প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহিলা হকী দলে মনৰ জোৰ লৈ খেলিছে আৰু দুর্দান্ত দক্ষতা প্ৰদৰ্শন কৰিছেঃ প্রধানমন্ত্রী

Posted On: 04 AUG 2021 5:51PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে টকিঅ’ অলিম্পিকত আমাৰ মহিলা হকী দলে আজি আৰু পূৰ্বৰ খেলসমূহত মনৰ জোৰ আৰু দুর্দান্ত দক্ষতাৰ পৰিচয় দিছে। তেওঁ লগতে কয় যে ভাৰতীয় মহিলা হকী দলৰ বাবে তেওঁ গৌৰৱবোধ কৰে৷ ভৱিষ্যতৰ প্রচেষ্টাৰ বাবে দলটোক শুভকামনা জনাইছো৷

টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, "টকিঅ’-২০২০ত আমাৰ স্মৰণীয় মুহুৰ্তৰ ভিতৰত অন্যতম হ’ল আমাৰ হকী দলৰ অসাধাৰণ প্ৰদৰ্শন।
আজি আৰু পূৰ্বৰ খেলসমূহত আমাৰ মহিলা হকী দলে মনৰ জোৰ লৈ খেলিছে আৰু দুর্দান্ত দক্ষতা প্ৰদৰ্শন কৰিছে৷ দলটোক লৈ মই গৌৰৱবোধ কৰিছো৷ আগন্তুক খেল আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।"

***

DS/SH/DB



(Release ID: 1746295) Visitor Counter : 149