প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলনত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

পিএমএনআৰএফৰপৰা ক্ষতিপূৰণ ঘোষণা

Posted On: 23 JUL 2021 6:43PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলনত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলনত প্ৰাণহানিৰ ঘটনাত মৰ্মাহত হৈছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো। মই আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো।

প্ৰবল বৃষ্টিপাতৰ বাবে মহাৰাষ্ট্ৰত উদ্ভৱ হোৱা পৰিস্থিতি সমনোযোগেৰে নিৰীক্ষণ কৰি থকা হৈছে আৰু প্ৰভাৱিতসকললৈ সাহায্য আগবঢ়োৱা গৈছে।"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তদুপৰি প্ৰাণ হেৰুৱাসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ  ক্ষতিপূৰণ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

পিএমঅৰ এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলনত প্ৰাণ হেৰুৱাসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে প্ৰধানমন্ত্ৰী @narendramodi। আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা হব।"

***

DS/SH/SB



(Release ID: 1740496) Visitor Counter : 125