প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হোৱা সকলোলৈকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 07 JUL 2021 8:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শপত গ্ৰহণ কৰা সকলো সতীৰ্থকে অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ মন্ত্ৰিত্বৰ কালছোৱা সাফল্যপূৰ্ণ হোৱাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত, প্ৰধানমন্ত্ৰীয়ে কয়, “আজি শপত গ্ৰহণ কৰা সকলো সতীৰ্থকে অভিনন্দন জনাইছো আৰু তেওঁলোকৰ মন্ত্ৰিত্বৰ কালছোৱা সাফল্যপূৰ্ণ হোৱাৰ বাবে শুভকামনা জনাইছো। জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ লগতে এখন শক্তিশালী আৰু সমৃদ্ধ ভাৰত নিৰ্মাণৰ বাবে আমি নিবিচ্ছিন্ন ভাবে কাম কৰি যাম।#Govt4Growth”

 

****

DS/SH/KB


(ৰিলিজ আই ডি : 1741178) অতিথি কক্ষ : 181