নিতি আয়োগ

ভাৰতৰ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত চলা মিথ্যাচাৰ আৰু বাস্তৱ সত্য

Posted On: 27 MAY 2021 12:01PM by PIB Guwahati

ভাৰতৰ ক’ভিড-১৯ৰ টীকাকৰণ অভিযান সন্দৰ্ভত সৰ্বত্ৰে মুখৰোচক কাহিনীৰে জনৰৱ চলি থকা পৰিলক্ষিত হৈছে। বিভ্ৰান্তিমূলক মন্তব্য, অৰ্দ্ধ সত্য কিম্বা গোকাট মিছা কথাৰ সমাহাৰৰে এইবোৰ কাহিনীৰ অৱতাৰণা কৰা দেখা গৈছে।

এনে প্ৰেক্ষাপটতে, ‘নীতি আয়োগ’ৰ সদস্য(স্বাস্থ্য) তথা ‘ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰবন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট’ৰ অধ্যক্ষ ড০ বিনোদ পালে এই সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি এনেবোৰ উৰা বাতৰিক খণ্ডন কৰাৰ ব্যৱস্থা কৰিছে।

তলত এনে কেতবোৰ জনৰৱৰ বিপৰীতে বাস্তৱ তথ্য আগবঢ়োৱা হ’ল।

সত্যৰ অপলাপ ১: বিদেশৰ পৰা প্ৰতিষেধক কিনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই

তথ্য: ২০২০চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে আটাইকেইটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষেধক উত্পাদনকাৰী প্ৰতিষ্ঠানৰে নিৰবচ্ছিন্ন ভাবে সম্পৰ্ক স্থাপন কৰি আহিছে। এইখিনি সময়ত ‘ফাইজাৰ’, ‘জে-এণ্ড-জে’ তথা ‘মডাৰ্ণা’ৰ দৰে প্ৰতিষ্ঠানৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে চৰকাৰ। চৰকাৰে ভাৰতলৈ প্ৰতিষেধকৰ যোগান ধৰা কিম্বা ভাৰতত প্ৰতিষেধকৰ উত্পাদন কৰিব পৰাকৈ প্ৰতিষ্ঠানসমূহক সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় আহিছে। অৱশ্যে, তেওঁলোকৰ প্ৰতিষেধকসমূহযে বিনামূলীয়াকৈ যোগানৰ বাবে উপলব্ধ এনে নহয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত আন সামগ্ৰী কিনাৰ দৰেই যে প্ৰতিষেধক কিনিব পৰা নাযায় সেই কথা আমি উপলব্ধি কৰাৰ প্ৰয়োজন আছে।  এটা কথা সত্য যে প্ৰতিষেধকৰ যোগান গোলকীয় ভাবেই সীমিত আৰু এই সীমিত পৰিমাণৰ সামগ্ৰীৰ বিতৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহৰ নিজাববীয়া কেতবোৰ প্ৰথমিকতা, কৌশলগত পৰিকল্পনা,  তথা বাধ্যবাধকতা নিশ্চয় থাকিবই। আমাৰ প্ৰতিষেধক উত্পাদনকাৰী প্ৰতিষ্ঠানকেইটাই যেনেকৈ আমাৰ ক্ষেত্ৰত অকণো হাত নধৰাকৈ প্ৰতিষেধক আগবঢ়াইছে, একে আচৰণেইতো সেইসমূহ প্ৰতিষ্ঠানেও তেওঁলোকৰ নিজ নিজ ৰাষ্ট্ৰৰ প্ৰতি প্ৰদৰ্শন কৰিব। ফাইজাৰে প্ৰতিষেধকৰ পৰ্যাপ্ততা সন্দৰ্ভত তথ্য প্ৰকাশ কৰাৰ মুহূৰ্ততে কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে যিমান পাৰি সোনকালে প্ৰতিষেধকৰ আমদানী কৰিব পৰাকৈ যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ পৰিণতিতে ‘স্পুটনিক’ নামৰ প্ৰতিষেধকবিধৰ পৰীক্ষামূলক টীককৰণে গতি লাভ কৰিছে আৰু সময়সাপেক্ষ অনুমোদনৰ আধাৰত ৰাছীয়াই অচিৰেই উত্পাদন কৰিব পৰাকৈ আমাৰ প্ৰতিষ্ঠানলৈ প্ৰযুক্তি হস্তান্তৰণৰ লগতে প্ৰতিষেধকবিধৰ দুটা খেপ প্ৰেৰণৰ দিহা কৰিছে। আমি অন্যান্য প্ৰতিষেধক প্ৰতিষ্ঠানকো ভাৰতলৈ আহি ভাৰতৰ লগতে পৃথিৱীৰ বাবেও প্ৰতিষেধক উত্পাদন কৰিবলৈ জনোৱা আহ্বান পুনৰ দোহাৰিছো।  

 

অপলাপ ২: গোলকীয় প্ৰেক্ষাপটত উপলব্ধ প্ৰতিষেধকলৈ অনুমোদন জনোৱা নাই কেন্দ্ৰই

তথ্য: ইউএছ এফডিএ, ইএমএ, ইউকে-ৰ এমএইচআৰএ আৰু জাপানৰ পিএমডিএ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন ব্যৱহাৰৰ তালিকাভুক্ত প্ৰতিটো প্ৰতিষেধকৰে ভাৰতত প্ৰৱেশৰ প্ৰক্ৰিয়া যোৱা এপ্ৰিল মাহৰ পৰাই শিথিল কৰি তোলা হৈছে। এইসমূহ প্ৰতিষেধকৰ ক্ষেত্ৰত আগতীয়া ব্ৰীডজিং ট্ৰায়েলৰ প্ৰয়োজন নোহোৱাটো নিশ্চিত কৰিছে ভাৰত চৰকাৰে। ইফালে, অন্য় দেশৰ লব্ধ প্ৰতিষ্ঠিত উত্পাদক প্ৰতিষ্ঠানৰ প্ৰতিষেধকৰ ক্ষেত্ৰতো সমূহীয়া ভাবে এই প্ৰয়োনীয়তা বাতিল কৰিব পৰাকৈ বিধিৰ সংশেধনী অনাৰ ব্যৱস্থা কৰা হৈছে। এই মুহূৰ্তত দেশৰ ঔষধ নিয়ন্ত্ৰকৰ কাৰ্যালয়ত কোনো বিদেশী প্ৰতিষেধক উত্পাদকৰ আবেদন পৰি ৰোৱা নাই বুলিও তথ্য নিশ্চিত কৰা হৈছে।

 

অপলাপ : প্ৰতিষেধকৰ ঘৰুৱা উত্পাদন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথোচিত উদ্যোগ গ্ৰহণ কৰা নাই

তথ্য: ২০২০চনৰ প্ৰথম ছোৱাৰ পৰাই কেন্দ্ৰীয় চৰকাৰে দেশৰ অধিক সংখ্যক প্ৰতিষ্ঠানক প্ৰতিষেধক উত্পাদনৰ ক্ষেত্ৰত প্ৰভাৱশালী অনুঘটকৰ ভূমিকাৰে সহযোগিতা আগবঢ়াই আহিছিল। পিচে, আইপি থকা মাত্ৰ এটাহে ভাৰতীয় প্ৰতিষ্ঠান(ভাৰত বায়’টেক) আছে। এনে প্ৰেক্ষাপটত ভাৰত বায়’টেকৰ নিজা প্ৰকল্পত উত্পাদন কৰাৰ উপৰি আন তিনিটা প্ৰতিষ্ঠান তথা প্ৰকল্পয়ো অচিৰেই ক’ভাক্সিন প্ৰতিষেধকৰ উতপাদন আৰম্ভ কৰিব বুলি ভাৰত চৰকাৰে তথ্য নিশ্চিত কৰিছে। অৰ্থাত ক’ভাক্সিনৰ উত্পাদন প্ৰকল্পৰ সংখ্যা এটাৰ পৰা ৪টালৈ বৃদ্ধি পাব। ইয়াৰ ফলত ‘ভাৰত বায়’টেকে’ এই মুহূৰ্তত প্ৰতিমাহে ১কোটিকৈ উত্পাদন কৰা কভাক্সিনৰ পৰিমান অহা অক্টোবৰ মাহৰ ভিতৰত প্ৰতিমাহে ১০কোটিলৈ বৃদ্ধি পাব। তদুপৰি, তিনিটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে অহা ডিচেম্বৰ মাহৰ ভিতৰত সামগ্ৰিক ভাবে ৪.০কোটি পালি পৰ্যন্ত প্ৰতিষেধক উত্পাদনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। চৰকাৰৰ নিৰন্তৰ উতসাহৰ সুবাদত ‘চেৰাম ইনষ্টিটিউটে’ ‘ক’ভিচিল্ড’ প্ৰতিষেধকৰ উত্পাদন বৰ্তমানৰ প্ৰতিমাহে ৬.৫কোটি পালিৰ পৰা ১১.০কোটি পালিলৈ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে ৰাছীয়াৰ সৈতে কৰা অংশীদাৰিত্বৰ আধাৰত ‘স্পুটনিক’ নামৰ প্ৰতিষেধক বিধৰ উত্পাদন ড০ ৰেড্ডী’জৰ নেতৃত্বত ভাৰতৰ ৬টা প্ৰতিষ্ঠানে কৰিব। ইফালে, ক’ভিড সুৰক্ষা আঁচনিৰ অধীনত ৰূপায়িত মুক্ত পুঁজি ব্যৱস্থাৰ জৰিয়তে ‘জাইদাছ কেডিলা’, ‘বায়’-ই’, ‘জেন’ভা’ আদিৰ দৰে প্ৰতিষ্ঠানক থলুৱা প্ৰতিষেধক উদ্ভাৱনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰীয় পৰীক্ষাগাৰৰ জৰিতে যাৱতীয় কাৰিকৰী সা-সুবিধা আগবঢ়োৱাৰো ব্যৱস্থা কৰিছে। এনেবোৰ ব্যৱস্থাৰ জৰিয়তে ২০২১ৰ শেষ পৰ্যন্ত আমাৰ প্ৰতিষ্ঠানসমূহে ২০০কোটি পালি প্ৰতিষেধক উতপাদন কৰিবগৈ পাৰিব বুলি পূৰ্বানুমান কৰা হৈছে।

 

অপলাপ : কেন্দ্ৰই বাধ্যতামূলক অনুজ্ঞা ব্যৱস্থা বাতিল কৰা উচিত

তথ্য: বাধ্যতামূলক অনুজ্ঞা ব্যৱস্থা কেতিয়াও এক আকৰ্ষণীয় বিকল্প হ’ব নোৱাৰে, বৰঞ্চ, সক্ৰিয় অংশীদাৰিত্ব, মানৱ সম্পদৰ প্ৰশিক্ষণ, কেঁচামালৰ উপলব্ধতা আৰু সৰ্বোচ্চ পৰ্যায়ৰ জৈৱ-সুৰৰক্ষিত পৰীক্ষাগাৰৰহে বিশেষ প্ৰয়োজনীয়তা থাকে। প্ৰযুক্তিৰ হস্তান্তৰণহে প্ৰধানকৈ গুৰুত্বপূৰ্ণ আৰু ই উদ্ভাৱক প্ৰতিষ্ঠানসমূহৰ হাতত থকা বস্তু, ইয়াৰ দ্বাৰাই প্ৰতিষ্ঠানসমূহে গৱেষণা আৰু বিকাশৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰে। দৰাচলতে, ‘ভাৰত বায়’টেক’ আৰু অন্য তিনিটা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা বাধ্যতামূলক অনুজ্ঞা ব্যৱস্থাৰ পৰা এখোজ আগবাঢ়ি গৈ সক্ৰিয় অংশীদাৰিত্ব সুনিশ্চিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা ‘ক’ভাক্সিন’ৰ উত্পাদন খৰটকীয়াকৈ বৃদ্ধিত উদগণি দিয়াৰ প্ৰয়াস কৰা হৈছে। এই একে প্ৰক্ৰিয়াই কৰা হৈছে ৰাছীয়াৰ পৰা আহৰিত ‘স্পুটনিক’ৰ ক্ষেত্ৰতো। ভাবি চাওকচোন-‘মডাৰ্ণা’ই ২০২০ৰ অক্টোবৰ মাহতে ঘোষণা কৰিছিল যে কোনোবাই যদি তেওঁলোকৰ প্ৰতিষেধক বিধৰ উত্পাদন কৰেও তেনেহ’লে সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে কোনোধৰণৰ আইনী  ব্যৱস্থা কৰা নহব। পিচে, ইমানদিনৰ পিচতো ‘মডাৰ্ণা’ৰ প্ৰতিষেধক উত্পাদন কৰিবলৈ কোনো প্ৰতিষ্ঠানেই আগবাঢ়ি অহা নাই। এই কথাই এটা সত্যকে প্ৰতিস্থা কৰে যে অনুজ্ঞাব্যৱস্থাই কেৱল বাধক নহয়। দৰাচলতে প্ৰতিষেধক উত্পাদন কৰাতো তেনেই সহজ কথা নহয়, নহ’লেনো অতি উন্নত দেশসমূহতো প্ৰতিষেধকৰ নাটনিৰ সমস্যাটো অব্যাহত থাকে নে?

 

অপলাপ ৫: কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব ঠেলিছে ৰাজ্যসমূহলৈ

তথ্য: কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব আনলৈ ঠেলা নাই বৰং সকলোবোৰ গুৰু দায়িত্ব নিজে সম্পাদন কৰি ৰাজ্যসমূহক সকাহহে দিছে। প্ৰতিষেধক উত্পাদক প্ৰতিষ্ঠানক পুঁজিৰ য়োগান ধৰাৰ পৰা, তাত্ক্ষণিক অনুমোদন প্ৰদান কৰা, উত্পাদনৰ পৰিসৰ বৃদ্ধিৰ বাবে অনুমতি দিয়া, বিদেশৰ পৰা প্ৰতিষেধকৰ আমদানী কৰা আদি দায়িত্ব মূৰ পাতি লৈছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই আহৰণ কৰা সকলোবোৰ প্ৰতিষেধক ৰাজ্যসমূহলে প্ৰেৰণ কৰা হয় ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰাৰ বাবে। যোৱা জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে কেন্দ্ৰীয় চৰকাৰে টীকাকৰণ অভিযানৰ সমুদায় দায়িত্ব পালন কৰিছিল আৰু এইখিনি সময়ত সুন্দৰ ভাবেবই সকলো কাম পৰিচালিত হৈছিল। পৰৱৰ্তী সময়ত ৰাজ্যসমূহে কৰা আগ্ৰহৰ বাবেহে প্ৰতিষেধক আহৰণ ব্যৱস্থাটো মুকলি কৰি দিয়া হৈছিল। কিন্তু এই মুহূৰ্তত সমগ্ৰ পৃথিৱী জুৰিয়েই প্ৰতিষেধকৰ নাটনি হোৱা কথাটো সকলো ৰাজ্যৰে অৱগত। সেয়ে কম দিনৰ ভিতৰতে প্ৰতিষেধক আহৰণ কৰাতো সম্ভৱপৰ হৈ নুঠাটোৱেই স্বাভাৱিক।

অপলাপ : ৰাজ্যসমূহলৈ পৰ্যাপ্ত প্ৰতিষেধক প্ৰদান কৰা নাই কেন্দ্ৰই

তথ্য: সকলোৰে সহমতত গ্ৰহণ কৰা বিধি নিৰ্দেশনাৰ আধাৰত সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ পৰ্যাপ্ত পৰিমাণে প্ৰতিষেধৰ আৱণ্টন দি আহিছে। সেইদৰে, প্ৰতিষেধকৰ শেহতীয়া স্থিতি সন্দৰ্ভতো ৰাজ্যসমূহক আগতীয়াকৈ তথ্য অৱগত কৰি থকা হৈছে। অদূৰ ভৱিষ্যতে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিবলগীয়া প্ৰতিষেধকৰ পৰিমাণ বৃদ্ধি কৰিব পৰা যাব বুলিও আশা কৰা হৈছে। ইফালে, ভাৰত চৰকাৰৰ ব্যৱস্থাৰ বাহিৰৰেও ৰাজ্যসমূহে ২৫% আৰু ব্যক্তিগত চিকিত্সালয়সমূহে ২৫% পালি প্ৰতিষেধক আহৰণ কৰি আহিছে। অৱশ্যে এই ২৫% আহৰণৰ সময়ত ৰাজ্য প্ৰশাসনে কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া নোহোৱা নহয়। ইয়াকে লৈ একাংশ ৰাজনৈতিক নেতাই সংবাদমাধ্যমত সত্যৰ অপলাপ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এয়া নিতান্তই দুৰ্ভাগ্যজনক। সংকটৰ বিৰুদ্ধে যুঁজত আমি সকলোৱে মাৰ বান্ধি আগবাঢ়িব পাৰিলেহে সকলোৰে মংগল হ’ব। 

 

অপলাপ ৭ : শিশুসকলক প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই

তথ্য: এই মুহূৰ্তত পৃথিৱীৰ কোনো এখন দেশতে ১২বছৰৰ তলৰ শিশুসকলক প্ৰতিষেধক প্ৰদানৰ অভিযান চলোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থায়ো এই পৰ্যন্ত শিশুসকলৰ টীকাকৰণৰ পৰামৰ্শ আগবঢ়োৱা নাই। প্ৰতিষেধকসমূহৰ সন্দৰ্ভত অব্যাহত থকা অধ্যয়নেও এতিয়াই শিশুসকলক প্ৰতিষেধক দিয়াৰ বাবে আশাব্যঞ্জক তথ্য দাঙি ধৰা নাই। অৱশ্যে, শিশুসকলৰ টীকাকৰণৰ বাবে প্ৰয়োজনীয় পৰীক্ষা অচিৰেই আৰম্ভ কৰা হ’ব। শিশুসকলৰ টীকাকৰণ অভিযান কেতিয়াও ‘হোৱাটছএপ গ্ৰুপ’ত হোৱা আলোচনা কিম্বা কোনোবা ৰাজনৈতিক নেতাৰ উচটনীমূলক কাৰ্মকাণ্ডৰ আধাৰত আৰম্ভ নহয়। উপযুক্ত পৰীক্ষা-পাতিৰ আধাৰত আমাৰ বিজ্ঞানীসকলে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰতহে এনে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।  

***

DS/AKJ/KB



(Release ID: 1722328) Visitor Counter : 289