প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ধোলাভিৰাক এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্ক’ই কৰা ঘোষণাত আনন্দিত প্ৰধানমন্ত্ৰী

Posted On: 27 JUL 2021 5:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৰপ্পা নগৰৰ ভগ্নাৱশেষ থকা ধোলাভিৰাক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কৰা ঘোষণাত আনন্দ প্ৰকাশ কৰিছে৷ ইতিহাস, সংস্কৃতি আৰু প্ৰত্নতত্ত্বৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে এয়া এক দৰ্শনীয় স্থান৷

ইউনেস্ক’ৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে কয়”

“এই খবৰে অতিশয় আনন্দিত কৰিছে৷

ধোলাভিৰা এক গুৰুত্বপূর্ণ নগৰ কেন্দ্র আছিল, যি আমাক অতীতৰ সৈতে সংযোগ স্থাপন কৰে৷ এয়া বিশেষকৈ ইতিহাস, সংস্কৃতি আৰু প্রত্নতত্ত্বৰ প্ৰতি আগ্রহী লোকসকলৰ বাবে দৰ্শনীয় স্থান।

মই ছাত্র অৱস্থাত প্রথম ধোলাভিৰালৈ গৈছিলো আৰু সেই স্থান দেখি মই মন্ত্রমুগ্ধ হৈছিলো৷

গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ সুবাদতে ধোলাভিৰাৰ ঐতিহাসিক নিদর্শনবোৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ ইত্যাদি বিষয়ত কাম কৰাৰ সুযোগ লাভ কৰিছিলো৷ আমাৰ দলে তাত পৰিৱেশ অনুকূল আন্তঃগাঁথনি গঢ় দিয়াৰ কাম কৰিছিল।

***

DS/SH/DB



(Release ID: 1740528) Visitor Counter : 157