প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী কল্যাণ সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 21 AUG 2021 10:25PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, ৰাজ্যপাল তথা জ্যেষ্ঠ নেতা শ্ৰী কল্যাণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“মই কিমান দুখ পাইছো তাক ভাষাৰে বৰ্ণাব নোৱাৰো। কল্যাণ সিং জী...দেশপ্ৰেমিক, প্ৰবীণ প্ৰশাসক, তৃণমূল পৰ্যায়ৰ নেতা আৰু এগৰাকী মহান মানৱ আছিল। উত্তৰ প্ৰদেশৰ উন্নয়ণৰ বাবে তেখেতে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ পুত্ৰ শ্ৰী ৰাজবীৰ সিঙৰ সৈতে কথা পাতিছো আৰু তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি!

ভাৰতৰ সাংস্কৃতিক পুনৰজাগৰণৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদানসমূহৰ বাবে আগন্তুক প্ৰজন্মসমূহ কল্যাণ সিং জীৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিব। ভাৰতীয় প্ৰমূল্যবোধৰ সৈতে তেখেত ওতঃপ্ৰোত ভাবে জড়িত হৈ থকাৰ লগতে আমাৰ বহু শতাব্দী পুৰণি পৰম্পৰাসমূহক লৈ গৌৰৱবোধ কৰি আহিছিল।

সমাজৰ বঞ্চিত শ্ৰেণীৰ কোটি কোটি জনতাৰ মুখত বাণী দিয়াত সফল হৈছিল কল্যাণ সিং জী। তেখেতে কৃষকসকলৰ লগতে যুৱ-প্ৰজন্ম আৰু মহিলাসকলৰ সবলীকৰণৰ বাবেও অসংখ্য প্ৰয়াস কৰিছিল”।

 


****


DS/SH/KB



(Release ID: 1748153) Visitor Counter : 137