প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিৰমোৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

এককালীন সাহাৰ্য ঘোষণা

Posted On: 28 JUN 2021 10:58PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিমাচল প্রদেশৰ শিৰমৌৰত সংঘটিত দুর্ঘটনাত প্রাণহানিৰ ঘটনাত গভীৰ শোক প্রকাশ কৰাৰ লগতে তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্রধানমন্ত্রীয়ে কয়, এই দুর্ঘটনাত মৃত লোকসকলৰ পৰিয়ালবর্গক পিএমএনআৰএফৰ পৰা ২লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷

প্রধানমন্ত্রীয়ে টুইটাৰত লগতে কয়, “হিমাচল প্রদেশৰ শিৰমৌৰত সংঘটিত দুর্ঘটনাত প্রাণহানিৰ ঘটনা অতি হৃদয়বিদাৰক। মই মৃতকৰ পৰিয়ালবর্গৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পিএমএনআৰএফৰ পৰা মৃতকৰ পৰিয়ালবর্গক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব।”

****

DS/SH/DB



(Release ID: 1741185) Visitor Counter : 122