কেবিনেট

বাণিজ্য প্ৰতিকাৰমূলক ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতাৰ কাঠামো স্থাপন সন্দৰ্ভত ভাৰত আৰু বাংলাদেশৰ মাজত বুজাবুজিৰ চুক্তি

प्रविष्टि तिथि: 20 APR 2021 3:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২১ ৰ ২৭ মাৰ্চত ঢাকাত বাণিজ্য প্ৰতিকাৰমূলক ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতাৰ কাঠামো স্থাপন সন্দৰ্ভত ভাৰত গণৰাজ্যৰ ট্ৰেড ৰেমেডিজৰ সঞ্চালক প্ৰধান আৰু বাংলাদেশ প্ৰজাতন্ত্ৰৰ ট্ৰেড ও টেৰিফ কমিশ্যনৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি (MoU) ত অনুমোদন জনালে।

উদ্দেশ্য

এই বুজাবুজিৰ চুক্তিৰ প্ৰাথমিক উদ্দেশ্য হৈছে বাণিজ্য প্ৰতিকাৰমূলক ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতাক উদ্দীপনা যোগোৱা, তথ্যৰ আদান-প্ৰদানৰে সম্পৰ্কীয় বিস্তৃত ক্ৰিয়া-কলাপসমূহ সামৰি লোৱা, এন্টি-ডাম্পিং, কাউন্টাৰভেইলিঙৰ ক্ষেত্ৰত বিশ্ব বাণিজ্য সংস্থাৰ ভিন্ন ব্যৱস্থা অনুসৰি ক্ৰিয়া-কলাপ আৰু কেপাচিটি বিল্ডিং ক্ৰিয়া-কলাপ হাতত লোৱা আৰু ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য সুৰক্ষিতকৰণ।

বুজাবুজিৰ চুক্তিখনিয়ে উভয় দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ মাজত উন্নতৰ সহযোগিতাৰ পোষকতা কৰে যাৰ জৰিয়তে পক্ষপাতদুষ্ট বাণিজ্য পন্থা দূৰ হ’ব আৰু দুয়োখন দেশৰ মাজত নিয়ম আধাৰিত দ্বিপাক্ষিক ব্যৱসায়-বাণিজ্যত ইতিবাচক প্ৰভাৱ পৰিব।

 

*****

DS/SB


(रिलीज़ आईडी: 1713157) आगंतुक पटल : 203
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam