স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড সাহায্য সামগ্ৰীৰ শেহতীয়া তথ্য

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্য ক্ষিপ্ৰভাৱে অনুমোদন জনোৱাৰ লগতে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ তীব্ৰগতিত বিতৰণ কৰা হৈছে

১১,০০০ৰো অধিক অক্সিজেন কনচেণ্ট্ৰেট’ৰ, প্ৰায় ১৬,০০০ অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লেণ্ট, ৮,০০০ৰো অধিক ভেণ্টিলেটৰ্ছ/বিআই পিএপি,৬.১ লাখ ৰেমডেছিভিৰ ইনজেকছন বিতৰণ কৰা হৈছে

Posted On: 18 MAY 2021 5:00PM by PIB Guwahati

ভাৰত চৰকাৰে যোৱা ২৭ এপ্ৰিল,২০২১ৰ পৰা বিভিন্ন দেশ আৰু প্ৰতিষ্ঠানৰ পৰা ক’ভিড-১৯ সাহায্য মেডিকেল সামগ্ৰী-সা-সজুলিৰ যোগানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা লাভ কৰিছে।

চৰকাৰে ২৭ এপ্ৰিলৰ পৰা ১৭ মে’,২০২১লৈ স্থলপথ আৰু আকাশী পথেৰে ১১,৩২৫টা অক্সিজেন কনচেণ্ট্ৰেট’ৰ, ১৫,৮০১ অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লেণ্ট, ৮,৫২৬টা ভেণ্টিলেটৰ্ছ/বিআই পিএপি, ৬.১ লাখ ৰেমডেছিভিৰ ইনজেকছন বিতৰণ কৰা হৈছে।

অষ্ট্ৰেলিয়া, গিলীড(আমেৰিকা যুক্তৰাষ্ট্ৰ), ভাৰত-ছুইজ চেম্বাৰ অৱ কমাৰ্চৰ পৰা ১৬/১৭ মে’,২০২১ত লাভ কৰা গুৰুত্বপূৰ্ণ সাহায্য সামগ্ৰীৰ পৰিমাণ হ’লঃ

 

সাহায্য সামগ্ৰী

Quantity

ভেণ্টিলেটৰ্ছ/বিআইপিএপি/চিপিএপি         ১০৫৬

1056

ৰেমডেছিভিৰ           ৫৭,৮৯৩

57,893

 

 

অতিৰিক্তভাৱে মাস্কো লাভ কৰা হৈছে।

*****
 

MV/MS



(Release ID: 1719825) Visitor Counter : 163