প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় নৌ সেনা বাহিনীয়ে গ্ৰহণ কৰা ক’ভিড সম্পৰ্কীয় প্ৰচেষ্টাৱলীৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিভিন্ন চহৰত নৌ সেনাৰ হাস্পতাল অসামৰিক লোকসকলৰ বাবে খুলি দিয়া হ’ব
লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অক্সিজেন পৰ্যাপ্ততা বৃদ্ধি কৰিছে নৌ সেনাই
নৌ সেনাই বিদেশৰ পৰা ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰকে ধৰি অন্যান্য সামগ্ৰী পৰিবহণ কৰিছে
দেশৰ বিভিন্ন প্ৰান্তত ক’ভিডৰ দায়িত্ব পালন কৰাৰ বাবে নৌ সেনাৰ চিকিৎসা কৰ্মীসকলক নিয়োজিত কৰা হ’ব
পোষ্ট কৰা হৈছে:
03 MAY 2021 7:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী মোদীক আজি নৌ সেনাৰ মুৰব্বী এডমাইৰেল কৰমবীৰ সিঙে সাক্ষাৎ কৰে৷
তেওঁ প্ৰধানমন্ত্ৰী ভাৰতীয় নৌ সেনাই মহামাৰীৰ ক্ষেত্ৰত দেশবাসীক কৰি অহা সহায়ৰ বিভিন্ন প্ৰচেষ্টাৰ সন্দৰ্ভত চমুকৈ অৱগত কৰে৷ তেওঁ প্ৰধানমন্ত্ৰীক ভাৰতীয় নৌ সেনাই সকলো ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগ কৰাৰ লগতে হাস্পতালৰ বিছনা, পৰিবহণ আৰু অন্যান্য দিশত সহায় আগবঢ়োৱাৰ কথা সদৰি কৰে৷ তেওঁ লগতে প্ৰধানমন্ত্ৰীক কয় যে বিভিন্ন চহৰত থকা নৌ সেনাৰ হাস্পতালসমূহ অসমাৰিক লোকৰ বাবে খুলি দিয়া হ’ব৷
তেওঁ প্ৰধানমন্ত্ৰীক লগতে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ক’ভিডৰ দায়িত্ব পালন কৰাৰ বাবে নৌ সেনাৰ চিকিৎসা কৰ্মীসকলক নিয়োজিত কৰা হ’ব৷ যুদ্ধ ক্ষেত্ৰত শুশ্ৰূষাৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত নৌ সেনাৰ কৰ্মচাৰীসকলক ক’ভিডৰ দায়িত্ব পালন কৰাৰ বাবে নিয়োজিত কৰা হ’ব৷
নৌ সেনাই লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অক্সিজেন পৰ্যাপ্ততা বৃদ্ধি কৰিছে বুলিও নৌ সেনাৰ মুৰব্বী এডমাইৰেল কৰমবীৰ সিঙে অৱগত কৰে৷
তেওঁ লগতে প্ৰধানমন্ত্ৰীক কয় যে ভাৰতীয় নৌ সেনাই বাহৰেইন, কাট্টাৰ, কুৱেইট আৰু ছিংগাপুৰৰ পৰা ভাৰতলৈ অক্সিজেন কণ্টেইনাৰ পৰিবহণ কৰাৰ বিষয়ে সদৰি কৰে৷
***
DS/AK/DB
(ৰিলিজ আই ডি : 1715834)
অতিথি কক্ষ : 240
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam