প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশৰ ক’ভিড-১৯ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰে হোৱা সভাত দিয়া প্ৰধানমন্ত্ৰীৰ মন্তব্য

Posted On: 08 APR 2021 11:00PM by PIB Guwahati

সাম্প্ৰতিক পৰিস্থিতি অধ্যয়ন কৰি আপোনালোকে বহুবোৰ গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিয়াৰ লগতে বিভিন্ন পৰামৰ্শও আগবঢ়াইছে। যিকেইখন ৰাজ্যত ক’ৰোনাৰ সংক্ৰমণ অথবা আক্ৰান্তৰ মৃ্ত্যুৰ হাৰ অধিক হৈছে সেইকেইখন ৰাজ্যৰ সৈতে বিশেষ ভাবে আলোচনা কৰা হৈছে, আৰু এয়া নিতান্ত্ই স্বাভাৱিকো।। পিচে, আন ৰাজ্যসমুহূৰ পৰাও ভাল পৰামৰ্শ সম্ভৱ হ’ব পাৰো। সেয়ে, আপোনালোকৰ হাতত যদি তেনে ইতিবাচক পৰামৰ্শ থাকে, আৰু আপোনালোকে যদি কোনো বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে সেই বিষয়ে মোক জনাবলৈ আহ্বান জনাইছো। কাৰণ তেনে পৰামৰ্শৰ জৰিয়তে নিশ্চয় আমি এক কুশল ৰণনীতি যুগুতাই উলিয়াবলৈ সক্ষম ‘

ইয়াত ভাৰত চৰকাৰ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবৰ দ্বাৰা যি প্ৰেজেণ্টেশ্যন উপস্থাপন কৰা হৈছে তাৰ পৰা পৰিস্থিতি যে পুনৰাই শোচনীয় হৈ পৰিবলৈ ধৰিছে সেই কথাই স্পষ্ট হৈছে। কিছু সংখ্যক ৰাজ্যৰ পৰিস্থিতিতো অতিকৈয়ে উদ্ৰেকজনক হৈ পৰিছে। এনে পৰিস্থিতিত শাসন-পদ্ধতিৰ সংস্কাৰৰ খুবেই প্ৰয়োজন। যোৱা এটা বছৰ ধৰি চলা যুঁজৰ পিচত সমগ্ৰ ব্যৱস্থাৱলীয়ো পৰিশ্ৰান্ত হ’ব পাৰে অথবা সামান্য শিথিলতাৰ অৱকাশো আহিব পাৰে। এয়া স্বাভাৱিক বুলিয়ে মই অনুভৱ কৰো। পিচে, আৰু দুই-তিনি সপ্তাহমান আমি যদি কঠোৰ স্থিতি গ্ৰহণ কৰো আৰু শাসন ব্যৱস্থাক আৰু শক্তিশালী কৰি তোলো, তেন্তে ভাল হ’ব। আমি এই ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়া উচিত।

বন্ধুসকল,

আজিৰ সমীক্ষাত কিছু কথা আমাৰ সন্মুখত স্পষ্ট হৈ উঠিছে আৰু সেইবোৰৰ ক্ষেত্ৰত আমি বিশেষ ভাবে ধ্যান দিয়াৰ প্ৰয়োজনীয়তা আছে।

প্ৰথম- দেশে প্ৰথমবাৰৰ শীৰ্ষাৰোহণৰ মাত্ৰা ইতিমধ্যেই অতিক্ৰম কৰিছে আৰু এইবাৰ ইয়াৰ বৃদ্ধিৰ হাৰ প্ৰথমবাৰতকৈ অধিক বেছি হোৱা পৰিলক্ষিত হৈছে।

দ্বিতীয়তে- মহাৰাষ্ট্ৰ, চত্তিশগড়, পাঞ্জাৱ, মধ্য প্ৰদেশ আৰু গুজৰাটসহ বহু কেইখন ৰাজ্যত প্ৰথমবাৰৰ শীৰ্ষ মাত্ৰা ইতিমধ্যেই অতিক্ৰম কৰিছে। আন একাংশ ৰাজ্যইয়ো এই দিশত দ্ৰুত গতিৰে অগ্ৰসৰ হৈছে। মই ভাবে এয়া আমাৰ সকলোৰে বাবে অধিক উদ্বিগ্নতাৰ কাৰণ। আৰু

তৃতীয়তে- এইবাৰ ৰাইজ আগৰবাৰৰ তুলনাত অধিক বেপৰোৱা হোৱা দেখা গৈছে। অধিক সংখ্যক ৰাজ্যৰ প্ৰশাসনেও শিথিলতা প্ৰদৰ্শন কৰিছে। এনেবোৰ কাৰণতে ক’ৰোণাৰ প্ৰকোপ হঠাতে বাঢ়ি অধিক সমস্যাৰ সৃষ্টি কৰিছে। ক’ৰোণাৰ প্ৰকোপ নিয়ন্ত্ৰিত কৰাৰ বাবে আকৌ যুদ্ধকালীন তত্পৰাতাৰে কাম কৰাৰ প্ৰয়োজন হৈছে।

বন্ধুসকল,

ইমানবোৰ প্ৰত্যাহ্বানৰ পিচতো কিন্তু এতিয়া আমাৰ হাতত আগতকৈ ভাল সংসাধন মজুত আছে, আৰু এতিয়া এটা প্ৰতিষেধকো আমাৰ হাতত উপলব্ধ আছে। জন-সাধাৰণৰ অংশগ্ৰহণৰ লগতে আমাৰ পৰিশ্ৰমী চিকিত্সক, স্বাস্থ্য-কৰ্মী, শুশ্ৰূষাকাৰীৰ দলে পৰিস্থিত চম্ভালি লোৱাত বহুত সহযোগিতা কৰি আহিছে। আপোনালোক সকলোৱে আগৰ অভিজ্ঞতাৰ আধাৰত বিশেষ তত্পৰতা প্ৰদৰ্শন কৰিব বুলি আশা কৰিছো।

যোৱাবছৰৰ এইছোৱা সময়ত আমাৰ অৱস্থা কি আছিল কল্পনা কৰিকচোন। আমাৰ হাতত পৰীক্ষাগাৰেই নাছিল। আনকি মাস্কখনকেনো কটৰ পৰা আনিম তাক লৈও চিন্তা কৰিবলগীয়া হৈছিল, পিপিই কিটেই নাছিল। আৰু আমাৰ ব্যৱস্থাৱলীৰ পৰিযোজন কৰা, সংসাধনৰ দিহা কৰা, আমাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে সেইসময়ত আমাৰ হাতত ‘লকডাউন’-ৰ বাহিৰে আন বিকল্প একোৱেই নাছিল। পৃথিৱীৰ য’তেই যি পাইছিলো, যি সম্ভ কৰিব পাৰিছিলো সেয়াকে সংগ্ৰহ কৰিছিলো, আৰু ‘লকডাউন’ৰ সময়খনিক আমি ভালকৈ উপযোগী কৰাৰ প্ৰয়াস কৰিছিলো।

পিচে, আজিৰ পৰিস্থিতিত, আজি যেতিয়া আমাৰ হাতত সকলো সংসাধন উপলব্ধ আছে যেতিয়া এতিয়া আমি আমাৰ সামৰ্থ্য আৰু আমাৰ চৰকাৰৰ দক্ষতা প্ৰদৰ্শনৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হ’ব লাগিব। আমি ক্ষুদ্ৰ ক্ষুদ্ৰ ‘কণ্টেইনমেণ্ট জ’ন’ স্থাপনত গুৰুত্ব দিয়া উচিত। সৰু সৰু ‘কণ্টেইনমেণ্ট জ’ন’ত সকলোতকৈ অধিক গুৰুত্ব আৰোপ কৰা উচিত। য’ত ‘নৈশ সান্ধ্য আইন’ বলবত্ কৰা হৈছে সেইবোৰ অঞ্চলত এনে ‘সান্ধ্য আইন’ক ‘ক’ৰোনা-কাৰ্ফিউ’ বুলি নামকৰণ কৰাৰ ব্যৱস্থা কৰক, ইয়ে ক’ৰোনাৰ নামত এক সজাগতাৰো সৃষ্টি কৰিব।  

 

আৰু আমাৰ লক্ষ্য হ’ল ৭০শতাংশ ‘আৰটি-পিচিআৰ’ পৰীক্ষণ কৰা। কেতবোৰ ঠাইৰ পৰা মোলৈ খবৰ আহিছে যে ‘আৰটি-পিচিআৰ’-ৰ বাবে নমুনা সংগ্ৰহ কৰা কিছু সংখ্যক ব্যক্তিয়ে বোলে মুখৰ আগৰ পৰাই নমুনা সংগ্ৰহ কৰি লয়। এয়া নিশ্চয় উচিত কথা নহয়। এনে কৰিলে শুদ্ধ ফলাফল লাভ কৰিব পৰা নেযায়। এনে কাণ্ডৰ পুনৰাবৃত্তি যাতে নঘটে সেয়া নিশ্চিত কৰাৰ বাবে কঠোৰতা অৱলম্বন কৰিব লাগিব। আক্ৰান্ত ব্যক্তিৰ সংখ্যা বাঢ়িলেও বাঢ়িবলৈ দিয়ক। এবাৰ সংক্ৰমণ নিশ্চিত হ’লে তাৰ চিকিত্সা কৰিব পৰা যাব। পিচে, সংক্ৰমণৰ নিশ্চয়তা নিৰ্ণয় কৰিবলৈ যাওতেই যদি গাফিলতি কৰা হয় তেন্তে তাৰ পৰিণাম কেতিয়াও ভাল নহ’ব।

যোৱা সভাতো আমি ‘আৰটি-পিচিআৰ’ পৰীক্ষাৰ হাৰ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা পাতিছিলো। মই ভাবো ইয়াৰ বাবে শুদ্ধ ভাবে নমুনা সংগ্ৰহ হোৱাতো নিশ্চিত হ’ব লাগিব। কিছুসংখ্যক পৰীক্ষাগাৰে প্ৰতিটো নমুনাৰ ক্ষেত্ৰত নেতিবাচক আৰু কেতবোৰ পৰীক্ষাগাৰে ইতিবাচক ফল প্ৰদৰ্শন কৰা আমি দেখি আহিছো। এয়া কেতিয়াও ভাল কথা হোৱা নাই। নিশ্চয় ক’ৰবাত কিবা খুত ৰৈ গৈছে, সেয়ে এনেবোৰ খুত আঁতৰোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিছুমান ৰাজ্যত ইয়াৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰয়োজন আছে, এই কাম যিমান সোনকালে কৰিব পৰা যাব সিমানেই মংগল হ’ব।

পৰীক্ষাগাৰসমূহত কামৰ খেপ বঢ়োৱাৰ যদি প্ৰয়োজন হয় সেয়া কৰা উচিত বুলি মই ভাবো। মই আৰম্ভণীতে কোৱাৰ দৰে ‘কণ্টেইনমেণ্ট জ’ন’সমূহত পৰীক্ষণ বৃদ্ধিতো গুৰুত্ব দিয়া উচিত হ’ব। এইসমূহ ‘জ’ন’ত থকা প্ৰতিগৰাকী ব্যক্তিৰে নমুনা পৰীক্ষণ কৰিবই লাগিব। এনে কৰিব পাৰলে ইয়াৰ সু পৰিণাম পোৱা যাবই।   

বন্ধুসকল,

সংক্ৰমিত ব্যক্তিৰ অনুসৰণৰ প্ৰসংগত, প্ৰশাসনিক স্তৰত প্ৰতিগৰাকী আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিকে অনুসৰণ কৰক, তেওঁলোকৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হওক আৰু তেওঁলোকৰ আচুতীয়াকৰণৰ দিহা কৰা হওক, এইক্ষেত্ৰত বিশেষ তত্পৰতাৰ প্ৰয়োজন হ’ব। ৭২ঘণ্টাত কমেও ৩০গৰাকী সংস্পৰ্শিত ব্যক্তিৰ অনুসন্ধান সম্ভৱ কৰিব পাৰিব লাগিব। এগৰাকী ব্যক্তিৰ খবৰ পালেই তেওঁৰ সৈতে সংস্পৰ্শলৈ অহা ৩০গৰাকী ব্যক্তিক আমি বিচাৰি উলিয়াব লাগিব। ‘কণ্টেইনমেণ্ট জ’ন’সমূহৰ সীমাও স্পষ্ট হ’ব লাগিব। সম্পূৰ্ণ এলেকা আবৰাৰ প্ৰয়োজন নাই। কম আয়তে কামবোৰ কৰাৰ প্ৰৱণতা পৰিহাৰ কৰি চলক।

আমি সতৰ্কতাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতাক প্ৰশ্ৰয় দিব নালাগিব, এয়াই মই কামনা কৰিম। ক’ভিডক প্ৰায় শূণ্য পৰ্যন্ত কাবু কৰাৰ পিচত কেৱল উদাসীনতাৰ বাবেই আকৌ মূৰ দাঙি উঠিবলৈ দিয়াতো কোনো পধ্যেই মানি ল’ব পৰা বিধৰ কথা নহয়। বহুকেইখন ৰাজ্যই ‘কনটেক্ট ট্ৰেছিঙ’ৰ সাময়িক সমীক্ষা কৰাৰ বাবেও বিশেষ দল গঠন কৰিছে। ইয়াৰ ফলত ভাল ফল লাভ কৰিব পৰা গৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে যুগুতোৱা ‘মানক সঞ্চালন প্ৰক্ৰিয়া’(এছঅ’পি) বাৰুকৈয়ে ভাবি-চিন্তি যুগুতাই উলিয়াইছে বুলি মই অনুভৱ কৰিছো। আৰু সময়ে সময়ে ইয়াক সংস্কাৰ কৰি থকাও হৈছে। সেয়ে, এই এছঅ’পিৰ প্ৰভাৱশালী ৰূপত পালন কৰাতো নিশ্চিত কৰাৰ প্ৰয়োজন আছে।

বন্ধুসকল,

আলোচনা কালত আমি মৃত্যুৰ হাৰক লৈ চিন্তা প্ৰকট কৰিছিলো। এই হাৰ যিমান পাৰি কম হোৱাতোত গুৰুত্ব দিবই লাগিব। ক’ৰোনাক সাধাৰণ অসুখ বুলি ভাবি চিকিত্সকৰ ওচৰলৈ নোযোৱাটোৱেই ইয়াৰ মূল কাৰণ। এনেকৈ থকাৰ ফলত এজন ব্যক্তিয়েই সমগ্ৰ পৰিয়ালটোকে সংক্ৰমিত কৰি তোলে। আৰু পৰিস্থিতি অধিক শোচনীয় হোৱাৰ পিচত হাস্পটাললৈ গ’লে পৰীক্ষণেই হওক কিম্বা যাৱতীয় চিকিত্সাই হওক সকলোতে বিলম্ব হোৱাৰ সম্ভাৱনা থাকে আৰু ই পৰিস্থিতি আৰু অধিক শোচনীয় কৰি তোলেগৈ, ফলত শেষ ৰক্ষা পৰাতো কঠিন হৈ পৰেগৈ। অৱশ্যে, আক্ৰান্ত ব্যক্তিৰ অন্য অসুখ-বিসুখ, কিম্বা মৃত্যুৰ অন্য কাৰকৰ যিমানেই বিস্তৃত তথ্য বিশ্লেষণ কৰিব পাৰিম, সিমানেই ৰোগীৰ প্ৰাণ ৰক্ষা কৰাত আমি বিশেষ সাফল্য অৰ্জন কৰিব পাৰিম।

বন্ধুসকল,

আপোনোকে চাগৈ জানেই যে দিল্লীৰ ‘এইমছ’-য়ে প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰে এই বিষয়ত ‘ৱে’বিনাৰ’ অনুষ্ঠিত কৰি আহিছে আৰু দেশৰ চিকিত্সকসকলে এই ‘ৱে’বিনাৰ’সমূহত অংশগ্ৰহণ কৰি আহিছে। চলি থকা ‘ৰাষ্ট্ৰীয় চিকিত্সালয় প্ৰবন্ধন বিধি-নিৰ্দেশনা’ সন্দৰ্ভত সকলোৱে চাগৈ অৱগত, এয়াও নিতান্তই জৰুৰী। আৰু এয়া নিৰন্তৰ যোগাযোগৰ ওপৰত নিৰ্ভৰশীল। চিকিত্সাৰে জড়িত ব্যক্তিসকলক তেওঁলোকৰ ভাষাৰেই তেওঁলোকৰ মানুহেই বুজাওক, তাৰো ব্যৱস্থা কৰা হৈছে, ইয়াৰ লাভ আদায় কৰা উচিত। সেইদৰে, এম্বুলেন্স, ভেণ্টিলেশ্যন আৰু অক্সিজেনৰ পৰ্যাপ্ততাৰো নিৰন্তৰ বুজ লোৱাটো আৱশ্যক। যোৱাবাৰো আমি শীৰ্ষত অৱতীৰ্ণ হোৱাৰ সময়তো অক্সিজেনৰ সিমান ব্যৱহাৰ কৰিবলগীয়া হোৱা নাছিল, সেয়ে, বস্তুবোৰৰ এক বিশ্লেষণ কৰি লোৱা দৰকাৰ, প্ৰতিবেদনসমূহক অলপ নিশ্চিত কৰি লোৱা হওক।

বন্ধুসকল,

এদিনত আমি ৪০লাখ প্ৰতিষেধকৰ পৰিসংখ্যাও অতিক্ৰম কৰিছো। প্ৰতিষেধক সন্দৰ্ভত এনে বহু গুৰুত্বপূৰ্ণ কথা আমাৰ চৰ্চাত উন্মোচিত হৈছে। প্ৰতিষেধকৰ ক্ষেত্ৰতো আপোনালোকৰ অধিকাৰক কামত লগাওক। সকলো সা-সুবিধা থকা পৃথিৱীৰ সমৃদ্ধৰো সমৃদ্ধ দেশসমূহেও প্ৰতিষেধকৰ বাবে যি অৰ্হতা নিৰ্দ্ধাৰণ কৰিছিল, ভাৰত তাৰ পৰা পৃথক নাছিল। আপোনালোকে অলপ অধ্যয়ণ কৰকচোন, আপোনালোক লিখা-পঢ়া কৰা ব্যক্তি, আপোনালোকৰ কাষতে আছে...অলপতো চোৱা-চিতা কৰক।

নতুন প্ৰতিষেধকৰ বিকাশ সাধন কৰা, প্ৰতিষেধকৰ সৰ্বাধিক উত্পাদন সামৰ্থ্য নিশ্চিত কৰাৰ বাবেও কাম কৰি থকা হৈছে। প্ৰতিষেধকৰ বিকাশৰ পৰা মজুত আৰু অপ-ব্যৱহাৰৰ দৰে জৰুৰী প্ৰসংগসমূহৰ সন্দৰ্ভতো চৰ্চা হৈছে। এই কথা সত্য, আশা নিশ্চয় কৰা যায় যে ইমানবোৰ প্ৰতিষেধক প্ৰস্তুত কৰিব পৰা হ’লে ভাল আছিল, পিচে, ৰাতিটোৰ ভিতৰতেতো আৰু বিশাল বিশাল কাৰখানা নিৰ্মাণ কৰি তুলিব নোৱাৰি। আমাৰ হাতত যি সংসাধন উপলব্ধ আছে তাকে আমি প্ৰথমিকতা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। কোনোবা এখন ৰাজ্যত গোটেই বছৰতো ৰখাই থ’লেই পৰিণাম পাই যাম বুলি ভবা কথাটো ঠিক নহয়। আমি গোটেইখন দেশৰ কথা চিন্তা কৰিহে ইয়াৰ প্ৰবন্ধনৰ ব্যৱস্থা কৰিব লাগিব। ক’ভিড প্ৰবন্ধনৰ এটা বহুত ডাঙৰ অংশ, প্ৰতিষেধকৰ ক্ষয়-ক্ষতিৰ নিয়ন্ত্ৰণ কৰিবই লাগিব।

বন্ধুসকল,

প্ৰতিষেধক সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ দিহা-পৰামৰ্শৰ আধাৰতেহে দেশজোৰা ৰণনীতি গ্ৰহণ কৰা হৈছিল।  অধিক গুৰুত্ব প্ৰদান কৰিবলগীয়া জিলাসমূহৰ ৪৫বছৰৰ ওপৰৰ ব্যক্তিসকলৰ এশ শতাংশক প্ৰতিষেধক প্ৰদানৰ নিৰন্তৰ প্ৰয়াস কৰাৰ বাবে মই আহ্বান জনাব বিচাৰিছো। এবাৰত এটা সাফল্যতো সম্ভৱ কৰি চাওক। মই এক পৰামৰ্শ দিব বিচাৰিছো। কেতিয়াবা বাতাবৰণ সলনি কৰাৰ ক্ষেত্ৰত এনেকুৱা কথাবোৰে বিশেষ কাম কৰে। ১১এপ্ৰিলত জ্যোতিবা ফুলে জীৰ জন্মজয়ন্তী আছে আৰু ১৪ এপ্ৰিলত বাবা চাহেবৰ জন্ম জয়ন্তী। আমি বাৰু ১১এপ্ৰিলৰ পৰা ১৪এপ্ৰিললৈ ‘টীকা উত্সৱ’ উদযাপনৰ দিহা কৰিব নোৱাৰোনে? ‘টীকা উতসৱ’ৰে এক বাতাবৰণ নিশ্চয় সৃষ্টি কৰিব পৰা নেযাবনে বাৰু?

এক বিশেষ অভিযানৰ জৰিয়তে আমি যোগ্যতাসম্পন্ন লোকসকলৰ যিমান পাৰি অধিক সংখ্যকক টীকা প্ৰদানৰ দিহা কৰো আহক। সেইদৰে, প্ৰতিষেধকৰ ক্ষতি শূণ্য কৰাৰ প্ৰয়াস কৰিলে ইয়ো আমাৰ প্ৰতিষেধক প্ৰদানৰ সামৰ্থ্য বৃদ্ধি কৰাত সহায় কৰিব। ইয়াৰ বাবে যদি প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ সংখ্যা বঢ়োৱাৰ প্ৰয়োজন হয় তেন্তে সেয়াও কৰক। ১১ এপ্ৰিলৰ পৰা ১৪এপ্ৰিললৈ কথাবোৰ কেনেকৈ শৃংখলিত কৰিব পাৰি এবাৰ অন্ততঃ চাওকচোন, এক সাফল্য আহৰণৰ তৃপ্তি লাভ কৰিব পাৰিব। বাতাবৰণ সলনি কৰাৰ ক্ষেত্ৰত বহুত কামত আহিব। আৰু আমি যিমান পাৰো সিমানকৈ প্ৰতিষেধক প্ৰেৰণ কৰিবলৈকো মই ভাৰত চৰকাৰক প্ৰয়াস কৰিবলৈ কৈছো। ‘টীকা উত্সৱ’ত আমি যিমান পাৰো অধিক সংখ্যক যোগ্যতা প্ৰাপক শ্ৰেণীভুক্ত ব্যক্তিক যাতে প্ৰতিষেধক প্ৰদান কৰিব পাৰো সেয়াই আমাৰ প্ৰয়াস হোৱা উচিত।

মই দেশৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ আশে-পাশে তকা ৪৫বছৰৰ উৰ্ধ্বৰ ব্যক্তিসকলক প্ৰতিষেধক গ্ৰহণ কৰাত সহযোগিতা কৰাৰ বাবে আগভাগ ল’বলৈ গোঁহাৰি জনাব বিচাৰিছো। তেওঁলোকৰ প্ৰতি বিশেষভাবে আহ্বান জনাইছো...আপোনালোক সুস্থ হৈ থাকক, সামৰ্থ্যবান হৈ থাকক, আপোনালোকে বহুত কিবা কিবি কৰিব পাৰিব। যদি আমাৰ দেশৰ ন-জোৱানসকলে ক’ৰোনাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ বাবে ক’ভিড সংক্ৰান্তীয় বিধি-নিৰ্দেশনাসমূহ পালনৰ বাবে, মাস্ক আদিৰ ব্যৱহাৰ কৰাৰ দৰে কথা-বতৰাবোৰ পালনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে তেন্তে ক’ৰোনাক পৰাভূত কৰিবলৈ অসম্ভৱ নহ’ব।

যুৱ-প্ৰজন্মৰ মাজত এই সাৱধনতাসমূহ পালনৰ ক্ষেত্ৰত আমি পোণতে অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। ন-জোৱানসকলক প্ৰতিষেধক গ্ৰহণৰ বাবে উত্সাহিত কৰাতকৈয়ো অধিক এইসমূহ বিধি-নিৰ্দেশনা পালন কৰাৰ বাবে অনুপ্ৰাণিত কৰাত গুৰুত্ব দিব লাগিব। চাবচোন আমি এবাৰ শীৰ্ষাৰোহণ কৰি পুনৰ তললৈ যেনেকৈ নামি আহিবলৈ সক্ষম হৈছিলো, সেই স্থিতিয়েই পুনৰ সম্ভৱ কৰিব পাৰিম। এই বিশ্বাসৰেই আমি আগবাঢ়িব লাগিব।

ৰাইজক প্ৰতিষেধক গ্ৰহণত সহায় কৰিব পৰাকৈ চৰকাৰে এক ডিজিটেল ব্যৱস্থা গঢ়ি তুলিছে। ব্যৱস্থাটোক লৈ বহু সংখ্যক লোকে সন্তুষ্টি ব্যক্ত কৰি বাৰ্তা প্ৰেৰণো কৰিছে। পিচে, এই ডিজিটেল ব্যৱস্থাৰে জড়িত হোৱাৰ ক্ষেত্ৰত যিসকল লোকৰ সমস্যা হৈছে, দুখীয়া শ্ৰেণীৰ একাংশৰ বাবে এই ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰাত অসুবিধা হোৱাটো স্বাভাৱিক...এনে লোকক সহায় কৰাৰ বাবে যুৱ-প্ৰজন্মক আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো। আমাৰ ‘এনচিচি’, ‘এনএছএছ’-ৰ সদস্যসকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ যিবোৰ সংস্থা আছে তেওঁলোককো এই ক্ষেত্ৰত সংযোজিত কৰাৰ বাবে পদক্ষেপ ল’লে ৰাইজৰ সুবিধা হ’ব।

চহৰাঞ্চলৰ এক বৃহত্ বৰ্গই দুখীয়া জীৱন যাপন কৰে। বস্তি অঞ্চলত জুপুৰী ঘৰত বসবাস কৰা এইসকল লোকৰ মাজলৈ এই বাৰ্তা প্ৰেৰণৰ দিহা কৰা হওক। তেওঁলোকক প্ৰতিষেধক দিয়াৰ বাবে কেন্দ্ৰসমূলৈ লৈ যোৱা হওক। এই কামত আমাৰ স্বেচ্ছাসেৱক, নাগৰিক সমিতি-সংস্থাসমূহৰ লগতে আমাৰ ন-জোৱানসকলক নিয়োজিত কৰক, আৰু তেওঁলোকক প্ৰথমিকতাৰ আধাৰত প্ৰতিষেধক প্ৰদানৰ বাবে যদি আমি প্ৰয়াস কৰো এক পূণ্য কাম কৰাৰ সন্তুষ্টি লাভ কৰিব পাৰিব আৰু আমি সেই প্ৰয়াস নিশ্চয় কৰা উচিত। প্ৰতিষেধক লোৱাৰ পিচতো আমি কিন্তু দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শন কৰিলে নহ’ব। প্ৰতিষেধক ল’লোয়েই যেতিয়া এতিয়া আৰু মোৰ একো হ’ব নোৱাৰে বুলি ভবাটোৱেইতো এতিয়া ডাঙৰ  সমস্যা হৈ উঠিছে। প্ৰথম দিনাৰে পৰা মই কৈ আহিছো—‘দৱাই ভী কড়াই ভী’।

প্ৰতিষেধক গ্ৰহণৰ পিচতোযে মাস্ক পৰিধান কৰা আৰু অন্যান্য বিধি-নিৰ্দেশনাসমূহ পালন কাৰতো নিতান্তই বাঞ্চনীয় সেই কথা আমি ৰাইজক বুজাব লাগিব। ব্যক্তিগত পৰ্যায়তো ৰাইজৰ মাজত মাস্ক আৰু অন্যান্য বিধিসমূহ পালনৰ ক্ষেত্ৰত উদাসীন হোৱা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত পুনৰাই ব্যাপক জন সচেনতা সৃষ্টিৰ প্ৰয়োজন আছে। সচেনতা সৃষ্টিৰ এই অভিযানত আমি সমাজৰ প্ৰভাৱশালী ব্যক্তিসকলৰ লগতে সামাজিক সংগঠন, চেলিব্ৰেটী, জনমত গঠন কৰোতাসকলক জড়িত কৰাত গুৰুত্ব দিব লাগিব। এইক্ষেত্ৰত ৰাজ্যাপলসকলক জড়িত কৰাৰ বাবে মই আহ্বান জনাব খুজিছো।

ৰাজ্যপাল মহোদয়ৰ নেতৃত্বত, মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত ৰাজ্য পৰ্যায়ত সৰ্বদলীয়া সভা প্ৰথমে অনুষ্ঠিত কৰি লওক। এই সভাৰ জৰিয়তে কৰ্ম সম্পাদন সম্ভৱ বিষয়বস্তুসমূহ নিৰ্দ্ধাৰণ কৰি লওক। ইয়াৰ পিচত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলে মিলি সকলো নিৰ্বাচিত প্ৰতিনিধিক লৈ ‘ৱে’বিনাৰ’ অনুষ্ঠিত কৰক। প্ৰথমে চহৰীয়া অঞ্চলৰ নিকায়সমূহৰে ৱেবিনাৰ পাতক, তাৰ পিচত গ্ৰাম্যাঞ্চলৰ নিকায়সমূহৰে পতা হওক। এনেদৰে বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধি, সদনৰ নেতাসকলক ধৰি সকলোৰে সৈতে মত-বিনিময় কৰিব পাৰিলে স্বতঃস্ফূৰ্ত ভাবেই এক ইতিবাচক বাৰ্তা বিস্তাৰিত হ’ব। এইবোৰৰ ক্ষেত্ৰত ৰাজনীতি কৰাৰ প্ৰয়োজন নাই...সকলোৱে মিলি-জুলিহে এনেবোৰ কাম কৰিব লাগিব। এনেকৈয়ে এক প্ৰয়াস কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰো।

দ্বিতীয়তে ৰাজ্যপাল মহোদয়ৰ নেতৃত্বত...কিয়নো মুখ্যমন্ত্ৰীৰ হাতত বহুত কাম থাকে, সেয়ে ৰাজ্যপাল মহোদয়ৰ নেতৃত্বত এলানি শীৰ্ষ সন্মিলন, বিস্তৃত পৰসৰৰ ‘ৱেবিনাৰ’ অনুষ্ঠিত কৰাৰ দিহা কৰক, স্থানীয় ধাৰ্মিক নেতাসকলক নিমন্ত্ৰণ কৰি সভা অনুষ্ঠিক কৰা হওক, বাকীসকলক ভাৰ্চুৱেল ব্যৱস্থাৰে সংযোজিত কৰাৰ ব্যৱস্থা কৰা হওক। নাগৰিক মঞ্চসমূহৰ সদস্যসকলৰ সৈতেও একোলানি বৈঠকৰ ব্যৱস্থা কৰা হওক। সেইদৰে শিল্পী-সাহিত্যিক, লেখক, অভিনেতা-অভিনেত্ৰী-খলুৱৈসকলক একত্ৰিত কৰি লোৱাৰ ব্যৱস্থা কৰক।

মই ভাবো ৰাজ্যপালসকলৰ জৰিয়তে এনেদৰে ভিন ভিন সমাজৰ লোকসকলক একত্ৰিত কৰাৰ এক অভিযান চলোৱা হওক, অৱশ্যেই এই ক্ষেত্ৰতো কিন্তু কৰোণা বিধি মানি মানি চলাতো নিশ্চিত কৰিব লাগিব, নমুনা পৰীক্ষণত গুৰুত্ব আৰোপ কৰক। আমি পৰীক্ষণৰ কথা পাহৰি একেবাৰে টীকাকৰণত উবুৰি খাই পৰিলো। উতপাদন পৰ্যাপ্ত হ’লেই প্ৰতিষেধক উপলব্ধ হ’ব। আমিতো প্ৰতিষেধক নোহোৱাকৈয়ে যুদ্ধ জয় কৰিছিলো। প্ৰতিষেধকৰ উদ্ভাৱন হ’ব নে নহ’ব...তাৰো কোনো ভৰসা নাছিল...তেনে পৰিস্থিতিতো আমি যুদ্ধ জয় কৰিছিলো। আজিতো আমাৰ এনেবোৰ কথাক লৈ সন্ত্ৰস্ত হোৱাৰ কথাই নাই। ৰাইজক সন্ত্ৰস্ত হ’বলৈ নিদিব।

আমি অধিক সক্ৰিয়তাৰে নমুনা পৰীক্ষণত জোৰ দিয়াৰ বাবে মই আহ্বান জনাব খুজিছো। আমাৰ হাতত সকলো ব্যৱস্থা উপলব্ধ আছে। হিন্দুস্থানৰ সকলো জিলাতে এতিয়া পৰীক্ষাগাৰ নিৰ্মিত হৈছে। আমি এটা পৰীক্ষাগাৰৰে আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো, এতিয়া সকলো জিলাতে পৰীক্ষাগাৰৰ ব্যৱস্থা হৈছে, ইমানৰ পিচতো আমি যদি এই বিষয়ত গুৰুত্ব নিদিও তেন্তে কেনেকৈ হ’ব!

সেয়ে মই বিচাৰো...যিমানখিনিলৈকে ৰাজনীতি কৰা নকৰাৰ কথা...মইতো প্ৰথম দিনাৰে পৰা দেখি আহিছো...সাজি সাজি বক্তব্যৰ ফুলজাৰি মাৰি থকা হৈছে, মই কিন্তু মুখ খুলিব খোজা নাই। কিয়নো, হিন্দুস্থানৰ জনসাধাৰণক সেৱা কৰাটো আমাৰ পবিত্ৰ কৰ্তব্য বুলি মই গণ্য কৰো। আমাক ঈশ্বৰে এই কঠিন সময়ত, এই সমস্যা জৰ্জৰ পৰিস্থিতিত ৰাইজৰ সেৱা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে...আমি এই দায়িত্ব পালন কৰিব লাগিব। যিসকলে ৰাজনীতি কৰিব খুজিছে, তেওঁলোকেতো কৰিয়েই আছে...তেওঁলোকৰ প্ৰতি মই একো ক’ব বিচৰা নাই। অৱশ্যে আমি সকলো মুখ্যমন্ত্ৰীক তেওঁলোকৰ ৰাজ্যৰ সকলো দলকে নিমন্ত্ৰণ কৰি, সকলো প্ৰকাৰৰ লোকক লগত লৈ...নিজৰ নিজৰ ৰাজ্যৰ অৱস্থা সলনি কৰাৰ বাবে আগবাঢ়ি আহিব..এই সংকট আমি অতিক্ৰম কৰিব পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

মই আকৌ এবাৰ সেই মন্ত্ৰকে আওৰাম—‘দৱাই ভী-কড়াই ভী’। এই ক্ষেত্ৰত কোনো আপোচ নকৰিব...যোৱাবাৰো মই কৈছিলো যে আপুনি পানীলগা অসুখৰ ঔষধ খালে বাবে বাহিৰত আহি থকা বৰষুণজাকত ছাটি নোলোৱাকৈ যাবলৈ  বিচাৰিলে নহ’ব। পানীলগাৰ বাবে ঔষধ খালে অসুখ ভাল হ’ব, কিন্তু সেই বুলিয়েই আকৌ বৰষুণত ছাটি নোলোৱাকৈ গ’লে জানো হ’ব। অসুখ নোহোৱাকৈ থাকিব জানো! বৰষুণত আমি ছাটি ল’বই লাগিব। ঠিক তেনেকৈয়ে ক’ৰোনাৰ পৰা হাত সাৰি থাকিবলৈও আমি এই সন্দৰ্ভত জাৰি কৰা বিধি-নিৰ্দেশণাসমূহ পালন কৰিবই লাগিব।

আৰু কও, আগৰবাৰ আমি যেনেকৈ ক’ৰোনা নিয়ন্ত্ৰিত কৰিছিলো, সেইদৰেই এইবাৰো আমি কৰিবলৈ সমৰ্থ হ’ম। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আৰু আপোনালোকৰ ওপৰতো মোৰ ভৰসা আছে। আপোনালোকে যদি উদ্যোগ গ্ৰহণ কৰে, চিন্তা-চৰ্চা কৰে আৰু নমুনা পৰীক্ষণত গুৰুত্ব আৰোপ কৰে তেন্তে সকলো সম্ভৱ হ’ব। প্ৰতিষেধকৰ ব্যৱস্থা এক দীঘলীয়া সময়ৰ বাবে চলিব আৰু সেয়া নিৰন্তৰ চলি থাকিব। যি লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে আমি ‘টীকা উত্সৱ’ৰ আয়োজন কৰিছিলো, সেই লক্ষ্য উপনীত হোৱাৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিব লাগিব। এক নতুন বিশ্বাসৰ জন্ম দিয়াৰ বাবে এটি সৰু অৱকাশেই মহত্বপূৰ্ণ হৈ উঠিব পাৰে।

আপোনালোকৰ দিহা-পৰামৰ্শলৈ মই অপেক্ষা কৰি ৰ’ম।

বহুত বহুত ধন্যবাদ!

**************

DS/AKJ/NS/KB



(Release ID: 1710971) Visitor Counter : 314