PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 11 JUN 2021 6:27PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020FX3.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001BPSF.jpg

 

#Unite2FightCorona#IndiaFightsCorona

Image

Image

Image

ক’ভিড১৯ সংক্রান্তীয় সর্বশেষ তথ্য

কোভিড১৯ টীকাকৰণৰ বিষয়ে সর্বশেষ তথ্য

কেন্দ্রীয়চ ৰকাৰে, ৰাজ্য কেন্দ্রশাসিত অঞ্চলসমূহক বিনামূল্যে তথা পোনপটীয়াকৈ সংগ্রহ কৰি ২৫,৬০,০৮,০৮০ টা কোভিড টীকাৰ ডোজ সৰবৰাহ কৰিছে। ইয়াৰ ভিতৰত ২৪,৪৪,০৬,০৯৬ টা টীকাৰ ডোজ সুবিধাভোগীসকলক দিয়া হৈছে। ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ ওচৰত এতিয়াও ১,১৭,৫৬,৯১১ টা টীকা জমা আছে। অহা তিনি দিনত ৩৮,২১,১৭০টা টীকাৰ ডোজ ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহলৈ পঠোৱা হ’ব।

সবিশেষ জানিবলৈ https://pib.gov.in/PressReleseDetail.aspx?PRID=1726147

• কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয় আৰু টীকাকৰণৰ বিষয়ে বিশেষ ক্ষমতাশালী গোষ্ঠীৰ অধ্যক্ষই কোউইন প’ৰ্টেল হেক হোৱাৰ খবৰটো ভিত্তিহীন বুলি দাবী কৰিছে।

কোউইন টীকা সংক্রান্ত সমস্ত তথ্য নিৰাপদ ডিজিটেল ব্যবস্থাপনাত ৰাখিছে।

কোউইনৰ বাহিৰে কোনেও এইবোৰ সংগ্রহ কৰিব নোৱাৰে।

এক শ্রেণীৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশিত হৈছে যে, হেকাৰে কোউইন প্লেটফর্মটোৰ পৰা তথ্য সংগ্রহ কৰিছে। প্রাথমিকভাবে এই সংবাদ অসত্য বুলি প্রমাণিত হৈছে। কিন্তু কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয় আৰু টীকাকৰণৰ বিষয়ে বিশেষ ক্ষমতাশীল গোষ্ঠীয়ে বৈদ্যুতিন তথ্য প্রযুক্তি মন্ত্রালয়ৰ কম্পিউটাৰ ইমার্জেন্সি ৰেস্পন্স টীমক দি বিষয়টোৰ তদন্ত কৰিছে।

সবিশেষ জানিবলৈ https://pib.gov.in/PressReleseDetail.aspx?PRID=1726112

টীকাকৰণৰ বিষয়ে ভ্রান্ত ধাৰণাৰ অবসান ঘটোৱাৰ উদ্যোগ

কেন্দ্রই ১৬ জানুৱাৰীৰ পৰা ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ সৈতে একত্ৰিত হৈ পোনপটীয়া উদ্যোগত টীকাকৰণ কর্মসূচীৰ সূচনা কৰিছে। কিছু সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদনত কোৱা হৈছে যে গ্রামাঞ্চলত স্বাস্থ্যকর্মীসকলে টীকাক লৈ বিভ্রান্তিৰ সৃষ্টি কৰিছে।

সমগ্ৰ বিশ্ব জুৰি টীকা লোৱাৰ বিষয়ে অনীহা বা ইতস্তত মনোভাব আছে। এই সমস্যাৰ সমাধানত বিজ্ঞানসম্মত তথ্যৰ সহায়ত বিভিন্ন সম্প্রদায়ৰ মাজত প্রচাৰাভিযান চলাব লাগিব। কোভিড-১৯ টীকাকৰণ সংক্রান্ত প্রচাৰৰ কৌশলৰ অঙ্গ হিচাপে ২৫ জানুৱাৰীত এখন বৈঠক হয়। এই বৈঠকত সকলো ৰাজ্যৰ জাতীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালকসকলক টীকাকৰণৰ কৌশল সম্পর্কে জনোৱা হয়। স্থানীয় চাহিদা অনুযায়ী সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহে টীকাৰ বিষয়ে প্রচাৰৰ বাবে প্ৰয়োজনীয় কৌশল অবলম্বন কৰে। মুদ্রণ আৰু বৈদ্যুতিন মাধ্যমত বিভিন্নভাবে প্রচাৰাভিযান চলোৱা হৈছে।

সবিশেষ জানিবলৈhttps://pib.gov.in/PressReleasePage.aspx?PRID=1726330

টীকাকৰণ সম্পর্কে প্রচলিত ধাৰণাৰ বিৰুদ্ধে সঠিক তথ্য

কেন্দ্রীয় চৰকাৰে কোভিড ১৯ টীকাৰ অপচয় কমাবলৈ সক্রিয়ভাবে চেষ্টা কৰি আছে আৰু অতিমাৰি পৰিস্থিতিত টীকাৰ যথার্থ ব্যবহাৰৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহক নির্দেশো দিছে।

কোভিড ১৯ অতিমাৰিয়ে বিশ্ব স্বাস্থ্য ক্ষেত্রক এক অভূতপূর্ব সমস্যাৰ সম্মুখত থিয় কৰাইছে যাৰ ফলত বিশ্ব যোগাযোগ আৰু আচৰণ পদ্ধতিৰ ক্ষেত্ৰত পৰিবর্তন আহিছে। কোভিড ১৯ৰ বিৰুদ্ধে সাধাৰণ মানুহক ৰক্ষা কৰাত টীকাকৰণেই একমাত্র পথ। কোভিড ১৯ অতিমাৰিক শেষ কৰিবলৈ নিৰাপদ কার্যকৰী টীকাদান যথেষ্ট গুৰুত্বপূর্ণ। অৱশ্যে টীকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট সময় লাগে আৰু এই টীকাসমূহৰ চাহিদা সৰবৰাহতকৈ বহুগুণ বেছি। সেয়ে অতিমাৰি মোকাবিলাৰ বাবে এই মূল্যবান অস্ত্রৰ সর্বোত্তম প্রয়োগ ন্যায়সঙ্গত ব্যবহাৰ কৰা উচিত। কোভিড ১৯ টীকাকৰণ প্রক্রিয়া বিশ্বব্যাপী আৰম্ভ হৈছে। অতএব টীকাৰ অপচয় হ্রাস কৰিব লাগিব। যাতে আৰু অধিক সংখ্যক মানুহক টীকা দিয়া যায়, তাৰবাবে উদ্যোগ ল’ব লাগিব। এই ক্ষেত্রত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টীকা অপচয়ৰ বিষয়টো ন্যূনতম কৰাৰ পক্ষত বাৰে বাৰে জোৰ দিছে। যাতে টীকা সর্বাধিক সংখ্যাত মানুহৰ ওচৰত পৌঁছাই দিয়া যায়, তাৰ বাবে উদ্যোগ লৈছে।

সবিশেষ জানিবলৈ https://pib.gov.in/PressReleasePage.aspx?PRID=1726331

বিশিষ্ট ডায়াবেটিক চিকিৎসক, কেন্দ্রীয় মন্ত্রী ডাঃ জীতেন্দ্র সিঙে ডায়াবেটিছ আৰু কোভিডৰ মাজত যোগাযোগৰ বিষয়ে প্রচাৰৰ আহ্বান জনাইছে

কেন্দ্রীয় মন্ত্রী ডাঃ জীতেন্দ্র সিঙে কৈছে যে ডায়াবেটিছ আৰু কোভিডৰ মাজত যোগাযোগৰ বিষয়ে অধিক প্ৰচাৰৰ প্ৰয়োজন। ডাঃ সিং ডায়াবেটিছ আৰু মেডিসিনৰ এজন অধ্যাপক আৰু ৰিছার্চ ছচাইটি ফৰ ষ্টাডি অফ ডায়াবেটিছ ইন ইন্ডিয়াৰ লাইফ পেট্রন। মন্ত্রীজনে কৈছে যে, ডায়াবেটিছ আৰু কোভিডৰ মাজত যোগসূত্রৰ বিষয়ে যথেষ্ট ভ্রান্ত ধাৰণা আছে।

ডায়াবেটিছ ইণ্ডিয়া ৱর্ল্ড কংগ্রেছ ২০২১ উদ্বোধনী অধিবেশনত ভাষণ দিয়ার সময়ত ডাঃ সিঙে কয়, অন্যান্য ক্ষেত্রৰ দৰে কোভিডেও শিক্ষা ক্ষেত্রত নতুন নতুন দিশ লৈ আৰু পর্যালোচনাৰ সুযোগ আনি দিছে। এই আন্তর্জাতিক সন্মিলনখন তাৰেই প্রতিফলন। যোৱা দুটা দশক ধৰি ভাৰতত টাইপ টু ডায়াবেটিছ মেলিটাছত আক্রান্ত মানুহৰ সংখ্যা ক্রমশ বাঢ়িছে। দুটা দশক আগতে এই বিশেষ ধৰণৰ ডায়াবেটিছ মূলত দক্ষিণ ভাৰতত সীমাবদ্ধ আছিল। কিন্তু আজি সেয়া সমগ্র উত্তৰ ভাৰততো বিয়পি পৰিছে। একেদৰে মহানগৰ, চহৰৰ পৰা গ্রামাঞ্চলতো এই ধৰণৰ ডায়াবেটিছ আক্রান্তৰ খবৰ পোৱা গৈছে।

সবিশেষ জানিবলৈ https://pib.gov.in/PressReleasePage.aspx?PRID=1726324

এইচআইভি / এইডছ প্ৰতিৰোধত ৰাষ্ট্রসংঘ সাধাৰণ পৰিষদৰ ৭৫তম অধিবেশনত ডাঃ হর্ষ বর্ধনে ভাষণ দিয়ে

ভাৰতে প্ৰমাণ কৰিছে যে শক্তিশালী ৰাজনৈতিক নেতৃত্বৰ সহায়ত যিকোনো মহামাৰীত অসাম্য দূৰ কৰা যায়। কোভিড – ১৯ মহামাৰীৰ সময়ত ভাৰতে বিভিন্ন সম্প্রদায়, সুশীল সমাজ আৰু উন্নয়নত অংশীদাৰসকলক যুক্ত কৰি এইচআইভি পৰিসেৱাৰ ক্ষেত্ৰত কোভিড যাতে সমস্যাৰ কাৰণ হৈ নপৰে, সেই কথা সুনিশ্চিত কৰিছে। ভাৰতত এইচআইভি সংক্রমিত ব্যক্তিসকলৰ মানবাধিকাৰ ৰক্ষাৰ বাবে ২০১৭ চনৰ এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন কার্যকৰী হৈছে।

সবিশেষ জানিবলৈ https://pib.gov.in/PressReleseDetail.aspx?PRID=1726142

দেশৰ নানা প্রান্তত অক্সিজেন এক্সপ্রেছ ৩৫,১৮৫ মেট্রিকটন চিকিৎসাৰ কামত ব্যবহৃত তৰল অক্সিজেন পৰিবহণ কৰিছে

• অক্সিজেন এক্সপ্রেছবিলাকে দক্ষিণৰ বিভিন্ন ৰাজ্যলৈ ১৪,৮০০ মেট্রিকটন চিকিৎসাৰ কামত ব্যবহৃত তৰল অক্সিজেন সৰবৰাহ কৰিছে।

• দেশৰ নানা প্রান্তত অক্সিজেন এক্সপ্রেছে ৩৫,১৮৫ মেট্রিকটন চিকিৎসাৰ কামত ব্যবহৃত তৰল অক্সিজেন পৰিবহণ কৰিছে

• ৪০৯খন অক্সিজেন এক্সপ্রেছ নির্ধাৰিত গন্তব্যত পাইছে গৈ।

সবিশেষ জানিবলৈ- https://pib.gov.in/PressReleasePage.aspx?PRID=1726320

কেন্দ্রই বিভিন্ন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ সৈতে কোভিড১৯ৰ টীকাকৰণ আৰু জনস্বাস্থ্য সংক্রান্ত বিভিন্ন পদক্ষেপ সম্পৰ্কে পর্যালোচনা কৰিছে

কেন্দ্রীয় স্বাস্থ্য সচিব শ্রী ৰাজেশ ভূষণে পৰিবর্তিত নীতি – নির্দেশিকা অনুযায়ী জাতীয় টীকাকৰণ কর্মসূচী পৰিচালনাৰ বাবে কালি এখন উচ্চপর্যায়ৰ বৈঠকত পৌৰোহিত্য কৰে। সচিব, স্বাস্থ্যকর্মী আৰু আগশাৰীত থকা কর্মীসকলৰ টীকাকরণত দ্বিতীয় ডোজ খুব কম সুবিধেভোগীয়ে লৈছে, এই সংক্রান্ত তথ্যত উদ্বেগ প্রকাশ কৰিছে।

সবিশেষ জানিবলৈ https://pib.gov.in/PressReleasePage.aspx?PRID=1726150

কেন্দ্রই -সঞ্জীবনী ব্যবস্থাপনাৰ মাধ্যমত ৬০ লক্ষ পৰামর্শ টেলিমেডিছিন পৰিসেৱাৰ সহায়ত দিছে

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ জাতীয় টেলিমেডিছিন পৰিসেৱা – ই-সঞ্জীবনীয়ে আৰু এটা মাইলৰ খুটি অতিক্রম কৰিলে। ৩৭৫টা অনলাইন বহিঃবিভাগ ব্যবস্থাপনাত ১৬০০ চিকিৎসক আৰু বিশেষজ্ঞই ৪০ হাজাৰৰ অধিক ৰোগীক ৬০ লক্ষৰ ওপৰত পৰামর্শ দিছে। ই-সঞ্জীবনী পৰিসেৱা ৩১খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত পোৱা যায়।

সবিশেষ জানিবলৈ- https://pib.gov.in/PressReleasePage.aspx?PRID=1725993

পিআইবিৰ ফিল্ড ইউনিটসমূহৰ পৰা প্রাপ্ত তথ্য

 

কেৰালা : সপ্তাহান্তত সম্পূৰ্ণ লকডাউনৰ আগত ৰাজ্য আজি বিধি – নিষেধৰ বিশেষ ৰেহাই দিয়া হৈছে। ৩৪ দিন ধৰি কেৰালাত লকডাউন চলিছে। আজি ই-পাছ নোহোৱাকৈ স্বপ্রত্যায়িত হলফনামা দেখুৱাই মানুহে যাতায়াত কৰিব পাৰিছে।

তামিলনাডু : ৰাজ্যৰ মুখ্যমন্ত্রীয়ে লকডাউনৰ বিধি - নিষেধত কি কি ৰেহাই দিয়া যায়, সেই সন্দৰ্ভত আলোচনা কৰিবলৈ কালি এখন উচ্চপর্যায়ৰ বৈঠকত যোগ দিয়ে। তামিলনাডুত ১৪ জুনত লকডাউন শেষ হৈছে। তিৰুপ্পুৰ জিলাপ্রশাসনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে আৱণ্টিত ৮০০টা টীকাৰ ডোজ বেচৰকাৰী বস্ত্র কাৰখানাত বিক্রীৰ যি অভিযোগ উঠিছে, তাৰ তদন্তৰ নির্দেশ দিছে।

কর্ণাটক : ৰাজ্যখনত ১১খন জিলাত সংক্রমণৰ হাৰ যথেষ্ট বেছি। তাত কঠোৰ বিধি – নিষেধৰ মাজত লকডাউন চলিছে। বাকী ২০খন জিলাত সংক্রমণ কম হোৱাত তাত লকডাউনৰ বিধি – নিষেধত কিছু ৰেহাই দিয়া হৈছে।

অন্ধ্রপ্রদেশ : অন্ধ্রপ্রদেশ হাইকোৰ্টে বৃদ্ধাবাস আৰু সংশোধনাগাৰত থকা মানুহৰ কোভিড – ১৯ৰ টীকা দিয়াৰ বাবে ৰাজ্য চৰকাৰক নির্দেশ দিছে। ইয়াৰ উপৰিও আধাৰ কার্ড নোহোৱাকৈয়ে প্ৰব্ৰজিত শ্রমিকসকলে যাতে টীকা পায়, তাৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক কোৱা হৈছে। বৃদ্ধাবাসত দিনৰ ভিতৰত টীকাকৰণৰ কাম শেষ কৰিব লাগিব।

তেলেঙ্গানা : ৰাজ্যখনত নতুনকৈ ১৭৯৮জন সংক্রমিত হৈছে আৰু আকৌ ১৪জন সংক্রমিতই প্ৰাণ হেৰুৱাইছে। হায়দ্রাবাদ ভিত্তিক চিএছআইআৰৰ অধীনস্থ চেন্টাৰ ফৰ ছেলুলাৰ এন্ড মলিকিউলাৰ বায়োলজিয়ে কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টক লৈ গবেষণামূলক কাম আৰম্ভ কৰিছে।

মহাৰাষ্ট্র : ৰাজ্যখনত কোটি ৫০ লক্ষ টীকাৰ ডোজ দিয়া হৈছে। ৰাজ্য স্তৰত কোভিড মুক্তিৰ হাৰ ৯৫.৪৫ শতাংশ। এই বছৰৰ ফেব্ৰুৱাৰীৰ ২৩ তাৰিখৰ পিছত কালি মুম্বাইত নতুন সংক্রমণৰ সংখ্যা আছিল সবাতোকৈ কম– ৬২০ জন।

গুজৰাট : কোভিড-১৯ৰ সংক্ৰমণৰ হাৰ যথেষ্ট কমি যোৱাত আনলক প্রক্রিয়া আজিৰ পৰা আৰম্ভ হৈছে। হোটেল আৰু ৰেস্তোৰাঁ পুৱা ৯টাৰ পৰা সন্ধ্যা ৭টা পর্যন্ত খোলা থাকিব আৰু নির্ধাৰিত আসনৰ ৫০ শতাংশ মানুহ তালৈ যাব পাৰিব। পার্ক আৰু লাইব্রেৰীও পুৱা ৬টাৰ পৰা সন্ধ্যা ৭টা পর্যন্ত খোলা থাকিব।

ৰাজস্থান : ৰাজস্থানত যিসকলৰ সচিত্র পৰিচয়পত্র নাই আৰু যাৰ ক্ষেত্ৰত অনলাইনত টীকাৰ বাবে নাম নথিভুক্ত কৰাটো সম্ভব নহয়, সেইসকল মানুহৰ টীকাকৰণৰবাবে বিশেষ ব্যবস্থা লোৱা হৈছে। কেন্দ্রৰ পৰামর্শ অনুযায়ী স্বাস্থ্য দপ্তৰে ভিন্নভাবে সক্ষম, যাযাবৰ, বিভিন্ন সংশোধনাগাৰত থকা বন্দী আৰু মানসিক হাসপাতালত চিকিৎসাৰত ৰোগীসকলৰ টীকাকৰণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে।

মধ্যপ্রদেশ : মধ্যপ্রদেশত টীকাৰ বিষয়ে সচেতনতা গঢ়ি তুলিবলৈ তথ্য সম্প্রচাৰ মন্ত্ৰালয়ে বিশেষ উদ্যোগ লৈছে। কৃষকসকলৰ বাবে টীকাকৰণৰ ব্যবস্থা কৰা হৈছে। ৰাজ্য স্বাস্থ্য দপ্তৰৰ সৈতে ইউনিছেফ আৰু প্ৰেছ ইনফরমেশ্যন ব্যুৰোৱে কৃষকসকলৰ মাজত মত বিনিময়ৰ ব্যৱস্থা কৰিছে।

ছত্তিশগড় : ৰাজ্যখনত কোভিড সংক্রমণৰ হাৰ নিম্নমুখী হোৱাত ছত্তিশগড় প্রশাসনে কোভিড সংক্রমিত নহয়, এইধৰণেৰ স্বাস্থ্য পৰিসেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনত মুঠ জনসংখ্যাৰ ২০ শতাংশ মানুহে টীকাৰ এটা ডোজ অন্তত পাইছে।

গোৱা : গোৱাৰ কৰোণা সংক্রমিতৰ সংখ্যা ৪১৩ জন বৃদ্ধি পোৱাত মুঠ সংক্ৰমিত ১,৬১,১৫৩ –জন হৈছেগৈ। নতুনকৈ ৬০০ জন কৰোনামুক্ত হৈছে।

অসম : মুখ্যমন্ত্রী হিমন্ত বিশ্বশর্মাই জনাইছে যে পহিলা জুলাইৰ ভিতৰত কোভিড সংক্রমণৰ হাৰ শতাংশৰ তললৈ নামিলে ১৫ – ২০ জুলাইত দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা লোৱা হ’ব। মুখ্যমন্ত্রীয়ে কালি গুৱাহাটীত উত্তৰ-পূবৰ ডিআৰডিওৰ সহায়তাত ৩০০ শয্যাৰ কোভিড হাসপাতালৰ উদ্বোধন কৰিছে।

মণিপুৰ : কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জনাইছে, কেন্দ্রই ৰাজ্যখনত দুটা অক্সিজেন প্ল্যান্ট প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে। আৰআইএমএছত ইম্ফলত যি অক্সিজেন প্ল্যান্ট গঢ়ি উঠিব তাৰ পৰা ১০০০ লিটাৰ তৰল অক্সিজেন উৎপন্ন হ’ব।

মেঘালয় : ১৩ দিন পিছত ৰাজ্যখনত নতুন সংক্রমিততকৈ সুস্থ হৈ উঠাৰ সংখ্যা বেছি। কোভিড – ১৯ৰ তৃতীয় ঢৌৰ পৰা মানুহক ৰক্ষা কৰাৰ বাবে এখন কমিটি গঠন কৰা হৈছে। শিশুৰ চিকিৎসক তথা গাইনোকোলজিস্টসকল এই কমিটিত আছে। কমিটিৰ ছুপাৰিশ অনুযায়ী পৰবর্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

নাগালেণ্ড: নাগালেণ্ডত যোৱা বৃহস্পতিবাৰে ১১৩ জন নতুনকৈ সংক্রমিত হৈছে। এই সময়ত মৃত্যু হৈছে জন।

ত্রিপুৰা : ৰাজ্যখনত ১৮ জুন পর্যন্ত আগৰতলা পৌৰনিগম সহ ৬টা পৌৰসভাত কোভিড কাৰফিউ জাৰি থাকিব। যোৱা ২৪ ঘন্টাত ত্ৰিপুৰাত আকৌ জননৰ মৃত্যু হৈছে।

ছিক্কিম : নোভেল কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত আকৌ জনে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনত সক্রিয় সংক্রমিতৰ সংখ্যা ৪০৪০ জন।

পাঞ্জাব : ৰাজ্যখনত ৫,৮৪,৭৮৫ জন নতুনকৈ সংক্রমিত হৈছে। ৪৫ বছৰৰ ঊর্ধ্বৰ মানুহৰ ৩০,৩৮,১৭৫ জনক টীকাৰ প্ৰথম ডোজ দিয়া হৈছে। আৰু দ্বিতীয় ডোজ পাইছে, ৪৯৯০২৪ জনে।

হাৰিয়ানা : ৰাজ্যখনত নতুনকৈ সংক্রমিত হৈছে৭৬৪৬৩৩ জন। এই পর্যন্ত ৬৩,১৫,৭৩৬ জনে টীকার ডোজ পাইছে।

চন্ডীগড় : এই কেন্দ্রশাসিত অঞ্চলত মুঠ ৬০৯২৮ জনৰ শৰীৰত কোভিড সংক্রমণ ধৰা পৰিছে। এই মুহুর্তত সক্রিয় সংক্রমিত ৫৮১ জন।

হিমাচল প্রদেশ : আজিপর্যন্ত ৰাজ্যখনত ১৯৭৪৩৮ জন সংক্রমিত হৈছে। বর্তমান ৬৩৩৮ জন সম্পূর্ণ সুস্থ হৈ উঠিছে।

 

****

 



(Release ID: 1726852) Visitor Counter : 287