প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পাৰমাণৱিক শক্তি আয়োগৰ প্রাক্তন অধ্যক্ষ ড০ শ্রীকুমাৰ বেনাৰ্জীৰ বিয়োগ প্রধানমন্ত্রীৰ শোক

Posted On: 23 MAY 2021 7:29PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পাৰমাণৱিক শক্তি আয়োগৰ প্রাক্তন অধ্যক্ষ ড০ শ্রীকুমাৰ বেনাৰ্জীৰ বিয়োগ গভীৰ শোক প্রকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, "ভাৰতৰ বিজ্ঞান বিশেষকৈ পাৰমাণৱিক শক্তি আৰু ধাতুবিদ্যাত গ্রহণ কৰা অগ্রণী ভূমিকাৰ বাবে ড০ শ্রীকুমাৰ বেনাৰ্জী সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁ এজন অসাধাৰণ পৰামর্শদাতা আছিল৷ তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ পৰিয়ালৰ প্রতি সমবেদনা জনাইছো। ঔম শান্তি।

****

DS/SH/DB



(Release ID: 1721209) Visitor Counter : 197