প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক’ভিড-প্ৰবন্ধনৰ বাবে স্থলসেনা বাহিনীয়ে গ্ৰহণ কৰা প্ৰস্তুতি আৰু পদক্ষেপসমূহৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
29 APR 2021 1:24PM by PIB Guwahati
স্থলসেনা প্ৰধান এম এ নৰৱানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।
তেওঁলোকে ক’ভিডৰ প্ৰবন্ধনত সহযোগিতা আগবঢ়াব পৰাকৈ স্থলসেনা বাহিনীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে।

এই সন্দৰ্ভত তথ্য দাঙি ধৰি সেনা প্ৰধানগৰাকীয়ে বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহক যিকোনো মুহূৰ্ততে সহায়ৰ হাত আগবঢ়াব পৰাকৈ সেনা বাহিনীৰ চিকিত্সক তথা স্বাস্থ্য সেৱা কৰ্মীবৃন্দক সষ্টম কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে দেশৰ বিভিন্ন প্ৰান্তত সেনাবাহিনীৰ তৰফৰ পৰা এলানি অস্থায়ী চিকিত্সালয় স্থাপন কৰা হৈছে বুলিও তেওঁ প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে।
আনহাতে য’তেই সম্ভৱ হৈছে সেনা বাহিনীৰ চিকিত্সালয়সমূহ জন-সাধাৰণৰ বাবেও মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে সেনা প্ৰধানগৰাকীয়ে।
ইফালে, আমদানীকৃত অক্সিজেন টেংকাৰৰ প্ৰবন্ধন-পৰিবহণৰ বাবে দক্ষতা সম্পন্ন পেছাদাৰ তথা বাহন আগবঢ়ায়ো সেনাবাহিনীৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই থকা হৈছে বুলিও সেনা প্ৰধানগৰাকীয়ে তথ্য দাঙি ধৰে।
*****
DS /AKJ /KB
(रिलीज़ आईडी: 1714986)
आगंतुक पटल : 269
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam