প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এটি আশ্চৰ্য্যজনক পদক্ষেপ হিচাপে শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

এটি পূৰ্বপ্ৰস্তুতিবিহীন অনুষ্ঠানত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন ছাত্ৰ-ছাত্ৰী আৰু পিতৃ-মাতৃৰ

Posted On: 03 JUN 2021 9:41PM by PIB Guwahati

শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰা এটি ভাৰ্চুৱেল অনুষ্ঠানত সমবেত হোৱা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃয়ে ইয়াত পূৰ্বপ্ৰস্তুতিবিহীনভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰাত আশ্চৰ্য্যবোধ কৰিলে। চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা বাতিলৰ পৰিপ্ৰেক্ষিতত শিক্ষা মন্ত্ৰালয় এই অনুষ্ঠানৰ আয়োজন কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলক আচৰিত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে “আশাকৰো মই তোমালোকৰ অনলাইন বৈঠকত অসুবিধাৰ সৃষ্টি কৰা নাই” বুলি আৰম্ভ কৰাতে তেওঁলোকৰ মাজত প্ৰধানমন্ত্ৰীজনক প্ৰত্যক্ষ কৰি মুখত হাঁহি বিৰিঙে। সেই মুহূৰ্তৰ উদ্দীপনাৰে চালিত হৈ শ্ৰী মোদীয়ে পৰীক্ষাৰ চাপ দূৰ হোৱাৰ কথা উল্লেখ কৰে আৰু স্বস্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হাঁহি-ধেমালি কৰে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত ঘটনা শ্বেয়াৰ কৰি সহজ কৰি তোলে। পঞ্চকুলাৰ এজন ছাত্ৰই যোৱা কেইদিনমান ধৰি পৰীক্ষাক লৈ চিন্তাৰ কথা ব্যক্ত কৰাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ঘৰৰ ছেক্টৰ সন্দৰ্ভত সোধে আৰু তেখেতেও বহু দিন ধৰি সেই অঞ্চলত বসবাস কৰাৰ কথা অৱগত কৰে।

ছাত্ৰ-ছাত্ৰীসকলে মুক্ত মনেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকৰ উদ্বেগ আৰু মতামত ব্যক্ত কৰে। হিমাচল প্ৰদেশৰ চুলানৰ এজন ছাত্ৰই মহামাৰীটোৰ মাজতে পৰীক্ষা বাতিলৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু ইয়াক এটা ভাল সিদ্ধান্ত বুলি কয়। এগৰাকী ছাত্ৰীয়ে একাংশ লোকে মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখা ইত্যাদিৰ ক’ভিড প্ৰট’কল অনুসৰণ নকৰাত খেদ প্ৰকাশ কৰে। তেওঁ তদুপৰি তেওঁৰ অঞ্চলত তেওঁ হাতত লোৱা সজাগতা কাৰ্য্যসূচীৰ কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে মহামাৰীটোৰ ভয়াৱহতাক লৈ ছাত্ৰ-ছাত্ৰীসকল উদ্বিগ্ন হৈ থকাৰ মাজতে সকাহ লাভৰ বাবে তেওঁলোকৰ গৰিষ্ঠসংখ্যকে প্ৰধানমন্ত্ৰীগৰাকীক পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণৰ বাবে ধন্যবাদ জনায়। পিতৃ-মাতৃসকলেও এই সিদ্ধান্তক অতিশয় ধনাত্মকভাৱে গ্ৰহণ কৰে। মুকলি আৰু সুস্থ সিদ্ধান্তৰ উদ্দীপনাৰে, পূৰ্বপ্ৰস্তুতিবিহীন অভিব্যক্তিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো পিতৃ-মাতৃকে এই মত-বিনিময়ত যোগদান কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষা বাতিলৰ পাছত হঠাৎ শূন্যতা সন্দৰ্ভত সোধাতে এগৰাকী ছাত্ৰীয়ে এইদৰে কয় "ছাৰ, আপুনি পৰীক্ষাক এটি উৎসৱৰ দৰে পালন কৰা উচিত বুলি কৈছিল। সেয়ে, পৰীক্ষাক লৈ মোৰ মনত কোনো ভয় নাছিল।" গুৱাহাটীৰ ছাত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ গ্ৰন্থ ‘এক্সাম ৱাৰিঅ’ৰ’ ক কৃতিত্ব প্ৰদান কৰি দশম শ্ৰেণীৰেপৰা তেওঁ গ্ৰন্থখনি পঢ়াৰ কথা ব্যক্ত কৰে। ছাত্ৰ-ছাত্ৰীসকলে তদুপৰি অনিশ্চিত সময়েৰে মোকাবিলাত যোগাসনক এটি বৃহৎ সকাহ বুলি উল্লেখ কৰে।

এই মত-বিনিময় ইমানেই স্বাভাৱিক আছিল যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক আয়োজনৰ পৰিকল্পনা কৰিছিল। তেখেতে সকলো ছাত্ৰ-ছাত্ৰীকে এখন কাগজত তেওঁলোকৰ চিনাক্তকৰণৰ নম্বৰ লিখিবলৈ আহ্বান জনাইছিল যাতে তেখেতে কল আৰু এই মত-বিনিময়ত সহযোগ কৰিব পাৰে। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে এই ব্যৱস্থাটো আনন্দেৰে অনুসৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনাৰ বিষয়বস্তু সম্প্ৰসাৰণৰ লক্ষ্যৰে পৰীক্ষা বাতিলৰ সিদ্ধান্তটোৰপৰা ইয়াক আঁতৰাই আনে। ছাত্ৰ-ছাত্ৰী আৰু পিতৃ-মাতৃসকলে নৃত্যৰপৰা আৰম্ভ কৰি ইউটিউব মিউজিক চেনেল, ব্যায়াম আৰু ৰাজনীতিলৈকে বিস্তৃত কথা-বতৰাত সঁহাৰি জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে তেওঁলোকৰ অঞ্চলৰ বিশেষ প্ৰসংগেৰে গৱেষণা কৰা আৰু এখন ৰচনা লিখিবলৈ কয়।

এই বৈঠকত, প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সম্পূৰ্ণ অংশগ্ৰহণ আৰু টীমৱৰ্কৰ জৰিয়তে ক’ভিড-১৯ ৰ দ্বিতীয়টো ঢৌৰ সময়ছোৱাত দেখা পোৱা দলীয় উদ্দীপনাৰ শলাগ লয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সুধিছিল যে তেওঁলোকে আইপিএল চাবনে চেম্পিয়নছ লীগ চাব নে অলিম্পিক বা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ অপেক্ষা কৰিব? ইয়াৰ উত্তৰত এগৰাকী ছাত্ৰীয়ে কয় যে মহাবিদ্যালয়ত নামভৰ্তিৰ অৰ্থে প্ৰবেশ পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ তেওঁ এতিয়া যথেষ্ঠ সময় লাভ কৰিছে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা বাতিলৰ পাছত সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

****

DS/SB



(Release ID: 1740485) Visitor Counter : 128