কেবিনেট
‘চাংহাই মৈত্ৰী সংগঠন’ৰ সকলো সদস্য ৰাষ্ট্ৰৰ মাজত গণ-মাধ্যমৰ ক্ষেত্ৰত সহযোগিতা স্থাপন চুক্তিলৈ সমৰ্থন তথা স্বাক্ষৰদান সম্পৰ্কীয় প্ৰস্তাৱলৈ কেন্দ্ৰীয় কেবনেটৰ অনুমোদন
प्रविष्टि तिथि:
02 JUN 2021 12:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই ‘চাংহাই মৈত্ৰী সংগঠন’ৰ সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ মাজত ‘গণ মাধ্যমৰ ক্ষেত্ৰত সহযোগিতা স্থাপন চুক্তি’লৈ সমৰ্থন তথা স্বাক্ষৰদান সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে। উল্লেখ্য যে চুক্তিখন সম্পাদিত হৈছিল ২০১৯চনৰ জুন মাহত।
গণ মাধ্যমৰ ক্ষেত্ৰত সংগঠনটোৰ সদস্য দেশসমূহৰ মাজত সমতাপূৰ্ণ আৰু পাৰস্পৰিক সহযোগিতাৰ উত্তৰণ সাধনৰ উদ্দেশ্য আগত ৰাখি চুক্তিখন স্বাক্ষৰিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ বাবে সমতা সুনিশ্চিত কৰিব পৰাকৈ ইখনে সিখনক সহযোগিতা আগবঢ়োৱাৰ জৰিয়তে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে প্ৰত্যেকেই পদক্ষেপ গ্ৰহণৰ সহমত ব্যক্ত কৰা হৈছিল। গণ মাধ্যমসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহে কৰা উত্তম অনুশীলন তথা নতুন উদ্ভাৱনশৈলীসমূহ পৰস্পৰৰ মাজত অংশীদাৰিত্ব প্ৰদানৰ সুযোগ এই চুক্তিখনে প্ৰদান কৰিব বুলি আশা কৰি অহা হৈছে।
***
DS/KB
(रिलीज़ आईडी: 1723838)
आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam