গৃহ মন্ত্ৰালয়

উত্তৰ পূৰ্বাঞ্চল (এনই) ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনা কেন্দ্ৰীয় গৃহ সচিবৰ

Posted On: 07 JUL 2021 5:34PM by PIB Guwahati

উত্তৰ পূব (এনই) ৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত (UT) অঞ্চলসমূহৰ ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনাৰ অৰ্থে আজি কেন্দ্ৰীয় গৃহ সচিবে ইয়াত এখনি বৈঠকত পৌৰহিত্য কৰে।

বৈঠকখনত, সকলো কেন্দ্ৰীয় শাসিত অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ সক্ৰিয় ঘটনা, ঘটনাৰ মৃত্যুৰ হাৰ (CFR), ঘটনাৰ পজিটিভিটি হাৰ (CPR) ৰ সাম্প্ৰতিক স্থিতি আৰু প্ৰৱণতা আৰু টিকাকৰণৰ স্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াত লগতে উল্লেখ কৰা যায় যে ১০ শতাংশৰ অধিক, ঘটনাৰ পজিটিভিটি হাৰ (CPR) লাভ কৰি অহা দেশখনৰ ৭৩ খন জিলাৰ ৪৬ খন জিলা উত্তৰ পূৰ্বাঞ্চলৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াত বৰ্তমানৰ নীতি-নিৰ্দেশনা অনুসৰি কঠোৰ প্ৰতিৰোধ ব্যৱস্থা হাতত লোৱাটো প্ৰয়োজনীয়।

কেন্দ্ৰীয় গৃহ সচিবজনে ২০২১ ৰ ২৯ জুনত জাৰি কৰা কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA) ৰ নিৰ্দেশনাত উল্লেখ কৰা ধৰণেৰে, পাঁচ-তৰপীয়া কৌশল যথাঃ টেষ্ট-ট্ৰেক-ট্ৰিট-টিকাকৰণ আৰু ক’ভিডৰ যথোচিত আচৰণ মানি চলাত গুৰুত্ব আৰোপ কৰে। উত্তৰ পূবৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সংক্ৰমণ বৃদ্ধিৰ আগতীয়া লক্ষণ প্ৰত্যক্ষ কৰা মাত্ৰেকে জিলা/চহৰ পৰ্য্যায়ত পৰিস্থিতিৰ কঠোৰ নিৰীক্ষণ আৰু সময়োচিত সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হয়। অধিক পজিটিভ ঘটনা লাভ কৰা আৰু চিকিৎসালয়ৰ অধিক বিচনা প্ৰয়োজনীয় হৈ উঠা এনে জিলাসমূহৰ অৰ্থে, সংশ্লিষ্ট ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে ক্ৰমান্বয়ে বাধা-আৰোপ বলবৎৰ কথা বিবেচনা কৰিব পাৰে। বৈঠকত ক’ভিডৰ যথোচিত আচৰণৰ কঠোৰ বলবৎৰ কথা দোহৰা যায় আৰু এই ক্ষেত্ৰত ৰাজনৈতিক নেতা আৰু সামাজিক সংগঠনসমূহক জড়িত হ’বলৈ পৰামৰ্শ প্ৰদান কৰা হয়।

বৈঠকখনত এই ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু প্ৰধান সচিব (স্বাস্থ্য) সকল উপস্থিত থাকে। ইয়াত নিটি আয়োগৰ সদস্য (স্বাস্থ্য), এনচিডিচি ৰ সঞ্চালক আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও ভাগ লয়।

****



(Release ID: 1733517) Visitor Counter : 411