স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী অভিযানৰ শেহতীয়া স্থিতি

Posted On: 29 MAY 2021 9:17AM by PIB Guwahati

দিনটোত নতুনকৈ আক্ৰান্তৰ সংখ্যা হ’ল ১.৭৩লাখ, নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ অৱনমনৰ ধৰা অব্যাহত।

দিনটোত আক্ৰান্তৰ সংখ্যা ৪৫দিনৰ ভিতৰতে সৰ্বনিম্ন।

সক্ৰিয় ৰোগীৰ সংখ্যা ২২,২৮,৭২৪গৰাকীলৈ নামিল।

যোৱা ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ১,১৪,৪২৮গৰাকী।

এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হ’ল ২,৫১,৭৮,০০১১গৰাকী।

যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ২,৮৪,৬০১গৰাকীয়ে।

একেৰাহে ১৬দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক।

সামগ্ৰিক ভাবে দেশৰ আৰোগ্যৰ হাৰ ৯০.৮০%।

আৰোগ্যৰ সাপ্তাহিক গড় হাৰ ৯.৮৪%।

আক্ৰান্তৰ দৈনিক হাৰ ৮.৩৬%, একেৰাহে ৫দিন ধৰি ১০%ৰ তলত।

দেশ জুৰি চলা টীকাকৰণ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২০.৮৯কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে-এই পৰ্যন্ত দেশত সম্পন্ন কৰা হয় ৩৪.১কোটি নমুনাৰ পৰীক্ষণ।

***

MV/KB



(Release ID: 1723009) Visitor Counter : 159