স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত মুঠ টিকাকৰণে ১১.৪৪ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে

বিগত ২৪ ঘণ্টাত ৩৩ লক্ষাধিক টিকাৰ পালি প্ৰদান কৰা হৈছে

নতুনকৈ আক্রান্তৰ ৮১ শতাংশই ১০ ৰাজ্যৰ

দেশৰ মুঠ সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ ৬৭.১৬ শতাংশই পাঁচখন ৰাজ্যৰ

Posted On: 15 APR 2021 12:33PM by PIB Guwahati

দেশত আজি পর্যন্ত ১১.৪৪ কোটিতকৈ অধিক টিকাৰ পালি প্ৰদান কৰা হৈছে। টিকাকৰণ অভিযানক আৰু অধিক গতিশীল কৰিবলৈ সমগ্ৰ দেশত ১১-১৪ এপ্রিল পর্যন্ত টিকা উৎসৱ উদযাপিত হৈছে। বিশেষ এই টিকাকৰণ অভিযানত চৰকাৰী আৰু বেচৰকাৰী খণ্ডই সক্রিয়ভাৱে অংশগ্রহণ কৰিছে। টিকা উৎসৱৰ সময়ত সমগ্ৰ দেশত টিকাগ্ৰহণৰ যোগ্য ব্যক্তিসকলক ১,২৮,৯৮,৩১৪টকৈ অধিক টিকাৰ পালি প্ৰদান কৰা হৈছে।

 

দেশত আজি পুৱা ৭টা পর্যন্ত ১১,৪৪,৯৩,২৩৮টা টিকাৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ৯০,৬৪,৫২৭ জন স্বাস্থ্যকর্মীক প্রথম পালি আৰু ৫৬,০৪,১৯৭ জন কর্মীক টিকাৰ দ্বিতীয় পালি প্ৰদান কৰা হৈছে। আনহাতে, ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আগশাৰীত থকা ১,০২,১৩,৫৬৩ জন কর্মীক প্রথম পালি আৰু ৫০,৬৪,৮৬২ জন কর্মীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। ইয়াৰোপৰি ৬০ বছৰৰ উৰ্দ্ধৰ বয়সৰ ৪,৩৪,৭১,০৩১ জন হিতাধিকাৰীক প্রথম পালি আৰু ২৭,৪৭,০১৯ জন হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে। একেদৰে ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ ৩,৭৪,৩০,০৭৮ জন হিতাধিকাৰীয়ে প্রথম পালি আৰু ৮,৯৭,৯৬১ জন হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে।

 

দেশত এই পর্যন্ত ৮খন ৰাজ্যত টিকাকৰণৰ হাৰ ৫৯.৭৬ শতাংশ। দেশত বিগত ২৪ ঘন্টাত ৩৩ লক্ষাধিক টিকাৰ পালি প্ৰদান কৰা হৈছে। দেশব্যাপী টিকাকৰণ অভিযানৰ ৮৯তম দিনত (১৪ এপ্রিল) ৩৩,১৩,৮৪৮টা টিকাৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ২৮,৭৭,৪৭৩ জন হিতাধিকাৰীয়ে প্রথম পালি আৰু ৪,৩৬,৩৭৫জন হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে।

 

দেশত বিগত ২৪ ঘন্টাত ২,০০,৭৩৯ জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে। মহাৰাষ্ট্র, উত্তৰ প্রদেশ, দিল্লী, ছত্তিশগড়, কর্ণাটক, মধ্যপ্রদেশ, কেৰালা, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানসহ ১০খন ৰাজ্যত দৈনিক কোভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে। ১০খন ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্রান্তৰ হাৰ ৮০.৭৬ শতাংশ। মহাৰাষ্ট্রত একেদিনাই সর্বাধিক ৫৮,৯৫২ জন আক্রান্ত হৈছে। উত্তৰ প্রদেশত আক্রান্তৰ সংখ্যা ২০,৪৩৯। আনহাতে, দিল্লীত এদিনতে আক্রান্তৰ সংখ্যা ১৭,২৮২ জন।

 

দেশৰ ১৬খন ৰাজ্যত দৈনিক কোভিডত আক্রান্তৰ ৰেখাচিত্র ঊর্ধ্বমুখী। ইয়াৰ ফলত, সমগ্ৰ দেশত সুস্পষ্টভাৱে কোভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে ১৪,৭১,৮৭৭লৈকে। দেশত মুঠ ক’ৰোনাত আক্রান্তৰ ১০.৪৬ শতাংশ সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্ত হৈছে। অৱশ্যে বিগত ২৪ ঘন্টাত সমগ্ৰ দেশত সুস্পষ্টভাৱে আক্রান্তৰ সংখ্যা ১,০৬,১৭৩টা হ্ৰাস পাইছে।

 

দেশৰ ৫খন ৰাজ্য-মহাৰাষ্ট্র, ছত্তিশগড়, উত্তৰ প্রদেশ, কর্ণাটক আৰু কেৰালাত আক্রান্তৰ হাৰ ৬৭.১৬ শতাংশ। কেৱল মহাৰাষ্ট্রতেই আক্রান্তৰ হাৰ ৪৩.৫৪ শতাংশ।

 

দেশত আজি ক’ৰোনাত আৰোগ্য হোৱা লোকৰ সংখ্যা ১,২৪,২৯,৫৬৪লৈকে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় স্তৰত আৰোগ্যৰ হাৰ ৮৮.৩১ শতাংশ। আনহাতে, দেশত বিগত ২৪ ঘন্টাত ৯৩,৫২৮ জন লোক সুস্থ হৈছে।

 

দেশত বিগত ২৪ ঘন্টাত কোভিডত ১৩৮ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৮২.২৭ শতাংশৰ মৃত্যু হৈছে ১০খন ৰাজ্যৰ। মহাৰাষ্ট্রত সর্বাধিক ২৭৮ জন লোকৰ মৃত্যু হৈছে। ছত্তিশগড়ত এদিনতে মৃত্যু হৈছে ১২০ জন লোকৰ।

 

দেশৰ ৯খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘন্টাত কোভিডত মৃত্যুৰ বাতৰি লাভ কৰা নাই। এই ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে- ত্রিপুৰা, মেঘালয়, ছিকিম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, লাক্ষ্মাদ্বীপ, অৰুণাচল প্রদেশ ইত্যাদি।

 

     *******************

 

MV/KG



(Release ID: 1712194) Visitor Counter : 172