ৰাষ্ট্ৰপতি সচিবালয়

৭৫তম স্বাধীনতা দিৱসৰ প্ৰাক্-সন্ধ্যাত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণ

Posted On: 14 AUG 2021 7:44PM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল,

নমস্কাৰ !

দেশ-বিদেশত বসবাস কৰা সকলো ভাৰতীয়ক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা যাঁচিলো ৷ এই দিনটো আমাৰ সকলোৰে বাবে অত্যন্ত উল্লাসৰ দিন ৷ চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ বিশেষ গুৰুত্ব এয়াই যে এই বৰ্ষটোত আমি আমাৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছো ৷ এই ঐতিহাসিক ক্ষণটোত আপোনালোক সকলোলৈ জনাইছো অশেষ শুভেচ্ছা ৷

 

 স্বাধীনতা দিৱস আমাৰ বাবে পৰাধীনতাৰ পৰা মুক্তিৰ উৎসৱ ৷ বহু প্ৰজন্মৰ জ্ঞাত তথা অজ্ঞাত স্বতন্ত্ৰতা সেনানীৰ সংঘৰ্ষৰ জৰিয়তে আমাৰ স্বাধীনতাৰ সপোন বাস্তৱায়িত হৈছিল ৷ তেওঁলোক আটাইয়ে ত্যাগ আৰু বলিদানৰ অপূৰ্ব উদাহৰণ দাঙি ধৰিছিল ৷ তেওঁলোকৰ শৌৰ্য আৰু পৰাক্ৰমৰ ফলতেই  আজি  আমি স্বাধীনতাৰ উশাহ ল’ব পাৰিছো ৷ মই সেই সকলো অমৰ সেনানীৰ পৱিত্ৰ স্মৃতিক শ্ৰদ্ধাৰে সুৱৰিছো ৷

 

অনেক দেশৰ দৰে আমাৰ দেশেও বিদেশী শাসকৰ অধীনত বহু অন্যায় আৰু অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল ৷ কিন্তু ভাৰতৰ বিশেষত্ব এয়াই  যে গান্ধীজীৰ নেতৃত্বত আমাৰ স্বাধীনতা আন্দোলন সত্য আৰু অহিংসাৰ সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত আছিল ৷ তেওঁ তথা অন্য সকলো ৰাষ্ট্ৰ নায়কে ভাৰতক ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাৰ পথ প্ৰদৰ্শিত কৰিছিল, লগতে ৰাষ্ট্ৰৰ পুনৰ্নিমাণৰ ৰূপৰেখাও প্ৰস্তুত কৰিছিল ৷ তেওঁ ভাৰতীয় জীৱন-মূল্য আৰু মানৱীয় গৰিমা পুনঃস্থাপিত কৰাৰ বাবে ভৰপূৰ প্ৰয়াস কৰিছিল ৷

 

আমাৰ গণতন্ত্ৰৰ বিগত ৭৫ বছৰীয়া পৰিক্ৰমাত যেতিয়া আমি চকু ফুৰাও তেতিয়া আমাৰ এয়া গৰ্ব হয় যে আমি প্ৰগতিৰ এক দীঘলীয়া পথ অতিক্ৰম কৰিছো ৷ গান্ধীজীয়ে আমাক এয়া শিকাইছে যে ভুল দিশত দ্ৰুত গতিত আগবঢ়াতকৈ শুদ্ধ দিশত ধীৰে আগবঢ়াটো অধিক ভাল ৷ অনেক পৰম্পৰাৰে সমৃদ্ধ ভাৰতৰ সবাতোকৈ বৃহৎ আৰু জীৱন্ত গণতন্ত্ৰৰ অদভূত সাফল্য বিশ্ববাসীয়ে সন্মানেৰে প্ৰত্যক্ষ কৰে ৷

 

মৰমৰ দেশবাসীসকল,

 

 শেহতীয়াকৈ অনুষ্ঠিত হোৱা টকিঅ’ অলিম্পিকত আমাৰ খেলুৱৈসকলে অভাৱনীয় প্ৰদৰ্শনেৰে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে ৷  ভাৰতে অলিম্পিকৰ খেলত অংশগ্ৰহণেৰে বিগত ১২১ বছৰত সবাতোকৈ অধিক পদক জয়েৰে ইতিহাস ৰচনা কৰিছে ৷ আমাৰ কন্যাসকলে অনেক বাধা অতিক্ৰম কৰি খেল পথাৰত বিশ্বস্তৰীয় উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে ৷ ক্ৰীড়াৰ লগতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ আৰু সফলতাত যুগান্তকাৰী পৰিৱৰ্তন হ’বলৈ ধৰিছে ৷ উচ্চ শিক্ষণ প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি সশস্ত্ৰ বাহিনীলৈ, প্ৰয়োগশালাৰ পৰা আৰম্ভ কৰি খেল পথাৰলৈ সকলোতে আমাৰ কন্যাসকলে নিজৰ এক অনন্য পৰিচয় দাঙি ধৰিছে ৷ কন্যাসকলৰ এই সাফল্যত মই ভৱিষ্যতৰ বিকশিত ভাৰতৰ এক প্ৰতিচ্ছবি দেখিবলৈ পাইছো ৷ মই প্ৰতিগৰাকী অভিভাৱককে আহ্বান জনাইছো যে এনে প্ৰতিভাৱান কন্যাৰ পৰিয়ালৰ পৰা শিক্ষা গ্ৰহণ কৰক আৰু নিজৰ কন্যাসকলকো আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰক ৷

 

 যোৱা বৰ্ষৰ দৰে মহামাৰীৰ ফলত এই বৰ্ষৰো স্বতন্ত্ৰতা দিৱস ধুমধামেৰে পালন কৰা নহ’ব। কিন্তু আমাৰ হৃদয়ত এক ভৰপূৰ উৎসাহে চানি ধৰিছে ৷ যদিও মহামাৰীৰ তীব্ৰতা হ্ৰাস পাইছে, তথাপিও ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ এতিয়াও সমাপ্ত হোৱা নাই ৷ এই বৰ্ষত অহা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ বিনাশকাৰী প্ৰভাৱৰ পৰা আমি এতিয়াও মুক্ত হ’ব পৰা নাই ৷ যোৱাটো বৰ্ষত আমাৰ জনসাধাৰণৰ অসাধাৰণ প্ৰয়াসৰ ফলত সংক্ৰমণৰ প্ৰসাৰণৰ ওপৰত আমি নিয়ন্ত্ৰণ লাভ কৰাত সফল হৈছিলো ৷ আমাৰ বৈজ্ঞানিকসকলে অতিশয় কম সময়ত প্ৰতিষেধক প্ৰস্তুত কৰাৰ কঠিন কাম সম্পন্ন কৰিছিল ৷ সেইবাবে চলিত বৰ্ষৰ আৰম্ভণিতে আমি সকলো আশাবাদী আছিলো কিয়নো আমি ইতিহাসৰ সবাতোকৈ বৃহৎ প্ৰতিষেধক অভিযান আৰম্ভ কৰিছিলো ৷ তথাপিও, ক’ৰোনা ভাইৰাছৰ নতুন ৰূপ আৰু অন্য অপ্ৰত্যাশিত কাৰণৰ পৰিণামস্বৰূপে আমি দ্বিতীয়টো ঢৌৰ ভয়াৱহ প্ৰকোপৰ সন্মুখীন হ’বলগীয়া হ’লো ৷ দ্বিতীয়টো ঢৌত বহুলোকৰ প্ৰাণ আমি ৰক্ষা কৰিব নোৱাৰিলো আৰু বহুলোকে ভীষণ কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল, এই কথাত মই ভীষণ দুখ অনুভৱ কৰিছো ৷ এয়া আছিল অভূতপূৰ্ব সংকটৰ সময় ৷ মই সমগ্ৰ দেশবাসীৰ তৰফৰ পৰা আপোনালোক সকলো পীড়িত পৰিয়ালৰ দুখত সমভাগী হৈছো ৷

 

এই ভাইৰাছ এক অদৃশ্য তথা শক্তিশালী শত্ৰু যাৰ সৈতে বিজ্ঞানৰ দ্বাৰাহে সন্মুখীন হ’ব পাৰি ৷ আমি এইটো কথাত সন্তোষ লাভ কৰিছো যে এই মহামাৰীৰ ফলত যিমান লোকৰ মৃত্যু হৈছে, তাতোকৈ অধিক লোকৰ জীৱন ৰক্ষা হৈছে ৷ পুনৰবাৰ আমি আমাৰ সামূহিক সংকল্পৰ ফলত দ্বিতীয়টো ঢৌত ভাইৰাছৰ প্ৰকোপ দুৰ্বল হোৱা দেখা পাইছো ৷ এই ধৰণৰ বিপদাশংকাৰ সৈতে আমাৰ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী, প্ৰশাসক আৰু অন্য ক’ৰোনা যোদ্ধাৰ প্ৰয়াসৰ ফলত ক’ৰোনাৰ দ্বিতীয়টো ঢৌত নিয়ন্ত্ৰণ সম্ভৱ হৈছে ৷

 

 ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ পৰা আমাৰ ৰাজহুৱা স্বাস্থ্য সেৱাৰ বুনিয়াদী আন্তঃগাঁথনিয়ে বৃহৎ চাপৰ সন্মুখীন হৈছে ৷ সঁচা কথা এয়াই যে বিকশিত অৰ্থব্যৱস্থাৰ যিকোনো দেশৰ বুনিয়াদী আন্তঃগাঁথনি এই বৃহৎ সংকটৰ সন্মুখীন সফলতাৰে হ’ব পৰা নাই ৷ আমি স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ বাবে যুদ্ধকালীন গতি প্ৰয়াস কৰিছো ৷ দেশৰ নেতৃবৰ্গই এই প্ৰত্যাহ্বানৰ দৃঢ়তাৰে সন্মুখীন হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াসৰ লগতে ৰাজ্য চৰকাৰ, ব্যক্তিগত খণ্ডৰ স্বাস্থ্য সুবিধা, বেচৰকাৰী সংগঠন তথা অন্যান্য সংস্থাই সক্ৰিয় অংশগ্ৰহণ কৰিছে ৷ এই অসাধাৰণ অভিযানত বহুতো দেশে উদাৰতাৰে অনিবাৰ্য সামগ্ৰী এনেদৰে যোগান ধৰিছে যিদৰে ভাৰতে বহুতো দেশক ঔষধ, উপকৰণ আৰু প্ৰতিষেধকৰ যোগান ধৰিছিল ৷ এই সাহায্যৰ বাবে মই বিশ্ব সম্প্ৰদায়ৰ সন্মুখত কৃতজ্ঞতা প্ৰকাশ কৰিছো ৷

 

এই আটাইবোৰ প্ৰয়াসৰ পৰিণামস্বৰূপে পৰিস্থিতি বহুলাংশে  সহজ হৈছে আৰু এতিয়া আমাৰ অধিকাংশ দেশবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ এই পৰ্যন্ত লাভ কৰা অভিজ্ঞতাৰ পৰা এয়াই শিকিব পাৰিছো যে এতিয়া আমি নিৰন্তৰে সাৱধানতা পালন কৰাটো আৱশ্যক ৷  এই সময়ছোৱাত প্ৰতিষেধক আমাৰ সকলোৰে বাবে বিজ্ঞানৰ দ্বাৰা প্ৰদান কৰা সৰ্বোত্তম সুৰক্ষা কৱচ হিচাপে বিবেচিত হৈছে ৷ আমাৰ দেশত চলি থকা বিশ্বৰ সবাতোকৈ বৃহৎ প্ৰতিষেধক অভিযানৰ অধীনত এই পৰ্যন্ত ৫০ কোটিতকৈও অধিক দেশবাসীক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ মই সকলো দেশবাসীক প্ৰটোকলৰ অধীনত শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু আনকো প্ৰতিষেধক গ্ৰহণৰ বাবে আগ্ৰহান্বিত কৰি তুলিবলৈ আহ্বান জনাইছো ৷

 

মোৰ মৰমৰ দেশবাসীসকল,

 

 এই মহামাৰীৰ প্ৰভাৱ স্বাস্থ্যৰ সমানেই  অৰ্থব্যৱস্থাৰ বাবে   বিনাশকাৰী ৷ চৰকাৰে দুখীয়া আৰু নিম্ন মধ্যবিত্ত লোকৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সমস্যাৰ বিষয়তো চিন্তা কৰিছে ৷ চৰকাৰে সেই শ্ৰমিক আৰু উদ্যমীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতিও সংবেদনশীল যিসকলে লকডাউন আৰু যাতায়াতৰ বাধ্যবাধ্যকতাৰ ফলত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে অনুধাৱন কৰি চৰকাৰে বিগত বৰ্ষত বহু পদক্ষেপ গ্ৰহণ কৰিছে ৷ চলিত বৰ্ষতো চৰকাৰে মে’ আৰু জুন মাহত প্ৰায় ৮০ কোটি লোকক খাদ্যৰ যোগান ধৰিছে ৷ এই সাহায্যৰ সুবিধা এতিয়া দিপাৱলীলৈ সম্প্ৰসাৰিত কৰা হৈছে ৷ ইয়াৰোপৰি ক’ভিডৰ দ্বাৰা আক্ৰান্ত কিছু উদ্যমীক উৎসাহিত কৰাৰ বাবে চৰকাৰে শেহতীয়াকৈ ৬ লাখ ২৮ হাজাৰ কোটি টকাৰ সাহায্য পেকেজৰ কথা ঘোষণা কৰিছে ৷ এই তথ্য বিশেষভাৱে সন্তোষজনক হৈছে কিয়নো চিকিৎসা সুবিধাৰ প্ৰসাৰণৰ বাবে এটা বছৰৰ সময়ছোৱাতেই তেইছ হাজাৰ দুশ বিশ কোটি টকা ব্যয় কৰা হৈছে ৷ 

 

 মই এটা কথাত সুখী কিয়নো ইমানবোৰ বাধাৰ পিছতো গ্ৰামীণ ক্ষেত্ৰত- বিশেষভাৱে কৃষি খণ্ডত অগ্ৰগতি সম্পন্ন হৈছে ৷ অলপতে কানপুৰ দেহাত জিলাস্থিত মোৰ পৈত্ৰিক গাঁৱলৈ কৰা ভ্ৰমণৰ সময়ছোৱাত গ্ৰামাঞ্চলৰ লোকৰ জীৱন সুগম কৰি তোলাৰ বাবে গ্ৰহণ কৰা আন্তঃগাঁথনি বিকাশৰ ব্যৱস্থা দেখি সুখী হ’লো ৷ চহৰ আৰু গ্ৰামাঞ্চলৰ মাজৰ মনোবৈজ্ঞানিক দূৰত্ব এতিয়া পূৰ্বৰ তুলনাত বহু হ্ৰাস হৈছে ৷ মূলতঃ ভাৰতৰ আত্মা গাঁৱতেই আছে আৰু সেইবাবে ইয়াৰ বিকাশৰ পদক্ষেপ গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰি ৷ সেইবাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সহিতে আমাৰ কৃষক ভাই-ভনীসকলৰ বাবে বিশেষ অভিযানত গুৰুত্ব প্ৰদান কৰা হৈছে ৷

 

এই সকলো প্ৰয়াস আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাৰ অনুৰূপে হ’বলৈ ধৰিছে ৷ আমাৰ অৰ্থব্যৱস্থাত নিহিত বিকাশৰ ক্ষমতাত দৃঢ় বিশ্বাসৰ সৈতে চৰকাৰে প্ৰতিৰক্ষা, স্বাস্থ্য, নাগৰিক উন্নয়ন, বিদ্যুৎ তথা অন্য ক্ষেত্ৰসমূহত বিনিয়োগ অধিক সৰল কৰি তুলিছে ৷ চৰকাৰৰ দ্বাৰা পৰিবেশ অনুকূল, শক্তিৰ নৱীকৰণযোগ্য উৎস, বিশেষভাৱে সৌৰ শক্তিৰ প্ৰসাৰৰ বাবে কৰা নতুন প্ৰয়াসৰ বিশ্বব্যাপী প্ৰশংসা হ’বলৈ ধৰিছে ৷ যেতিয়া ‘ইজ অব্ ডুয়িং বিজনেছ’ৰ মূল্যাংকৰ অগ্ৰগতি হয় তেতিয়া ইয়াৰ ইতিবাচক প্ৰভাৱ সমগ্ৰ দেশবাসীৰ ‘ইজ অব্ লিভিঙ’তো পৰে ৷ ইয়াৰোপৰি জনকল্যাণৰ যোজনাতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷ উদাহৰণ স্বৰূপে, ৭০,০০০ কোটি টকাৰ ক্ৰেডিট সংযোজিত সাহাজ্য যোজনাৰ অধীনত নিজৰ এখন ঘৰ হোৱাৰ সপোন বাস্তৱায়িত হৈছে ৷ কৃষিভিত্তিক বিপণনত হোৱা অনেক সংস্কাৰৰ ফলত আমাৰ অন্নদাতা কৃষক এতিয়া অধিক সৱলীকৃত হ’ব আৰু তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰীৰ উন্নত মূল্য লাভ কৰিব ৷ চৰকাৰে প্ৰত্যেশ দেশবাসীৰ ক্ষমতা বিকশিত কৰাৰ বাবে অনেক পদক্ষেপ গ্ৰহণ কৰিছে যাৰ কেইটামান বিষয়েহে মই উল্লেখ কৰিছো ৷

 

মৰমৰ দেশবাসীসকল,

এতিয়া জম্মু-কাশ্মীৰতো নৱ-জাগৰণ প্ৰত্যক্ষ হৈছে ৷ চৰকাৰে গণতন্ত্ৰ আৰু আইনৰ শাসনত বিশ্বাস ৰখা সকলো পক্ষৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মই জম্মু-কাশ্মীৰৰ নিবাসী, বিশেষকৈ যুৱসমাজক এই সুযোগৰ সুবিধা গ্ৰহণ কৰিবলৈ তথা গণতান্ত্ৰিক সংস্থাসমূহৰ জৰিয়তে  নিজৰ আকাংক্ষা বাস্তৱায়িত কৰাৰ বাবে সক্ৰিয় হোৱাৰ আহ্বান জনাইছো ৷

 

সৰ্বাংগীন বিকাশৰ প্ৰভাৱৰ ফলত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ স্থিতি সৱল হ’বলৈ ধৰিছে ৷ এই পৰিৱৰ্তনত বহু প্ৰধান বহুপক্ষীয় মঞ্চত আমাৰ প্ৰভাৱী অংশীদাৰীত্ব তথা অনেক দেশৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰি তোলা পৰিলক্ষিত হৈছে ৷

 

মৰমৰ দেশবাসীসকল,

 

 পয়সত্তৰ বৰ্ষ পূৰ্বে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া অনেক লোকৰ মনত গণতন্ত্ৰৰ সফলতা সন্দৰ্ভত সংশয়ৰ সৃষ্টি হৈছিল ৷ তেওঁলোক এই কথাৰ পৰা অনভিজ্ঞ আছিল যে প্ৰাচীন কালত গণতন্ত্ৰৰ শিপা এই ভাৰত ভূমিৰ পৰাই পুষ্পিত-পল্লৱিত হৈছিল ৷ আধুনিক যুগতো ভাৰত কোনো ভেদ-ভাৱ নোহোৱাকৈ সকলো বয়স্কক মতাধিকাৰ প্ৰদান কৰাত অনেক পশ্চিমীয়া দেশতকৈ আগবঢ়া ৷ আমাৰ ৰাষ্ট্ৰ নিৰ্মাতাসকলে জনসাধাৰণৰ বিবেকত নিজৰ আস্থা প্ৰকাশ কৰিছে আৰু ‘আমি ভাৰতৰ লোকে’ নিজৰ দেশক এক শক্তিশালী গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছো ৷

 

আমাৰ গণতন্ত্ৰ সংসদীয় প্ৰণালীৰ ওপৰত প্ৰতিষ্ঠিত, অৰ্থাৎ আমাৰ সংসদ হ’ল গণতন্ত্ৰৰ মন্দিৰ ৷ য’ত জনসাধাৰণৰ সেৱাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ত তৰ্ক-বিতৰ্ক, সংবাদ আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ সৰ্বোচ্চ মঞ্চ আমি লাভ কৰিছো ৷ এয়া সকলো দেশবাসীৰ বাবে অতিশয় গৌৰৱৰ কথা যে আমাৰ গণতন্ত্ৰৰ এই মন্দিৰ আসন্ন ভৱিষ্যতত এক নতুন ভৱনত স্থাপিত হ’বলৈ গৈ আছে ৷ এই ভৱনে আমাৰ ৰীতি আৰু নীতিৰ অভিব্যক্তি প্ৰদান কৰিব ৷  ইয়াত আমাৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শিত হ’ব আৰু লগতে সমকালীন বিশ্বৰ সৈতে খোজত খোজ মিলাই আগবঢ়াৰ কুশলতাৰো প্ৰদৰ্শন হ’ব ৷ স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষৰ  পৰ্বত এই নতুন ভৱনৰ উদঘাটনক বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰৰ বিকাশ যাত্ৰাৰ এক ঐতিহাসিক প্ৰস্থান বিন্দু হিচাপে বিবেচনা কৰা হ’ব ৷

 

চৰকাৰে এই বিশেষ বৰ্ষটোক স্মৰণীয় কৰি তোলাৰ বাবে বহু যোজনাৰ শুভাৰম্ভ কৰিছে ৷ ‘গগণযান অভিযানে’ সেই অভিযানসমূহত অধিক গুৰুত্ব লাভ কৰিছে ৷ এই অভিযানৰ অধীনত ভাৰতীয় বায়ু সেনাৰ কিছু সংখ্যক বৈমানিকে বিদেশত প্ৰশিক্ষণ লাভ কৰি আছে ৷ যেতিয়া তেওঁলোকে মহাকাশলৈ যাত্ৰা কৰিব তেতিয়া ভাৰতে মানৱযুক্ত মহাকাশ অভিযান সম্পন্ন কৰা বিশ্বৰ চতুৰ্থতম দেশ হিচাপে বিবেচিত হ’ব ৷ এইদৰে আমাৰ আকাংক্ষাৰ উৰণ কোনো সীমাতে বন্দী হৈ নৰ’ব ৷

 

 তথাপিও আমাৰ ভৰি ভূমিৰ সৈতে সংবদ্ধ হৈ আছে ৷ আমাৰ অনুভৱ এয়াই যে স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সেনানীৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত আমি অধিক আগুৱাব লাগিব ৷ সেই সপোন আমাৰ সংবিধানত, ‘ন্যায়’, ‘স্বতন্ত্ৰতা’, ‘সমতা’ আৰু ‘বন্ধুত্ব’ এই চাৰিটা সাৰগৰ্ভসাৰ শব্দৰ দ্বাৰা স্পষ্ট ৰূপত সমাহিত কৰা হৈছে ৷ অসমতাৰে ভৰা বিশ্ব ব্যৱস্থাত অধিক সমতাৰ বাবে তথা অন্যায়পূৰ্ণ পৰিস্থিতিত অধিক ন্যায়ৰ বাবে দৃঢ়তাপূৰ্বক প্ৰয়াস কৰাৰ আৱশ্যকতা আছে ৷ ন্যায়ৰ ধাৰণা বহু ব্যাপক হৈছে য’ত আৰ্থিক আৰু পৰিবেশৰ সৈতে জড়িত ন্যায়ো অন্তৰ্ভুক্ত আছে ৷ সন্মুখৰ পথ সহজ নহয় ৷ আমি বহু জটিল আৰু কঠিন পথ অতিক্ৰম কৰিব লাগিব, কিন্তু আমি সকলোৱে অসাধাৰণ মাৰ্গদৰ্শন লাভ কৰিছো ৷ এই মাৰ্গদৰ্শন বিভিন্ন উৎসৰ পৰা আমি লাভ কৰিছো ৷ শতিকা পূৰ্বে ঋষি-মুনিৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ সন্ত আৰু ৰাষ্ট্ৰ নায়কলৈ মাৰ্গদৰ্শকৰ এক অত্যন্ত সমৃদ্ধ পৰম্পৰাৰ শক্তি আমাৰ ওচৰত আছে ৷ অনৈক্যত ঐক্যতাৰ ভাৱনাৰ শক্তিৰ ফলত আমি দৃঢ়তাৰে এক ৰাষ্ট্ৰ হিচাপত আগুৱাইছো ৷

 

 ঐতিহ্য হিচাপে লাভ কৰা আমাৰ পূৰ্ব পুৰুষসকলৰ জীৱন দৃষ্টি, এই শতাব্দীত কেৱল আমাৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবে সহায়ক হিচাপে বিবেচিত হ’ব ৷ আধুনিক ঔদ্যোগিক সভ্যতাই মানৱ জাতিৰ সন্মুখত গম্ভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাইছে, বৰফ গলিব ধৰিছে আৰু পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে ৷ এইদৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যাই আমাৰ জীৱনক প্ৰভাৱিত কৰিছে ৷ আমাৰ বাবে এয়া গৰ্বৰ কথা যে ভাৰতে কেৱল পেৰিচ জলবায়ু চুক্তিৰ পালন কৰাই নহয় বৰঞ্চ জলবায়ুৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা দায়িত্ববোধৰ সৈতেও অধিক যোগদান কৰিছে ৷ তথাপিও মানৱতাই বিশ্বজনীন পৰ্যায়ত নিজৰ পদ্ধতি পৰিৱৰ্তন কৰাটো অতিশয় আৱশ্যক ৷ সেইবাবে ভাৰতীয় জ্ঞান পৰম্পৰা আৰু বিশ্বৰ জ্ঞান বৃদ্ধি কৰা হৈছে; এনে জ্ঞান পৰম্পৰা যি বেদ আৰু উপনিষদৰ স্ৰষ্টাসকলৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, ৰামায়ণ আৰু মহাভাৰতত বৰ্ণিত কৰা হৈছে, ভগৱান মহাবীৰ, ভগৱান বুদ্ধ তথা গুৰু নানকৰ দ্বাৰা প্ৰসাৰিত কৰা হৈছে আৰু মহাত্মা গান্ধীৰ দৰে ব্যক্তিৰ জীৱনত পৰিলক্ষিত হৈছে ৷

 

গান্ধীজীয়ে কৈছে যে প্ৰকৃতিৰ অনুৰূপে জীয়াই থকাৰ কলা শিকাৰ বাবে প্ৰয়াস কৰিব লাগে কিন্তু এবাৰ যেতিয়া আপোনালোকে নদী আৰু পাহাৰ, পশু আৰু পক্ষীৰ সৈতে সম্বন্ধ সৃষ্টি কৰিব তেতিয়া প্ৰকৃতিয়ে নিজৰ ৰহস্য আপোনাৰ সন্মুখত প্ৰকট কৰি তুলিব ৷ আহক, আমি সংকল্প গ্ৰহণ কৰো যে গান্ধীজীৰ এই বাৰ্তা আত্মোপলব্ধ কৰিম আৰু যি ভাৰত ভূমিত আমি বাস কৰো, তাৰে পৰিবেশৰ সংৰক্ষণৰ বাবে ত্যাগো কৰিম ৷

 

আমাৰ স্বতন্ত্ৰতা সেনানীসকলৰ বাবে দেশ প্ৰেম আৰু ত্যাগৰ ভাৱনা সৰ্বোপৰি আছিল ৷ তেওঁলোকে নিজৰ হিতৰ কথা চিন্তা নকৰি সকলো প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ মই দেখিলো যে ক’ৰোনাৰ সংকটৰ সন্মুখীন হওঁতেও লক্ষাধিক লোকে নিজৰ কথা চিন্তা নকৰি মানৱতাৰ প্ৰতি নিঃস্বাৰ্থ ভাৱনাৰে আনৰ স্বাস্থ্য আৰু প্ৰাণৰ ৰক্ষাৰ বাবে বিপদাশংকা আঁকোৱালি লৈছিল ৷ এনে সকলো ক’ভিড যোদ্ধাক মই হৃদয়েৰে প্ৰশংসা কৰিছো ৷ অনেক ক’ভিড যোদ্ধাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ মই তেওঁলোকৰ স্মৃতিক সেঁৱা জনাইছো ৷

 

অলপতে ‘কাৰ্গিল বিজয় দিৱস’ৰ উপলক্ষে লাডাখস্থিত ‘কাৰ্গিল যুদ্ধ স্মাৰক-ড্ৰাছ’ত আমাৰ সাহসী সৈন্যসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিবলৈ ওলাইছিলো ৷ কিন্তু যাত্ৰা-পথত বেয়া বতৰৰ বাবে মই সেই স্মাৰকত উপস্থিত হ’ব নোৱাৰিলো ৷ বীৰ সৈনিকসকলৰ সন্মানত সেইদিনা মই বাৰামূলাত ‘ডেগাৰ ৱাৰ মেম’ৰিয়েল’ত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো ৷ এই স্মাৰক সেই সকলো সৈনিকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে যিসকলে নিজৰ কৰ্তব্য সমাপন কৰি থকা অৱস্থাত সৰ্বোচ্চ বলিদান দিছে ৷ সেই সাহসী যোদ্ধাসকলৰ বীৰত্ব আৰু ত্যাগৰ প্ৰশংসা কৰি থকাৰ সময়ত মই দেখিলো যে সেই যুদ্ধ স্মাৰকত এশাৰী আদৰ্শ বাক্য অংকিত হৈছে, সেয়া হ’ল ‘‘মোৰ প্ৰতিটো কাম, দেশৰ বাবে’’ ৷

এই আদৰ্শ বাক্য আমি সকলো দেশবাসীৰ বাবে মন্ত্ৰ হ’ব লাগে তথা ৰাষ্ট্ৰৰ বিকাশৰ বাবে পূৰ্ণ নিষ্ঠা তথা সমৰ্পণ মনোভাৱেৰে কাম কৰিব লাগে ৷ ৰাষ্ট্ৰ আৰু সমাজৰ হিত সৰ্বোপৰি ৰখাৰ এই ভাৱনাৰ সৈতে আমি সকলো দেশবাসীয়ে, ভাৰতক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে ঐক্যৱদ্ধ হোৱাটো মই বিচাৰো ৷

 

মোৰ মৰমৰ দেশবাসীসকল,

 

 মই বিশেষভাৱে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকলক প্ৰশংসা কৰিছো যিসকলে আমাৰ স্বতন্ত্ৰতা ৰক্ষা কৰিছে আৰু প্ৰয়োজন অনুসৰি হৰ্ষচিত্তে বলিদানো দিছে ৷ মই সকলো প্ৰবাসী ভাৰতীয়কো প্ৰশংসা কৰিছো ৷ তেওঁলোকে যি দেশত বসতি স্থাপন কৰিছে তাতে নিজৰ মাতৃভূমিৰ ছবি উজ্বল কৰি তুলিছে ৷

 

মই পুনৰবাৰ আপোনাক সকলোকে ভাৰতৰ ৭৫তম স্বতন্ত্ৰতা দিৱসৰ প্ৰাক্-সন্ধ্যাত শুভেচ্ছা জ্ঞাপন কৰিছো ৷ এই বৰ্ষপূৰ্তি পালন কৰি থকাৰ সময়ত মোৰ হৃদয় ২০৪৭ চনত স্বাধীনতাৰ শতাব্দী বৰ্ষত এখন শক্তিশালী, সমৃদ্ধ আৰু শান্তিপূৰ্ণ ভাৰতৰ স্বপ্নৰে ভৰি পৰিছে ৷

 

আমাৰ সকলো দেশবাসী ক’ভিড মহামাৰীৰ প্ৰকোপৰ পৰা মুক্ত হওক তথা সুখ আৰু সমৃদ্ধিৰ পথত আগবাঢ়ক, মই এয়াই মংগল কামনা কৰিছো ৷

পুনৰবাৰ আপোনালোক সকলোলৈ মোৰ শুভকামনা থাকিল ৷

 

ধন্যবাদ,

জয় হিন্দ !

 



(Release ID: 1745971) Visitor Counter : 1076