প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পশ্চিম বংগৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 04 AUG 2021 1:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ কিছু অংশত বান্ধসমূহে পানী এৰি দিয়াৰ বাবে উদ্ভৱ হোৱা বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী মমতা বেনাৰ্জীৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক তদুপৰি পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সাহায্য় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

পিএমঅ’ৰ এটা টুইটত এইবুলি উল্লেখ, "প্ৰধানমন্ত্ৰী @narendramodi এ পশ্চিম বংগৰ কিছু অংশত বান্ধসমূহে পানী এৰি দিয়াৰ বাবে উদ্ভৱ হোৱা বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী @MamataOfficial ৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক তদুপৰি পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সাহায্য় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়।"

***

DS/SH/SB



(Release ID: 1743821) Visitor Counter : 177