প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২১ মে’ত বাৰাণসীৰ চিকিৎসক, পেৰামেডিকেল ষ্টাফ আৰু অন্যান্য আগশাৰীৰ স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
20 MAY 2021 8:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ মে’ৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে বাৰাণসীৰ চিকিৎসক, পেৰামেডিকেল ষ্টাফ আৰু অন্যান্য আগশাৰীৰ স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব৷
প্ৰধানমন্ত্ৰীয়ে শেহতীয়াভাৱে ডিআৰডিঅ’ আৰু ভাৰতীয় সেনাৰ যুটীয়া উদ্যোগত আৰম্ভ কৰা পণ্ডিত ৰাজন মিশ্ৰ ক’ভিড হাস্পতালকে ধৰি বাৰণসীৰ বিভিন্ন ক’ভিড হাস্পতালৰ কাম-কাজৰ পৰ্যালোচনা কৰিব৷ তেওঁ লগতে জিলাখনৰ নন-ক’ভিড হাস্পতালৰো কাম-কাজৰো বুজ ল’ব৷
প্ৰধানমন্ত্ৰীয়ে লগতে বাৰাণসীত ক’ভিডৰ দ্বিতীয় লহৰ নিয়ন্ত্ৰণৰ বাবে চলিত প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ভৱিষ্যতৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰিব৷
*****
DS/SH/DB
(Release ID: 1720810)
Visitor Counter : 213
Read this release in:
Malayalam
,
Marathi
,
English
,
Urdu
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada