স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত এই পৰ্যন্ত ৩৪.৪৬ কোটি টিকা প্ৰদান কৰা হৈছে

দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যা বিগত ছয় দিন ধৰি ৫০,০০০ ৰ তলত আছে

ভাৰতত সুস্পষ্টভাৱে আক্ৰান্তৰ সংখ্যা ৯৭ দিনৰ পিছত ৫ লাখতকৈ কম

একেৰাহে ২৬ দিনৰ বাবে দৈনিক আক্ৰান্তৰ হাৰ (২.৩৫শতাংশ) ৫ শতাংশতকৈ কম

Posted On: 03 JUL 2021 10:38AM by PIB Guwahati

ভাৰতৰ কোভিড-১৯ টিকাকৰণ অভিযানে কালি ৩৪ কোটিৰ ঘৰ অতিক্ৰম কৰে। আজি পুৱা ৭বজালৈকে দেশত ৪৫,৬০,০৮৮ টা অধিৱেশনৰ জৰিয়তে মুঠ ৩৪,৪৬,১১,২৯১ জন লোকক ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৪৩,৯৯,২৯৮ পালি ভেকছিন  প্ৰদান কৰা হৈছে।

 

ভাৰতত এই পৰ্যন্ত ১,০২,২২,০০৮জন স্বাস্থ্যকৰ্মীক প্ৰথম পালি আৰু ৭২,৮৭,৪৪৫জন কৰ্মীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। আনহাতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ১,৭৫,৬০,৫৯২ জন কৰ্মীক প্ৰথম পালি আৰু ৯৫,৮৯,৬১৯ জন কৰ্মীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। একেদৰে ১৮-৪৪ বছৰ বয়সৰ ৯,৬৪,৯১,৯৯৩ জনক প্ৰথম পালি আৰু ২৩,৮০,০৪৮ জনক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। আনহাতে ৪৫-৫৯ বছৰ বয়সৰ ৮,৯৮,৬৫,১৩১ জনক প্ৰথম পালি আৰু ১,৭৫,২৫,২৮১ জনক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। ইয়াৰোপৰি, ৬০ বছৰৰ অধিক বয়সৰ ৬,৮৬,০৩,৭২৫ জনক প্ৰথম পালি আৰু ২,৫০,৮৫,৪৪৯ জনক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।

 

দেশত সাৰ্বজনীনভাৱে কোভিড-১৯ টিকাকৰণৰ নতুন পৰ্যায় ২১ জুন, ২০২১ তাৰিখৰ পৰা আৰম্ভ হৈছিল। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে কোভিড-১৯ টিকাকৰণৰ গতি ত্বৰান্বিত কৰিবলৈ আৰু পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতত যোৱা ২৪ ঘণ্টাত ৪৪,১১১  জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে।  একেৰাহে ছয়দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা ৫০,০০০ৰ তলত আছে।এই সাফল্য কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ নিৰন্তৰ আৰু সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত লাভ কৰা হৈছে।

 

ভাৰতত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিৰন্তৰ হ্ৰাস পাই আহিছে। আজি এই সংখ্যা ৪,৯৫,৫৩৩ হৈছে, যি ৯৭ দিনৰ পিছত লাখতকৈও কম।

যোৱা ২৪ ঘণ্টাত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪,১০৪ টা হ্ৰাস পাইছে যি  দেশৰ মুঠ আক্ৰান্তৰ মাত্ৰ ১.৬২ শতাংশ ।

 

ভাৰতত দৈনিক ভিত্তিত সুস্থতাৰ সংখ্যা একেৰাহে ৫১ দিনধৰি দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ অধিক হৈ আছে। দেশত যোৱা ২৪ ঘণ্টাত ৫৭,৪৭৭ জন লোক আৰোগ্য হৈছে। দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ তুলনাত যোৱা ২৪ ঘণ্টাত ১৩,০০০ ৰো অধিক (১৩,৩৩৬) লোক আৰোগ্য হৈছে।

 

মহামাৰীৰ আৰম্ভণিৰ পৰা সংক্ৰমিত লোকসকলৰ ভিতৰত বৰ্তমান পৰ্যন্ত ২,৯৬,০৫,৭৭৯ জন লোক কোভিড-১৯ৰ পৰা আৰোগ্য হৈছে আৰু যোৱা ২৪ ঘণ্টাত  ৫৭,৪৭৭ জন ৰোগী আৰোগ্য হৈছে। ইয়াৰ ফলত সামগ্ৰিক সুস্থতাৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই ৯৭.০৬ শতাংশ হৈছে।

 

সমগ্ৰ দেশতে যোৱা ২৪ ঘণ্টাত মুঠ ১৮,৭৬,০৩৬ টা নমুনা পৰীক্ষা কৰা হৈছে। সামগ্ৰিকভাৱে, ভাৰতত এতিয়ালৈকে ৪১.৬৪ কোটিৰো অধিক (৪১,৬৪,১৬,৪৬৩) পৰীক্ষা সম্পন্ন হৈছে।

 

সমগ্ৰ দেশতে নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ লগে লগে সাপ্তাহিক ভিত্তিত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ প্ৰৱণতা লক্ষ্য কৰা হৈছে। সাপ্তাহিক পজিটিভিটি ৰেট বৰ্তমান ২.৫০ শতাংশ আৰু দৈনিক পজিটিভিটি হাৰ আজি ২.৩৫শতাংশ। দৈনিক ইয়াৰ ফলত একেৰাহে ২৬ দিনৰ বাবে দৈনিক আক্ৰান্তৰ হাৰ (২.৩৫শতাংশ) ৫ শতাংশতকৈ কম হৈছে।

 

*******************************************************

MV/KG



(Release ID: 1732779) Visitor Counter : 211