প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 22 JUL 2021 9:18PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ সৈতে কথা পতাৰ লগতে প্রৱল বৃষ্টিপাত আৰু বানৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷

টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰৰ সৈতে কথা পাতিলো আৰু প্রৱল বৃষ্টিপাত আৰু বানৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত সৃষ্টি হোৱা পৰিস্থিতিক লৈ আলোচনা কৰো৷ পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্রৰ ফালৰ পৰা সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব। সকলোৰে সুৰক্ষা আৰু কল্যাণ কামনা কৰিলো। @OfficeofUT"

***

DS/SH/DB


(ৰিলিজ আই ডি : 1739107) অতিথি কক্ষ : 221