স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

হ্ৰাস হোৱাৰ ধাৰাবাহিক প্ৰৱণতা বজাই ৰাখি ভাৰতৰ দৈনিক ভিত্তিত নতুনকৈ আক্রান্তৰ সংখ্যা ১.৬৫ লাখলৈ অৱনমিত হৈছে

দৈনিক ভিত্তিত নতুনকৈ আক্রান্তৰ সংখ্যা বিগত ৪৬ দিনৰ ভিতৰত সৰ্বনিম্ন

যোৱা ২৪ ঘণ্টাত ১,১৪,২১৬ হ্ৰাস হোৱাৰ সৈতে, সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ২১,১৪,৫০৮লৈ হ্ৰাস পাইছে

দৈনিক সুস্থতাৰ সংখ্যা একেৰাহে ১৭ তম দিনৰ বাবে নতুনকৈ আক্রান্তৰ সংখ্যাতকৈ অধিক হৈ আছে

সুস্থতাৰ হাৰ ৯১.২৫% লৈ বৃদ্ধি হৈছে

একেৰাহে ৬দিন আক্ৰান্তৰ হাৰ ১০% তকৈ কমৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি দৈনিক আক্ৰান্তৰ হাৰ ৮.০২% হৈছে

এতিয়ালৈকে কৰা মুঠ ৩৪.৩ কোটি পৰীক্ষা সম্পন্ন কৰা হৈছে

বিগত ২৪ ঘণ্টাত ৩০.৩৫ লাখতকৈ অধিক (৩০,৩৫,৭৪৯) ভেকছিনৰ পালি দিয়া হৈছে

Posted On: 30 MAY 2021 10:28AM by PIB Guwahati

ভাৰতত সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা নিৰন্তৰ অৱনমিত হৈ আহিছে। সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা পুনৰবাৰ হ্ৰাস পাইছে। আজি সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা হৈছে ২১,১৪,৫০৮।

 

বিগত ২৪ ঘণ্টাত সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,১৪,২১৬ টা হ্ৰাস পাইছে  আৰু সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা এতিয়া দেশৰ মুঠ আক্ৰান্তৰ মাত্ৰ ৭.৫৮%।

 

দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই আহিছে। দেশত এতিয়া ধাৰাবাহিক ৩টা দিনৰ বাবে দৈনিক ২ লাখতকৈও কম নতুন আক্ৰান্ত ঘটনা নথিভুক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১,৬৫,৫৫৩টা দৈনিক নতুন আক্ৰান্তৰ সংখ্যা পঞ্জীয়ন কৰা হৈছে।

 

ভাৰতৰ দৈনিক সুস্থতাৰ সংখ্যা একেৰাহে ১৭ দিনৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ অধিক হৈ আছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ২,৭৬,৩০৯ জন লোক।

 

দৈনিক নতুন আক্ৰান্তৰ সংখ্যাৰ তুলনাত যোৱা ২৪ ঘণ্টাত ১,১০,৭৫৬জন লোক সুস্থ হৈ উঠিছে।

 

কোভিড মহামাৰীৰ আৰম্ভণিৰ পৰা সংক্ৰমিত লোকসকলৰ ভিতৰত ২,৫৪,৫৪,৩২০জন লোক ইতিমধ্যে আৰোগ্য হৈছে আৰু যোৱা ২৪ ঘণ্টাত ২,৭৬,৩০৯জন ৰোগী আৰোগ্য হৈছে। ইয়ে সামগ্ৰিক আৰোগ্যৰ হাৰ ৯১.২৫% কৰে।

 

দেশত যোৱা ২৪ ঘণ্টাত মুঠ ২০,৬৩,৮৩৯টা পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু সামগ্ৰিকভাৱে ভাৰতে এতিয়ালৈকে ৩৪.৩১ কোটি পৰীক্ষা সম্পন্ন কৰিছে।

 

সমগ্ৰ দেশতে পৰীক্ষা বৃদ্ধি কৰাৰ সময়তে সাপ্তাহিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাটো অব্যাহত আছে। সাপ্তাহিক আক্ৰান্তৰ হাৰ বৰ্তমান ৯.৩৬% ত আছে, আনহাতে দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে আৰু আজি ৮.০২% হৈছে। ই এতিয়া একেৰাহে ৬ দিনৰ বাবে ১০% তকৈ কম হৈ আছে।

 

দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত দেশত প্ৰদান কৰা কোভিড-১৯ ভেকছিন পালিৰ মুঠ সংখ্যাই আজি ২১.২০ কোটি অতিক্ৰম কৰিছে।

 

আজি পুৱা ৭ বজালৈকে অস্থায়ী প্ৰতিবেদন অনুসৰি মুঠ ২১,২০,৬৬,৬১৪ টা ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৩০.৩৫লাখতকৈও অধিক (৩০,৩৫,৭৪৯) ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।

 

  ***

MV/KG



(Release ID: 1723030) Visitor Counter : 143