বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় চৰকাৰে কভিড-১৯ টিকাকৰণৰ বাবে ব্যয়ৰ কোনো ব্যৱস্থা কৰা নাই বুলি কোৱাটো তথ্যগতভাৱে ভুলঃ বিত্ত মন্ত্ৰালয়

‘ৰাজ্যসমূহলৈ হস্তান্তৰ’ শীৰ্ষক শিৰোনামৰ সৈতে ৪০ নং অনুদানৰ বাবে চাহিদাৰ অধীনত ৩৫,০০০ কোটি টকাৰ পৰিমাণ দেখুওৱা হৈছে; অনুদানৰ বাবে এই চাহিদাৰ ব্যৱহাৰৰ কেইবাটাও প্ৰশাসনিক সুবিধা আছে

‘ৰাজ্যসমূহলৈ হস্তান্তৰ’ শীৰ্ষক চাহিদাৰ ব্যৱহাৰৰ অৰ্থ এয়া নুবুজায় যে কেন্দ্ৰই ব্যয় কৰিব নোৱাৰে

प्रविष्टि तिथि: 10 MAY 2021 1:51PM by PIB Guwahati

‘মোডী চৰকাৰৰ ভেকচিন পুঁজিৰ বাস্তৱতাঃ ৰাজ্যসমূহৰ বাবে ৩৫,০০০ কোটি টকা, কেন্দ্ৰৰ ফালৰ পৰা শূন্য’ শীৰ্ষক এই শিৰোনামত সংবাদ মাধ্যম ‘দ্য প্ৰিণ্ট’ত এক প্ৰতিবেদন প্ৰকাশ পাইছে।

কেন্দ্ৰীয় চৰকাৰে কভিড-১৯ টিকাকৰণৰ ব্যয়ৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কোৱাটো তথ্যগতভাৱে ভুল। ‘ৰাজ্যসমূহলৈ স্থানান্তৰ’ শীৰ্ষক শিৰোনামত অনুদান নং ৪০ৰ অধীনত ৩৫,০০০ কোটি টকাৰ পৰিমাণ দেখুওৱা হৈছে। প্ৰকৃততে এই ধনৰাশিৰ জৰিয়তেই কেন্দ্ৰই টিকা সংগ্ৰহ কৰিছে আৰু সেয়া ৰাজ্যসমূহক প্ৰদান কৰা হৈছে। এই অনুদানৰ বাবে কেইবাটাও প্ৰশাসনিক সুবিধা আছে। প্ৰথমটো হৈছে, যিহেতু  টিকাকৰণৰ ব্যয় ভেকচিনবোৰ প্ৰকৃততে এই একাউণ্ট মুৰব্বীৰ জৰিয়তে কেন্দ্ৰৰ দ্বাৰা ক্ৰয় কৰা হৈছে আৰু পৰিশোধ কৰা হৈছে। এই চাহিদাৰ ব্যৱহাৰৰ কেইবাটাও প্ৰশাসনিক সুবিধা আছে। প্ৰথমতে, যিহেতু ভেকচিনৰ ওপৰত ব্যয় স্বাস্থ্য মন্ত্ৰালয়ৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত পৰিচালিত আঁচনিসমূহৰ বাহিৰৰ খৰচ হিচাপে ধৰা হয়, সেয়ে এই পুঁজিৰ ওপৰত সহজ নিৰীক্ষণ আৰু ব্যৱস্থাপনা নিশ্চিত কৰে। লগতে, এই অনুদানক অন্যান্য দাবীৰ বাবে প্ৰযোজ্য ত্ৰৈমাসিক ব্যয় নিয়ন্ত্ৰণ সীমাবদ্ধতাৰ পৰা ৰেহাই দিয়া হৈছে।

সেয়ে ই নিশ্চিত যে টিকাকৰণ কাৰ্যসূচীত কোনো বাধা নাই। টিকাকৰণৰ বাবে অৰ্থ সৰবৰাহ কৰা হয় স্বাস্থ্য মন্ত্ৰালয়ৰ জৰিয়তে। ভেকচিনবোৰ ৰাজ্যসমূহক অনুদান হিচাপে প্ৰদান কৰা হয় আৰু ভেকচিনৰ প্ৰকৃত প্ৰয়োগ ৰাজ্যসমূহে কৰি আছে। লগতে, প্ৰকাৰ আৰু অন্যান্য প্ৰকাৰৰ অনুদানৰ মাজত আঁচনিখনৰ প্ৰকৃতি সলনি কৰাৰ বাবে পৰ্যাপ্ত প্ৰশাসনিক নমনীয়তা আছে।

সেয়েহে, প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, টিকাকৰণৰ বাবে পুঁজিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে ‘বাজেটৰ শ্ৰেণীবিভাজন গুৰুত্বপূৰ্ণ নহয়’-সেয়া মুঠেই শুদ্ধ নহয়। ‘ৰাজ্যলৈ স্থানান্তৰ’-এই শীৰ্ষক শিৰোনামৰ পৰা কোনোপধ্যে বুজা নাজায় যে কেন্দ্ৰীয় চৰকাৰে টিকাকৰণৰ ক্ষেত্ৰত কোনো ধন ব্যয় কৰিব নোৱাৰে।

 

*****

RM/MV/KMN/KG


(रिलीज़ आईडी: 1717665) आगंतुक पटल : 242
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Odia , Tamil , Telugu , Malayalam