প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিকিৎসাৰ বাবে গেছীয় অক্সিজেনৰ ব্যৱহাৰৰ সন্দৰ্ভত প্রধানমন্ত্রীৰ পর্যালোচনা

চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ’ব গেছীয় অক্সিজেনৰ

গেছীয় অক্সিজেন প্লাণ্টৰ পৰ্যাপ্ততাৰে লক্ষৰে ইয়াৰ কাষতে স্থাপন কৰা হ’ব অস্থায়ী হাস্পতাল

এই প্ৰচেষ্টাৰ অধীনত প্ৰায় ১০,০০০ অক্সিজেন সুবিধাসম্পন্ন বিছনা স্থাপন কৰা হ’ব

অধিক সুবিধা গঢ় দিয়াৰ বাবে উৎসাহিত কৰা হ’ব ৰাজ্য চৰকাৰসমূহক

১৫০০ পিএছএ অক্সিজেন উৎপাদন কেন্দ্ৰ স্থাপনৰ কাম চলি আছে

Posted On: 02 MAY 2021 3:24PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিকিৎসাৰ কামত গেছীয় অক্সিজেনৰ ব্যৱহাৰৰ ওপৰত এক পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ দেশত অক্সিজেনৰ সৰবৰাহ আৰু পৰ্যাপ্ততা বৃদ্ধিত বিভিন্ন বিষয় উদ্ভাৱন কৰাৰ ওপৰত প্রধানমন্ত্রী ইয়াৰ পূৰ্বে পৰামর্শ দিছিল৷ তীখা কাৰখানা, পেট্র’-ৰাসায়নিক শোধনাগাৰ, যিবোৰ উদ্যোগ প্ৰতিষ্ঠানত বিপুল পৰিমাণে দাহ্য পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়, বিদ্যুৎ উৎপাদন কেন্দ্র ইত্যাদিৰ দৰে বিভিন্ন উদ্যোগত অক্সিজেন প্লাণ্ট আছে। এইবোৰ প্ৰতিষ্ঠানত গেছীয় অক্সিজেন উৎপাদন কৰা হয় আৰু সেইবোৰ কাৰখানাৰ কামত ব্যৱহাৰ হয়। এই অক্সিজেন চিকিৎসাৰ কামতো ব্যৱহাৰ কৰবি পৰা যায়৷

বর্তমান এই ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান চিহ্নিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে, য’ৰপৰা প্রয়োজনীয় বিশুদ্ধতাকে ধৰি গেছীয় অক্সিজেন উৎপাদন কৰা হয়। চহৰৰ কাষত ঘন বসতিপূর্ণ এলেকাত আৰু য’ত অক্সিজেনৰ চাহিদা অধিক সেইবোৰ স্থানৰ কাষত এই ধৰণৰ উদ্যোগক চিনাক্ত কৰা হৈছে। ইয়াৰ পাছত সংশ্লিষ্ট সংস্থাৰ ওচৰতে অস্থায়ী ক’ভিড কেয়াৰ কেন্দ্র গঢ়ি তুলি, তাত সংক্রমিত লোকসকলৰ চিকিৎসাৰ বাবে এইবোৰ ঠাইৰ পৰা অক্সিজেন সৰবৰাহ কৰা হ’ব। প্রাথমিক অৱস্থাত এই ধৰণৰ ৫টা স্থানক চিহ্নিত কৰা হৈছে আৰু এই কামত যথেষ্ট অগ্রগতি লাভ কৰিছে। ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠান অথবা বেচৰকাৰী উদ্যোগ, যিবোৰে এই ধৰণৰ প্লাণ্ট চলায়, সেইবোৰ প্রতিষ্ঠানক কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে সহযোগিতা আগবঢ়াব৷ আশা কৰা হৈছে এই ধৰণৰ প্লাণ্টৰ কাষতে অতি কম সময়ৰ ভিতৰতে অস্থায়ী হাস্পতাল নিৰ্মাণ কৰা হ’ব৷ এই ধৰণৰ হাস্পতালত মুঠ ১০ হাজাৰ বিচনাৰ ব্যৱস্থা থাকিব য’ত সংক্রমিত লোকসকলে প্রয়োজন মতে অক্সিজেন লাভ কৰিব৷ মহামাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ এই ধৰণৰ অক্সিজেনৰ সুবিধাযুক্ত বিচনাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰসমূহ উৎসাহিত কৰা হৈছে৷ প্রধানমন্ত্রীয়ে পিএছএ প্লাণ্ট নিৰ্মাণৰ কামত অগ্রগতিৰ বিষয়ত পর্যালোচনা কৰে৷ পিএম কেয়াৰ্ছ, ৰাষ্ট্ৰীয়কৃত সংস্থাকে ধৰি অন্যান্য সংস্থাৰ অনুদানৰ সহায়ত এই ধৰণৰ ১৫০০ পিএছএ প্লাণ্ট নিৰ্মাণ কৰা হৈছে তেওঁক অৱগত কৰা হয়৷ প্ৰধানমন্ত্রীয়ে এই প্লাণ্টসমূহৰ কাম দ্রুতগতি সম্পূৰ্ণ কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে৷

বৈঠকত প্রধানমন্ত্রীৰ প্রধান সচিব, কেবিনেট সচিব, কেন্দ্রীয় গৃহ সচিব, পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ সচিব আৰু একাংশ উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷

***

DS/AK/DB



(Release ID: 1715619) Visitor Counter : 187