প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সাংসদ শ্রী ৰঘুনাথ মহাপাত্রৰ মৃত্যুত প্রধানমন্ত্রীৰ শোক প্রকাশ

পোষ্ট কৰা হৈছে: 09 MAY 2021 7:06PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সাংসদ শ্রী ৰঘুনাথ মহাপাত্রৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।

 

এটা টুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, "সংসদ সদস্য শ্রী ৰঘুনাথ মহাপাত্র’ৰ মৃত্যুত মই শোকাহত। শ্রী মহাপাত্রই শিল্প, স্থাপত্য আৰু সংস্কৃতি জগতত অগ্রণী ভূমিকা ৰাখিছে। ঐতিহ্যবাহী কাৰুশিল্পক জনপ্রিয় কৰাৰ ক্ষেত্রত তেওঁৰ অবদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু প্রশংসকসকলৰ প্রতি থাকিল মোৰ সমবেদনা। ওম শান্তি।"

 

******

DS/SH


(ৰিলিজ আই ডি : 1717375) অতিথি কক্ষ : 243