প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে পুনৰ সকলোৰে বাবে বিনামূলীয়া টীকাকৰণৰ অঙ্গীকাৰ কৰিছে

Posted On: 28 JUN 2021 12:11PM by PIB Guwahati

যিসকলৰ বাবে ভাৰতত টীকাকৰণ অভিযানত গতি আহিছে, প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তেওঁলোকৰ সকলোকে অভিনন্দন জনাইছে।

 

এটা ট্যুইট বার্তাত শ্রী মোদীয়ে কৈছে, “ ভাৰতৰ টীকাকৰণ অভিযানে গতি লাভ কৰিছে। যিসকলে এই উদ্যোগক সফল কৰি তুলিছে, তেওঁলোক সকলোকে অভিনন্দন জনাওঁ। সকলোৰে বাবে বিনামূলীয়াকৈ টীকাকৰণৰ ব্যৱস্থা কৰিবলৈ আমি অঙ্গীকাৰবদ্ধ ।''

 

****

DS



(Release ID: 1741217) Visitor Counter : 148