তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কেব’ল টেলিভিচন নেটৱৰ্ক বিধিৰ সংশোধনী

নাগৰিকৰ অভিযোগ/টিভি ব্ৰডকাষ্টৰ গোচৰ নিষ্পত্তিৰ অৰ্থে সংবিধিবদ্ধ পদ্ধতি

স্ব-নিয়ন্ত্ৰক সংস্থাসমূহক লাগিব কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি

Posted On: 17 JUN 2021 6:34PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰখনে আজি কেব’ল টেলিভিচন নেটৱৰ্ক বিধি, ১৯৯৪ ৰ সংশোধনৰ এখনি অধিসূচনা জাৰি কৰে যাৰ জৰিয়তে কেব’ল টেলিভিচন নেটৱৰ্ক আইন, ১৯৯৫ ৰ ব্যৱস্থাৰাজি অনুসৰি, টেলিভিচন চেনেলসমূহে সম্প্ৰচাৰ কৰা বিষয়বস্তুৰে সম্পৰ্কীয় নাগৰিকৰ অভিযোগ/গোচৰৰ নিষ্পত্তিৰ অৰ্থে সংবিধিবদ্ধ পদ্ধতি প্ৰশস্ত কৰা হৈছে।

২। বৰ্তমানে, এই বিধিৰ অধীনত কাৰ্য্যক্ৰম/বিজ্ঞাপন সংহিতা উলংঘনৰে সম্পৰ্কীয় নাগৰিকৰ অভিযোগসমূহ নিষ্পত্তিৰ অৰ্থে আন্তঃমন্ত্ৰালয় কমিটি মাধ্যমেৰে এটি আনুষ্ঠানিক ব্যৱস্থা আছে। একেদৰে, ভিন্ন ব্ৰডকাষ্টাৰে অভিযোগসমূহ নিষ্পত্তিৰ অৰ্থে তেওঁলোকৰ অভ্যন্তৰীণ স্ব-নিয়ন্ত্ৰক ব্যৱস্থাও গঢ়ি তুলিছে। তথাপি, অভিযোগ নিষ্পত্তি প্ৰণালীটো সুদৃঢ়কৰণৰ অৰ্থে এটা সংবিধিবদ্ধ ব্যৱস্থা আৰম্ভৰ প্ৰয়োজনীয়তা অনুধাৱন কৰা যায়। একাংশ ব্ৰডকাষ্টাৰক তদুপৰি তেওঁলোকৰ সন্থা/নিকায়সমূহক আইনী স্বীকৃতি প্ৰদানৰ অৰ্থেও অনুৰোধ কৰা হৈছিল। মহামান্য উচ্চতম ন্যায়ালয়ে “কমন কজ বনাম ইউনিয়ন অৱ ইণ্ডিয়া ও অন্যান্য” প্ৰসংগটোত ডব্লিউপি (চি) নং: ৩৮৭, ২০০০ চনৰ নিৰ্দেশনাত বাহাল থকা কেন্দ্ৰীয় চৰকাৰৰ অভিযোগ নিষ্পত্তি ব্যৱস্থাত সন্তোষ ব্যক্ত কৰে যদিও অভিযোগ নিষ্পত্তি ব্যৱস্থাটোক বিধিসংগত কৰি তুলিবলৈ যথোপযুক্ত বিধি প্ৰণয়নৰ পৰামৰ্শ আগবঢ়াইছিল।

৩। উল্লেখিত পৃষ্ঠপটৰ পৰিপ্ৰেক্ষিতত, এই সংবিধিবদ্ধ পদ্ধতিৰ অৰ্থে কেব’ল টেলিভিচন নেটৱৰ্ক বিধিৰ সংশোধনী ঘটোৱা যায়, যি হ’ব স্বচ্ছ আৰু ই নাগৰিকক লাভান্বিত কৰিব। একে সময়তে, ব্ৰডকাষ্টাৰৰ স্ব-নিয়ন্ত্ৰক সংস্থাসমূহে কেন্দ্ৰীয় চৰকাৰৰ সৈতে পঞ্জীয়নভুক্ত হ’ব লাগিব।

৪। বৰ্তমান ৯০০ ৰোধিক টেলিভিচন চেনেল আছে যিসমূহক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰিছে। এই সকলোবোৰ চেনেলে কেব’ল টেলিভিচন নেটৱৰ্ক বিধিৰ অধীনত প্ৰৱৰ্তন কৰা কাৰ্য্যক্ৰম আৰু বিজ্ঞাপন সংহিতা মানি চলাটো আৱশ্যকীয়। উপৰোক্ত অধিসূচনাখনি এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো ই অভিযোগ নিষ্পত্তিৰ অৰ্থে শক্তিশালী আনুষ্ঠানিক ব্যৱস্থাৰ বাট মুকলি কৰাৰ সমান্তৰালভাৱে ব্ৰডকাষ্টাৰ আৰু তেওঁলোকৰ স্ব-নিয়ন্ত্ৰক সংস্থাসমূহৰ ওপৰত জবাবদিহিতা আৰু দায়িত্ব আৰোপ কৰিছে।

 

***



(Release ID: 1728855) Visitor Counter : 232