প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শ্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 10 MAY 2021 1:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত শপত গ্ৰহণ কৰা শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য মন্ত্ৰীসকলক অভিনন্দন জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“আজি শপত গ্ৰহণ কৰা @হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অন্যান্য মন্ত্ৰীসকললৈ অভিনন্দন জনালো। অসমৰ বিকাশৰ যাত্ৰাক এইটো দলে বিশেষ ভাবে ত্বৰান্বিত কৰাৰ লগতে ৰাইজৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিব পাৰিব বুলি মই নিশ্চিত”।

শ্ৰী মোদীয়ে শ্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়োৱা অৱদানৰো শলাগ লয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা আন এক বাৰ্তাত উল্লেখ কৰে:

“যোৱা পাঁচোটা বছৰত মোৰ প্ৰতিভাশালী সতীৰ্থ @সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন জন-হিতৈষী আৰু বিকাশমুখী চৰকাৰক শীৰ্ষত থাকি নেতৃত্ব প্ৰদান কৰিছিল। অসমৰ প্ৰগতি আৰু ৰাজ্যখনত দলৰ সবলীকৰণৰ বাবে তেওঁ আগবঢ়োৱা অৰিহণা অনবদ্য আছিল”।

*****

DS/KB



(Release ID: 1717436) Visitor Counter : 228