প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্ৰদেশত প্ৰবল বৰষুণক লৈ প্ৰধানমন্ত্ৰীৰ উদ্বেগ

Posted On: 12 JUL 2021 5:34PM by PIB Guwahati

হিমাচল প্ৰদেশত প্ৰবল বৰষুণক লৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু পৰিস্থিতিটো সমনোযোগেৰে নিৰীক্ষণ কৰি থকা হৈছে বুলি কয়।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰবল বৰষুণৰ বাবে হিমাচল প্ৰদেশত উদ্ভৱ হোৱা পৰিস্থিতি সমনোযোগেৰে নিৰীক্ষণ কৰি থকা হৈছে। কৰ্তৃপক্ষসমূহে ৰাজ্য চৰকাৰখনৰ সৈতে কাম কৰি আছে। সম্ভৱপৰ সকলো সহায়তা আগবঢ়াই থকা গৈছে। মই প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছো।"

 

****

DS/SH/SB



(Release ID: 1734979) Visitor Counter : 133