিয়ে কল্যানৰ বাবে, যিয়ে সিদ্ধিৰ বাবে দান কৰে তেওঁ শিৱ৷ সেয়া শিৱই, যি বিনাশতো বিকাশৰ বীজ অংকুৰিত কৰে, ধ্বংসতো সৃষ্টিৰ জন্ম দিয়ে৷ সেয়েহে, শিৱ অবিনশ্বৰ, অব্যক্ত, আৰু শি অনাদি, আৰু সেয়েইতো শিৱক অনাদি যোগী কোৱা হয়৷ সেয়েহে, শিৱত আমাৰ আস্থাই আমাক সময়ৰ সীমাসমূহৰ অতিক্ৰমী আমাৰ অস্তিত্বৰ বোধ কৰাই, আমাক সময়ৰ প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজাৰ সাহস দিয়ে৷ আৰু, সোমনাথৰ এই মন্দিৰ আমাৰ এই আত্মবিশ্বাসৰ এক প্ৰেৰণা স্থল৷

বন্ধুসকল,

এতিয়া বিশ্বত যিকোনো ব্যক্তিয়ে এই গাম্ভীৰ্য্যপূৰ্ণ বিশাল গাঁঠনি দেখা পাই তেতিয়া তেওঁ কেৱল এক মন্দিৰে দেখা নাপাই, তেওঁ এক এনে অস্তিত্ব দেখা পাই যি বহু হাজাৰ বছৰ আগৰে পৰা প্ৰেৰণা দি আছে, যি মানৱতাৰ মূল্যসমূহৰ ঘোষণা কৰে৷ এক এনে স্থল যিটো হাজাৰ বছৰ আগতে আামাৰ ঋষিসকলৰ প্ৰভাস ক্ষেত্ৰ, মানে প্ৰকাশৰ, জ্ঞানৰ ক্ষেত্ৰ বনাইছিল, আৰু যিয়ে আজিও সমগ্ৰ বিশ্বৰ সন্মুখত আহ্বান কৰি আছে যে- সত্যক অসত্যৰে হৰুৱাব নোৱাৰি৷ আস্থাক সন্ত্ৰাসৰ দ্বাৰা ধ্বংস কৰিব নোৱাৰি৷ এই মন্দিৰৰ হেজাৰ বছৰৰ ইতিহাসত কিমান বাৰ যে ভাগা হৈছে, মানে মূৰ্তিসমূহ ভাঙা হৈছিল, তাৰ অস্তিত্ব নাইকিয়া কৰাৰ সকলো চেষ্টা কৰা হৈছিল৷ কিন্তু ইয়াক যিমানবাৰে ভাঙা হৈছিল, সি সিমান বাৰেই থিয় দি উঠিছিল৷ সেয়েহে, ভগৱান সোমনাথ মন্দিৰ আজি ভাৰততে নহয়, সমগ্ৰ বিশ্বতৰ বাবে এক বিশ্বাসী আৰু এক আশ্বাসো৷ যি ধ্বংসকাৰী শক্তি আছিল, যিয়ে সন্ত্ৰাসবাদৰ সহায়ত সাম্ৰাজ্য থিয় কৰিব বিচাৰা চিন্তা, সেয়া কোনো সময়ত কিছুসময়ৰ বাবে অধিপত্য বিস্তাৰ কৰিব পাৰে কিন্তু, তাৰ অস্তিত্ব কেতিয়াও স্থায়ী নহয়, সেইবোৰে বেছিদিনলৈ মানৱতা দমন কৰি ৰাখিব নোৱাৰে৷ এই কথাটো যিমান তেতিয়া প্ৰযোজ্য আছিল যেতিয়া কিছু সন্ত্ৰাসবাদীয়ে সোমনাথ মন্দিৰ ভাঙি আছিল, সিমানে প্ৰযোজ্য আজিও, যেতিয়া বিশ্ব এনে বিচাৰধাৰৰ পৰা শংকিত৷

বন্ধুসকল,

আমি সকলোৱে জানো, সোমনাথ মন্দিৰৰ পুনৰনিৰ্মাণৰ পৰা গাম্ভীৰ্য্যপূৰ্ণ বিকাশৰ এই যাত্ৰা কেৱল কিছু বছৰৰ বা কিছু দশকৰ পৰিণাম নহয়৷ এয়া শতাব্দীৰ দৃঢ় ইচ্ছাশক্তি আৰু আদৰ্শৰ ধাৰাবাহিকতাৰ ফল৷ ৰাজেন্দ্ৰ প্ৰসাদ জী, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু কে. এম. মুশীৰ দৰে মহানুভৱসকলে এই অভিয়ানৰ বাবে স্বাধীনতাৰ পিছতো সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু অৱশেষত ১৯৫০ ত সোমনাথ মন্দিৰ আধুনিক ভাৰতৰ ঐশ্বৰিক স্তম্ভৰ ৰূপত প্ৰতিস্থিত হ’ল৷ সমস্যাসমূহৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ প্ৰতিশ্ৰুতিৰ সৈতে আজি দেশ আৰু আগবাঢ়ি আছে৷ এতিয়া ৰাম মন্দিৰৰ ৰূপত নতুন ভাৰতৰ গৌৰৱ এক আলোকিত স্তম্ভও নিৰ্মাণ হৈ আছে৷

বন্ধুসকল,

বৰ্তমানক শুধৰাই, এক নতুন ভৱিষ্যত গঢ়াৰ বাবে আমাৰ চিন্তা হোৱা উচিত৷ সেয়েহে, যেতিয়া মই ‘ভাৰত জড়ো আন্দোলন’ ৰ কথা কওঁ তেতিয়া তাৰ অৰ্থ কেৱল ভৌগলিক বা আদৰ্শগত বিষয়ৰ মাজতে সীমাবদ্ধ নহয়৷ এয়া ভৱিষ্যতৰ ভাৰত নিৰ্মাণৰ বাব আমি আমাৰ অতীতক জড়িত কৰাৰো এটা সংকল্প৷ এই আত্মবিশ্বাসৰ ভিত্তিতে আমি অতীতৰ ধ্বংসাৱশেষত আধুনিক গৌৰৱৰ নিৰ্মাণ কৰিছো, অতীতক প্ৰেৰণাৰে প্ৰতিপালিত কৰিছো৷ যেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ জী সোমনাথত আহিছিল, তেতিয়া তেওঁ যি কৈছিল, সেয়া আমি সদায় মনত ৰখা উচিত৷ তেওঁ কৈছিল- ''বন্ধুসকল প্ৰথমে, ভাৰত সোণ আৰু ৰুপৰ ভাণ্ডাৰ আছিল৷ বিশ্বৰ তেতিয়া সকলোতকৈ ডাঙৰ সোণৰ অংশ তেতিয়া মন্দিৰবোৰতে আছিল৷ মোৰ দৃষ্টিত সোমনাথৰ পুনৰনিৰ্মাণ তেতিয়া সম্পূৰ্ণ হ’ব যেতিয়া তাৰ ভেটিত বিশাল মন্দিৰৰ লগতে সমৃদ্ধ আৰু সম্পন্ন ভাৰতৰ গাম্ভীৰ্য্যপূৰ্ণ ভৱনৰো প্ৰস্তুত হৈছে! সমৃদ্ধ ভাৰতৰ সেই ভৱন, যাৰ প্ৰতীক সোমনাথ মন্দিৰ হ’ব'' আমাৰ প্ৰথম ৰাষ্ট্ৰপতি ডা ৰাজেন্দ্ৰ জীৰো এইটো সপোন, আমাৰ সকলোৰে বাবে বহুত ডাঙৰ প্ৰেৰণা৷

বন্ধুসকল,

আমাৰ বাবে ইতিহাস আৰু আস্থাৰ মূলভাৱ হ’ল-

'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসী, আৰু সবকা প্ৰয়াস'

আমাৰ ইয়াত প্ৰতিষ্ঠিত যি দ্বাদশ জ্যোতিৰ্লিংগৰ স্থাপন কৰা হৈছে, তাৰ আৰম্ভণি 'সৌৰাষ্ট্ৰ সোমনাথম্' ৰ সৈতে সোমনাথ মন্দিৰৰ পৰাই হয়৷ পশ্চিমত সোমনাথ আৰু নাগেশ্বৰৰ পৰা লৈ পূৱত বৈদ্যনাথ, উত্তৰত বাবা কেদাৰনাথৰ পৰা লৈ দক্ষিণত ভাৰতৰ অন্তিম প্ৰান্তত থকা শ্ৰী ৰামেশ্বৰ লৈ, এই ১২ জ্যোতিৰ্লিংগ সমগ্ৰ ভাৰতক সংযুক্ত কৰাৰ কাম কৰে৷ তেনেদৰে, আমাৰ চাৰিধামৰ ব্যৱস্থা, আমাৰ ৫৬ শক্তিপীঠসমূহৰ ধাৰণা, আমাৰ বেলেগ বেলেগ প্ৰান্তত বেলেগ-বেলেগ তীৰ্থৰ স্থাপনা, আমাৰ আস্থাৰ এই ৰূপৰেখা বাস্তৱত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' ৰ ভাৱনাৰে অভিব্যক্তি৷ বিশ্বক শতাব্দীৰে পৰা আশ্বৰ্য্য হৈ আহিছে যে ইমান ভিন্নতাৰে পৰিপূৰ্ণ ভাৰত কিদৰে এক আছে, আমি একগোট হৈ কিদৰে আছো? কিন্তু আপুনি যেতিয়া পূৱৰ পৰা হাজাৰ কিমি খোজকাঢ়ি পূৱৰ পৰা পশ্চিম সোমনাথ দৰ্শন কৰা শ্ৰদ্ধালুসকলক দেখা পাই, বা দক্ষিণ ভাৰতৰ হাজাৰ হাজাৰ ভক্তই কাশীৰ মাটি মুৰত লোৱা দেখা পাই, তেতিয়া আপোনাৰ এইটো অনুভৱ হৈ যায় যে ভাৰতৰ শক্তি কি৷ আমি এজনে আনজনৰ ভাষা বুজি নাপাব পাৰো, বেশভূষাও পৃথক হয়, খোৱা-বোৱাৰ অভ্যাসো পৃথক হয়, কিন্তু আমি অনুভৱ কৰো যে আমি এক৷ আমাৰ এই আধ্যাত্মিকতাই শতাব্দীৰে পৰা ভাৰতক একতাৰ সুত্ৰত একত্ৰিত কৰাত, পাৰস্পৰিক সংলাপ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আৰু আমাৰ সকলোৰে দ্বায়ীত্ব আছে, ইয়াৰ অবিৰতভাৱে শক্তিশালী কৰি থকাত৷

বন্ধুসকল,

আজি সমগ্ৰ বিশ্ব ভাৰতৰ যোগ, দৰেশন, আধ্যাত্ম আৰু সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছে৷ আমাৰ নতুন প্ৰজন্মৰ মাজতো এতিয়া নিজৰ ভেটিৰ সৈতে সম্পৰ্কিত হৈ থকাৰ নতুন জাগৰণ আহিছে৷ সেয়েহে, আমাৰ পৰ্যটন আৰু আধ্যাত্মিক পৰ্যটনৰ ক্ষেত্ৰত এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্ভাৱণা আছে৷ এই সম্ভাৱণাসমূহক আকাৰ দিবলৈ দেশে এতিয়া আধুনিক আন্তঃগাঠনি প্ৰস্তুত কৰিছে, প্ৰাচীন গৌৰৱ পুনৰউজ্জীৱিত কৰি আছে৷ ৰামায়ণ চাৰ্কিটৰ উদাহৰণ আমাৰ সন্মুখত আছে, এতিয়া দেশ বিশ্বৰ কিমান যে ৰামভক্তই ৰামায়ণ চাৰ্কিটৰ জড়িয়তে ভগৱান ৰামৰ জীৱনৰ সৈতে জড়িত নতুন নতুন স্থান সম্পৰ্কে তথ্য পাই আছে৷ ভগৱান ৰাম কিদৰে সমগ্ৰ ভাৰতৰ ৰাম, সেই স্তানবোৰত গৈ আমাৰ আজি এই অনুভৱ কৰাৰ সুযোগ লাভ কৰিছো৷ তেনেদৰে, বৌদ্ধ চাৰ্কিট সমগ্ৰ বিশ্বৰ বৌদ্ধধৰ্ম অনুসৰণকাৰীৰ ভাৰতত অহাৰ, পৰিদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰিছে৷ এতিয়া এই দিশত কামবোৰ দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা হৈছে৷ তেনেদৰেই, আমাৰ পৰ্যটন মন্ত্ৰালয় 'স্বদেশ দৰ্শন স্কিম' ৰ অধীনত ১৫ টা ভিন্ন ভিন্ন থিমত পৰ্যটন চাৰ্কিত বিকশিত কৰি আছে৷ এই চাৰ্কিটবোৰৰ পৰা দেশৰ বহুতো উপেক্ষিত অঞ্চলতো পৰ্যটন আৰু বিকাশৰ সুযোগ সৃষ্টি হ’ব৷

বন্ধুসকল,

আমাৰ পূৰ্বপুৰুষসকলৰ দূৰদৃষ্টি ইমান আছিলে যে তেওঁলোকে দূৰ-সুদূৰ ক্ষেত্ৰসমূহো আমাৰ আস্থাৰ সৈতে জড়িত কৰাৰ কাম কৰিছিলো, তেওঁলোকক নিজস্বতাৰ অনুভৱ কৰালে৷ কিন্তু দূৰ্ভাগ্যবশতঃ আমি যেতিয়া সক্ষম হ’লো, যেতিয়া আমাৰ ওচৰত আধুনিক টেকনিক আৰু যন্ত্ৰ আহিল তেতিয়া আমি এই অঞ্চলসমূহক দুৰ্গম ভাবি সেইবোৰ এৰি দিলো৷ আমাৰ পাৰ্বত্য অঞ্চল ইয়াৰ বহুত ডাঙৰ উদাহৰণ৷ কিন্তু এতিয়া দেশে এই পবিত্ৰ তীৰ্থসমূহৰ দূৰত্বও কম কৰি আছে৷ বৈষ্ণৱ দেৱী মন্দিৰৰ আশেপাশে বিকাশে হওঁক বা পূৰ্বোত্তৰলৈ যোৱা উচ্চপ্ৰযুক্তিসম্পন্ন আন্তঃগাঠনি হওঁক, আজি দেশত আপোনজনৰ মাজত দূৰত্ব কমি আহিছে৷ এইদৰে, ২০১৪ ত দেশে এই দৰেই তীৰ্থস্থানসমূহৰ বিকাশৰ বাবে 'প্ৰসাদ স্কিম' ৰ ঘোষণা কৰিছিল৷ এই আচঁনিৰ অধীনত দেশত প্ৰায় ৪০ খন ডাঙৰ তীৰ্থস্থানক বিকশিত কৰা হৈ আছে, যাৰ মাজৰ ১৫ টা প্ৰকল্পৰ কাম সম্পূৰ্ণও হৈছে৷ গুজৰাটতো প্ৰায় ১০০ কোটিৰ অধিক ৩ টা প্ৰকল্পত প্ৰসাদ যোজনাৰ অধীনত কাম চলি আছে৷ গুজৰাটত সোমনাথ আৰু অন্যান্য পৰ্যটন ক্ষেত্ৰ আৰু চহৰসমূহকো নিজৰ মাজত সংযুক্ত কৰাৰ বাবে সংযোগৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এইটো প্ৰচেষ্টা কৰা হৈছে যে যেতিয়া পৰ্যটকে এটা ঠাই দৰ্শনৰ বাবে আহে তেতিয়া অন্যান্য পৰ্যটন ক্ষেত্ৰসমূহলৈও যাওঁক৷ এই দৰে, সমগ্ৰ দেশতে ১৯ টা আইকনিক পৰ্যটন গন্তব্যস্থলৰ চিনাক্ত কৰি আজি সেইবোৰ বিকশিত কৰি থকা হৈছে৷ এইসকলো প্ৰকল্প আমাৰ পৰ্যটন উদ্যোগক আহিবলগীয়া সময়ত নতুন শক্তি প্ৰদান কৰিব৷

বন্ধুসকল,

পৰ্যটনৰ জড়িয়তে আজি দেশে না কেৱল সাধাৰণ মানুহক সংযুক্ত কৰা হৈছে, আনকি নিজেও আগবাঢ়ি গৈ আছে৷ ইয়াৰে পৰিণাম হ’ল যে ২০১৩ ত দেশ Travel & Tourism Competitiveness Index ত যত ৬৫ তম স্থানত আছিল, সেয়া ২০১৯ ত ৩৪ তম স্থানলৈ আহি গ’ল৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যটনক উদগণি জগোৱাৰ বাবে দেশে এই ৭ বছৰত বহুতো নীতিগত সিদ্ধান্তও লৈছে, যাৰ লাভ দেশে আজি পাই আছে৷ দেশে e-Visa regime, visa on arrival ৰ দৰে ব্যৱস্থাসমূহক আগবঢ়ালে, visa ৰ মাচুলো কম কৰিলে৷ এইদৰে, পৰ্যটন ক্ষেত্ৰত hospitality ৰ বাবে প্ৰযোজ্য জিএছটি ও হ্ৰাস কৰা হৈছে৷ ইয়াৰ বাবে tourism sector ৰ বহুতো লাভ হ’ব আৰু ক’ভিডৰ প্ৰভাৱৰ পৰা পুনৰুদ্ধাৰত সহায় পাব৷ বহুতো সিদ্ধান্তই পৰ্যটকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিও কৰা হৈছে৷ যেনে বহুতো পৰ্যটক যেতিয়া আহে তেতিয়া তেওঁলোকৰ উৎসাহ adventure ক লৈও থাকে৷ ইয়াক ধ্যানত ৰাখি দেশে ১২০ পৰ্বত শৃংগও ট্ৰেকিংৰ বাবে খুলি দিছে৷ পৰ্যটকসকলৰ নতুন ঠাইত অসুবিধা নহওঁক, নতুন ঠাইৰ সম্পূৰ্ণ তথ্য লাভ কৰক তাৰ বাবেও কাৰ্যক্ৰম আযোজন কৰি গাইডসকলক প্ৰশিক্ষণ দি থকা হৈছে৷ ইয়াৰ ফলত বহু পৰিমাণে কৰ্মসংস্থাপণৰ সুযোগো তৈয়াৰ হৈ আছে৷

বন্ধুসকল,

আমাৰ দেশৰ পৰম্পৰাই আমাক কঠিন সময়ৰ পৰা ওলাই আহিব, কষ্টসমূহ পাহৰি আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে৷ আমি দেখিছোও, কৰোনাৰ এই সময়ত পৰ্যটন লোকসকলৰ মাজত আশাৰ কিৰণ৷ সেইবাবে, আমি আমাৰ নিজৰ পৰ্যটনৰ স্বভাৱ আৰু সংস্কৃতিক অবিৰতভাৱে প্ৰসাৰিত কৰিব লাগে, আগুৱাই যাব লাগে, আৰু নিজেও আগবাঢ়ি যাব লাগে৷ কিন্তু লগতে আমি এইটোও ধ্যান ৰখা উচিত যে আমি প্ৰয়োজনীয় সতৰ্কতাসমূহ, প্ৰয়োজনীয় সুৰক্ষাসমূহৰ সম্পূৰ্ণ যত্ন লওঁ৷ মোৰ বিশ্বাসী আছে, এই চিন্তাৰে সৈতে দেশ আগবাড়ি যাব, আৰু আমাৰ পৰম্পৰাসমূহ, আমাৰ গৌৰৱ আধুনিক ভাৰত নিৰ্মাণত আমাক পথ প্ৰদৰ্শন কৰি থাকিব৷ ভগৱান সোমনাথৰ আমাৰ ওপৰত আশীৰ্বাদ সৰ্বদা থাকক, দুখীয়াৰ পৰা দুখীয়াৰ কল্যাণৰ কৰাৰ বাবে নতুন-নতুন ক্ষমতা, নতুন-নতুন শক্তি আমাৰ মাজত লাভ কৰি থাকো যাতে সকলোৰে কল্যাণৰ পথত আমি সমৰ্পিত ভাৱে সেৱা কৰাৰ মাধ্যমৰ পৰা জনসাধাৰণৰ জীৱনত পৰিবৰ্তন আনিব পাৰো, এইবোৰ শুভকামনাৰ সৈতে, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!! জয় সোমনাথ!!

****

DS/VJ/MANN


(Release ID: 1750454) Visitor Counter : 201