PIB Headquarters

ক’ভিড সন্দৰ্ভত পিআইবি-ৰ বুলেটিন

Posted On: 09 JUN 2021 5:38PM by PIB Guwahati

https://static.pib.gov.in/WriteReadData/userfiles/image/image0020FX3.pnghttps://static.pib.gov.in/WriteReadData/userfiles/image/image001BPSF.jpg

  • দ্বিতীয়টো দিনৰ বাবে নতুনকৈ আক্ৰান্তৰ সংখ্যা ১লাখৰ তলত, যোৱা ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হ’ল ৯২,৫৯৬গৰাকী
  • দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হ’লগৈ ২,৭৫,০৪,১২৬গৰাকী
  • যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিলে ১,৬২,৬৬৪গৰাকী ৰোগীয়ে
  • আৰোগ্যৰ সংখ্যাই একেৰাহে ২৭দিন ধৰি চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক
  • আৰোগ্যৰ হাৰ বৃদ্ধি পালে ৯৪.৫৫%লৈ
  • আক্ৰান্তৰ সাপ্তাহিক হাৰ হ’ল ৫.৬৬%
  • আক্ৰান্তৰ দৈনিক হাৰ হ’ল ৪.৬৬%, একেৰাহে ১৬দিন ১০%ৰ তলত
  • নমুনা পৰীক্ষণৰ সামৰ্থ্য উৰ্ধ্বগামী হৈছে লক্ষণীয় হাৰত- সৰ্বমুঠ ৩৭.০১কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন
  • ৰাষ্ট্ৰজোৰা টীকাকৰণ অভিযানৰ জৰিয়তে ২৩.৯কোটি পালি প্ৰতিষেধক প্ৰদান

 

#Unite2FightCorona#IndiaFightsCorona

Image

Image

Image

Image

’ভিড বিৰোধী অভিযানৰ শেহতীয়া স্থিতি

  • দ্বিতীয়টো দিনৰ বাবে নতুনকৈ আক্ৰান্তৰ সংখ্যা ১লাখৰ তলত, যোৱা ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হ’ল ৯২,৫৯৬গৰাকী
  • ৫৭দিনৰ পিচত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১৩লাখৰ তললৈ নামিল
  • যোৱা ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ৭২,২৮৭গৰাকী
  • দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হ’লগৈ ২,৭৫,০৪,১২৬গৰাকী
  • যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিলে ১,৬২,৬৬৪গৰাকী ৰোগীয়ে
  • আৰোগ্যৰ সংখ্যাই একেৰাহে ২৭দিন ধৰি চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক
  • আৰোগ্যৰ হাৰ বৃদ্ধি পালে ৯৪.৫৫%লৈ
  • আক্ৰান্তৰ সাপ্তাহিক হাৰ হ’ল ৫.৬৬%
  • আক্ৰান্তৰ দৈনিক হাৰ হ’ল ৪.৬৬%, একেৰাহে ১৬দিন ১০%ৰ তলত
  • নমুনা পৰীক্ষণৰ সামৰ্থ্য উৰ্ধ্বগামী হৈছে লক্ষণীয় হাৰত- সৰ্বমুঠ ৩৭.০১কোটি নমুনাৰ পৰীক্ষণ সম্পন্ন

ৰাষ্ট্ৰজোৰা টীকাকৰণ অভিযানৰ জৰিয়তে ২৩.৯কোটি পালি প্ৰতিষেধক প্ৰদান, যোৱা ২৪ঘণ্টাত ২৭.৭লাখ পালিৰো অধিক প্ৰতিষেধক প্ৰদান

সবিশেষ তথ্য: https://pib.gov.in/PressReleseDetail.aspx?PRID=1725529

’ভিড-১৯ টীকাকৰণৰ শেহতীয়া স্থিতি

ভাৰত চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ (বিনামূলীয়া আৰু প্ৰত্যক্ষ ভাবে ৰাজ্যৰ সংগ্ৰহ এই দুই শ্ৰেণীভুক্ত) এই পৰ্যন্ত ২৫কোটিৰো অধিক (২৫,০৬,৪১,৪৪০)পালিৰো অধিক প্ৰতিষেধক যোগান ধৰিছে।

ইয়াৰে আধানাৰ্জি হোৱাকো ধৰি মুঠ ২৩,৭৪,২১,৮০৮পালি (আজি পুৱা ৮বজা পৰ্যন্ত উপলব্ধ তথ্যানুসৰি) ব্যৱহৃত হৈছে।

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত দিব পৰাকৈ এতিয়াও জমা আছে ১.৩৩কোটি পালিৰো অধিক(১,৩৩,৬৮,৭২৭) প্ৰতিষেধক।

 

সবিশেষ তথ্য://pib.gov.in/PressReleseDetail.aspx?PRID=1725535

 

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ সম্প্ৰসাৰিত হ’ল দীপাৱলী পৰ্যন্ত

  • নৱেম্বৰ পৰ্যন্ত দেশৰ ৮০কোটি লোকে প্ৰতিমাহে বিনমূলীয়াকৈ লাভ কৰিব খাদ্যদ্ৰব্য
  • ‘পিএমজিকেএওৱাই’-ৰ অধীনত ভাৰতীয় খাদ্য নিগমে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ যোগান ধৰিছে ৬৯লাখ মেট্ৰিকটন বিনামূলীয়া খাদ্যদ্ৰব্য
  • ‘পিএমজিকেএওৱাই’-ৰ অধীনত মে ২০২১ত পাবলগীয়া বিনামূলীয়া খাদ্যদ্ৰব্যৰ ১০০শতাংশই মোকলাই নিছে দেশৰ ৩৬খন ৰাজ্যই
  • উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাই মে’-জুন, ২০২১ৰ বাবে পাব লগা সমুদায় খাদ্যদ্ৰব্য মোকলাই নিছে।
  •  

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৭ জুন, ২০২১ত ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ সময়সীমা দীপাৱলী পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰিছিল। অৰ্থাত, অহা নৱেম্বৰ মাহ পৰ্যন্ত দেশৰ ৮০কোটি লোকে পিএমজিকেএওৱাই-ৰ অধীনত প্ৰতিমাহে বিনামূলীয়া খাদ্যদ্ৰব্য লাভৰ সুযোগ লাভ কৰিব।

সবিশেষ তথ্য: https://pib.gov.in/PressReleasePage.aspx?PRID=1725351

 

‘অক্সিজেন এক্সপ্ৰেছ’-য়ে ৰাষ্ট্ৰ জুৰি যোগান ধৰিছে প্ৰায় ২৭৬০০মেট্ৰিক টন ‘এলএমঅ’

  • সমগ্ৰ দেশ জুৰি অক্সিজেন যোগানৰ যাত্ৰা সম্পূৰ্ণ কৰিছে ৩৯২খন ‘অক্সিজেন এক্সপ্ৰেছ’-য়ে
  • এই পৰ্যন্ত ১৬০৩টা টেংকাৰৰ জৰিয়তে ‘অক্সিজেন এক্সপ্ৰেছে’ ‘এলএমঅ’ প্ৰেৰণ কৰাৰ উপৰি ১৫খন ৰাজ্যলৈ সৰবৰাহ কৰিছে সাহায্য সামগ্ৰী
  • ‘অক্সিজেন অক্সপ্ৰেছ’-ৰ জৰিয়তে তামিল নাডুলৈ নিয়া হৈছে ৩৭০০মেট্ৰিক টনৰো অধিক ‘এলএমঅ’
  • তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকলৈ কঢ়িওৱা ‘এলএমঅ’-ৰ পৰিমাণ হ’ল ক্ৰমে ২৭০০, ৩০০০, আৰু ৩৩০০ৰো অধিক মেট্ৰিক টন
  • মহাৰাষ্ট্ৰত নমোৱা হৈছে ৬১৪মেট্ৰিক টন অক্সিজেন, সেইদৰে প্ৰায় ৩৭৯৭মেট্ৰিক টন উত্তৰ প্ৰদেশত, ৬৫৬মেট্ৰিক টন মধ্য প্ৰদেশত, ৫৭৯০মেট্ৰিক টন দিল্লীত, ২২১২মেট্ৰিক টন হাৰিয়াণাত, ৯৮মেট্ৰিক টন ৰাজস্থানত, ৩৩৪১মেট্ৰিক টন কৰ্ণাটকত, ৩২০মেট্ৰিক টন উত্তৰাখণ্ডত, ৩৭৭৩মেট্ৰিক টন তামিল নাডুত, ৩০৪৯মেট্ৰিক টন অন্ধ্ৰ প্ৰদেশত, ২২৫মেট্ৰিক টন প্জাৱত, ৫১৩মেট্ৰিক টন কেৰালাত, ২৭৬৫মেট্ৰিক টন তেলেংগানাত, ৩৮মেট্ৰিক টন ঝাৰখণ্ডত আৰু ৪০০মেট্ৰিক টন অক্সিজেন অসমত নমোৱা হৈছে।

 

সবিশেষ তথ্য: https://pib.gov.in/PressReleasePage.aspx?PRID=1725353

 

২-ডিঅক্সি-ডি-গ্লুকজ-ৰ সংশ্লেষণ সম্পৰ্কীয় তথ্য বিশ্লেষণৰ বাবে ‘লী ফাৰ্মা লিমিটেড’লৈ ‘চিএছআইআৰ’-‘আইআইচিটি’-ৰ অনুজ্ঞা প্ৰক্ৰিয়া

 

সবিশেষ তথ্য: https://pib.gov.in/PressReleseDetail.aspx?PRID=1725576

 

ভাৰতীয় চিকিত্সালয়লৈ থলুৱা আৰ্হি আৰু উত্পাদন কৰা হাই পিউৰিটী অক্সিজেন কনচেণ্ট্ৰেটৰ-ৰ যোগান

 

সবিশেষ তথ্য: https://pib.gov.in/PressReleseDetail.aspx?PRID=1725607

 

’ভিড-১৯ৰ চিকিত্সাৰে জড়িত ২০ বনৌষধী সন্দৰ্ভত যুগুতোৱা ‘ই-গ্ৰন্থ’ মুকলি কৰিলে কিৰেণ ৰিজিজুয়ে

 

সবিশেষ তথ্য: https://pib.gov.in/PressReleasePage.aspx?PRID=1725423

 

 

Inputs from PIB Field Units

 

অসম: শেহতীয়া ২৪ ঘণ্টাত ৪৩গৰাকী লোকৰ মৃত্যুৰে ক’ভিড সংক্ৰমণৰ সংকট অব্যাহত আছে ৰাজ্যখনত। মঙলবাৰে ৰাজ্যখনত ৩,৯৪৮গৰাকী লোক নতুনকৈ ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰা হৈছে। আক্ৰান্তৰ হাৰ ২.৯৬শতাংশ। ৰাজ্যখনৰ কোনো চিকিত্সালয়ে যাতে অধিক হাৰত মাচুল নলয় সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে সকীয়াই দিয়ে। ইফালে, ৰাজ্যখনত কভিড-উত্তৰ চিকিত্সা কৰিব পৰা চিকিত্সালয় স্থাপন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

মণিপুৰ: ৰাজ্যখনত যোৱা ২৪ঘণ্টাত ৭৪৮গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১২গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ খাংবক প্ৰথম খণ্ড খুল্লাকপামলেকেই, থৌবালৰ এটি সাতমহীয়া শিশুৰ মাতৃ এগৰাকীয়ে দুৰ্ভাগ্যজনক ভাবে মৃত্যুবৰণ কৰে। তেওঁ সোমবাৰে ‘ক’ভিশ্বিল্ড’ প্ৰতিষেধক গ্ৰহণ কৰিছিল।

নাগালেণ্ড: ৰাজ্যখনত ১৩৩গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত কৰা বিপৰীতে ৩গৰাকী লোক প্ৰাণ হেৰুৱাইছে। ইফালে, ৪৬৭৬গৰাকী সক্ৰিয় ৰোগীৰ সৈতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ

ত্ৰিপুৰা: ৰাজ্যখনত ৭০০গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৰাজ্যখনত যোৱা ২৪ঘণ্টাত মৃত্যু হয় ৫গৰাকী লোকৰ। ৰাজ্যখনত আক্ৰান্তৰ সামগ্ৰিক হাৰ ৪.৪১% হোৱাৰ বিপৰীতে আগৰতালা পৌৰ সভাৰ অন্তৰ্গত এলেকাত আক্ৰান্তৰ হাৰ হ’ল ১১.৯৯%।

ছিক্কিম: ৰাজ্যখনত পৰীক্ষা কৰা ৩,০২৬ নমুনাৰ বিপৰীতে ২৫৫গৰাকী আক্ৰান্তক চিনাক্ত কৰা হৈছে। এইখিনি সময়ত ৰাজ্যখনত আক্ৰান্ত ১৭,৪২৫গৰাকী ব্যক্তিৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১২,৮৯৪গৰাকী লোকে। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪,০১৮গৰাকী। কভিড-ৰ দ্বিতীয়টো ঢৌৰ এই প্ৰায় ডেৰটা মাহত ৰাজ্যখনত ২৭৫গৰাকী লোকে মৃত্যু সাৱটিব লগীয়া হৈছে।

মেঘালয়: ৰাজ্যখনত ৩১দিনৰ পিচত দৈনিক আক্ৰান্তৰ সংখ্যা ৪০০ৰ তললৈ নমাৰ লগতে ২২দিনৰ পিচত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০০০ৰ তললৈ নামিছে। যোৱা ২৪ঘণ্টাত ৩৭৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৰাজ্যখনত আৰোগ্য লাভ কৰিছে ৭৭৩গৰাকী লোকে। ইয়াকে লৈ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ৪,৯২৪গৰাকী।

****



(Release ID: 1725829) Visitor Counter : 248