কেবিনেট

শৈক্ষিক, গৱেষণা সহযোগিতা আৰু পাৰস্পৰিক আদান-প্ৰদানৰ বাবে ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Posted On: 07 APR 2021 3:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে শৈক্ষিক, গৱেষণা সহযোগিতা আৰু পাৰস্পৰিক আদান-প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নেশ্যনেল এটম’ছফেৰিক ৰিচাৰ্ছ লেব’ৰেটৰী(এনএআৰএল)আৰু জাপানৰ কিঅ’টো বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ছ ইনষ্টিটিউট ফৰ ছাষ্টেইনেবল হিউমেন’স্পেয়াৰ(আৰআইএছএইছ)ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনাইছে।

উদ্দেশ্যঃ

  • এই বুজাবুজিৰ চুক্তিৰ ফলত এনএআৰএল আৰু আৰআইএছএইচ-এ বায়ুমণ্ডলীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা অক্ষুন্ন ৰাখিব পাৰিব।
  • এইবুজাবুজিৰ চুক্তিৰ ফলত জাপানৰ শ্বিগাৰাকিস্থিত মধ্য আৰু উজনি বায়ুমণ্ডল ৰাডাৰ, ইণ্ডোনেছিয়াৰ ইকুৱেট’ৰিয়েল এটম’ছফেয়াৰ ৰৰাডাৰ আৰু মেছ’স্পেয়াৰ-ষ্ট্ৰেট’স্পেয়াৰ-ট্ৰোপ’স্পেয়াৰ(এমএছটি)ৰাডাৰৰ পাৰম্পৰিক উপযোগিতা গ্ৰহণ নিশ্চিত হ’ব।

*******

DS/MS



(Release ID: 1710355) Visitor Counter : 198