স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

টিকাকৰণ অভিযানে ১২.৭১ কোটিতকৈ অধিক লোকক সামৰি লৈছে

বিগত ২৪ ঘণ্টাত ৩২লাখ লোকক টিকাকৰণ কৰা হৈছে

দৈনিক নতুন আক্ৰান্তৰ ৭৮%ই ১০খন ৰাজ্যৰ; মুঠ চিকিৎসাধীন ৰোগী ২%ই ৫খন ৰাজ্যৰ

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৮%লৈ হ্ৰাস

Posted On: 20 APR 2021 11:50AM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে সামূহিক ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ১২.৭১ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ১৮,৮৩,২৪১টা পৰ্বৰ জৰিয়তে মুঠ ১২,৭১,২৯,১১৩টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯১,৭০,৭১৭গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৫৭,৬৭,৬৫৭গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,১৪,৩২,৭৩২গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৫৬,৮৬,৬০৮গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৪,৬৬,৮২,৯৬৩গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৪৭,০৪,৬০১গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৪,২৩,৭২,৭৬৯জন লোকক প্ৰথম ড’জ আৰু ১৩,১১,০৬৬জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৫৯.৩৩%ই আঠখন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত ৩২ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ৯৪তম দিন(১৯ এপ্ৰিলত)ত দেশত ৩২,৭৬.৫৫৫জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৪৫,৮৫৬টা পৰ্বৰ জৰিয়তে ২২,৮৭,৪১৯গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৯,৮৯,১৩৬জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশত ২,৫৯,১৭০জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৭.৬৭%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৮,৯২৪জন, উত্তৰপ্ৰদেশত ২৮,২১১জন আৰু দিল্লীত ২৩,৬৮৬ লোক নতুনকৈ আক্ৰান্ত হৈছে৷

২০খন ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷

 

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২০,৩১,৯৭৭গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৩.২৬%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ১,০২,৬৪৮জন বৃদ্ধি পালে৷

৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, কেৰালা আৰু উত্তৰপ্ৰদেশত দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৬২.০৭% আছে৷

দৈনিক পজিটিভিটিৰ হাৰ বৃদ্ধি পাই ১৫.৯৯% হৈছে৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,৩১,০৮,৫৮২জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৫.৫৬% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৫৪,৭৬১জন ৰোগী আৰোগ্য হৈছে৷ ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৮%লৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ১,৭৬১জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮২.৭৪%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫১জন লোকৰ মৃত্যু হৈছে৷ দিল্লীতো ২৪০জন ৰোগীৰ মৃত্যু হৈছে৷

০৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

 

****

MV/DB



(Release ID: 1713163) Visitor Counter : 201