ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পাৰ্ছনেল ও ট্ৰেইনিং বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে

৪৫ বছৰ আৰু তাৰ উৰ্ধ বয়সৰ কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীকে অতি সোনকালেই ভেকচিন গ্ৰহণৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৰ্থে জাৰি কৰা নীতি-নিৰ্দেশনা/নিৰ্দেশিকা পালনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক আহ্বান ডাঃ জিতেন্দ্ৰ সিঙৰ

Posted On: 07 APR 2021 5:48PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (DoNER) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়, পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি শেহতীয়াভাৱে পজিটিভ ঘটনা বৃদ্ধিকে প্ৰমুখ্য কৰি ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পাৰ্ছনেল ও ট্ৰেইনিং বিভাগ (DoPT) এ গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ পৰ্যালোচনা কৰে।

এই বৈঠকত উপস্থিত থাকে পাৰ্ছনেল ও ট্ৰেইনিং বিভাগৰ কেন্দ্ৰীয় সচিব দীপক খান্দেকৰ, প্ৰশাসনীয় সংস্কাৰৰ কেন্দ্ৰীয় সচিব ইন্দিবৰ পাণ্ডে, কেন্দ্ৰীয় সচিব আৰু স্থাপনা বিষয়া কে শ্ৰীনিবাসন, কেন্দ্ৰীয় সচিব আলোক ৰঞ্জন, সচিব (ইকুইভেলেন্ট) সুজাতা চতুৰ্বেদী, যুটীয়া সচিব, পেঞ্চন এছ এন মাথুৰ আৰু পাৰ্ছনেল ও ট্ৰেইনিং বিভাগ, এআৰপিজি আৰু পেঞ্চন বিভাগকে ধৰি পাৰ্ছনেল মন্ত্ৰালয়ৰ আন জ্যেষ্ঠ বিষয়াসকল।

এটা কথা উল্লেখ কৰিব লাগিব যে ক’ভিড ঘটনাৰ শেহতীয়া বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, পাৰ্ছনেল ও ট্ৰেইনিং বিভাগে এখনি অফিছ মেম’ৰেণ্ডাম (OM) জাৰি কৰে। ইয়াত ৪৫ বছৰ আৰু তাৰ উৰ্ধ বয়সৰ কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীকে ভেকচিন গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা যায় যাতে ক’ভিড-১৯ ৰ সংক্ৰমণ ফলপ্ৰসূতাৰে প্ৰতিৰোধ কৰিব পাৰি। এনে চৰকাৰী কৰ্মচাৰীক তদুপৰি এই পৰামৰ্শও প্ৰদান কৰা যায় যে তেওঁলোকে টিকালাভৰ পাছতো সঘনাই হাত ধোৱা/ছেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক/ফেচ ক’ভাৰ পৰিধান, সামাজিক দূৰত্ব মানি চলা ইত্যাদিৰ দৰে ক’ভিডৰ যথোচিত আচৰণ বৰ্তাই চলিব লাগে।

এই বৈঠকত চমু ভাষণ প্ৰদান কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয়, ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ পাৰ্ছনেল ও ট্ৰেইনিং বিভাগকে প্ৰমুখ্য কৰি পাৰ্ছনেল মন্ত্ৰালয়ে সময়ে-সময়ে নিৰ্দেশনা আৰু প্ৰতিৰোধমূলক নীতি-নিৰ্দেশনা জাৰি কৰি আহিছে। তেওঁ কয়, চৰকাৰে পৰিস্থিতিটো অতিশয় নিবিড়ভাৱে নিৰীক্ষণ কৰি আহিছে আৰু টিকাদানৰ অগ্ৰাধিকাৰৰ অৰ্থে গ্ৰহণ কৰা কৌশলৰ ভিত্তিত, ৪৫ বছৰ আৰু তাৰ উৰ্ধ বয়সৰ সকলো লোকেই এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰে। তেওঁ কয়, সকলো চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ নিজা সুৰক্ষা তথা একেদৰে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সুৰক্ষাৰ অৰ্থে এই টিকাদানৰ সা-সুবিধা গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।

ডাঃ জিতেন্দ্ৰ সিঙে তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৰ্থে জাৰি কৰা নীতি-নিৰ্দেশনা/নিৰ্দেশিকা পালনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক আহ্বান জনায়। তেওঁ কয়, কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবেই নহয় বৰঞ্চ ক’ভিডৰ বাবে দুৰ্বল হৈ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্ম-দিন ঘাটি হ্ৰাস কৰাৰ বাবেও ই অতীব প্ৰয়োজনীয়।

ডাঃ জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে মহামাৰীটোৰ যোৱা এটা বছৰত, পাৰ্ছনেল ও ট্ৰেইনিং বিভাগে চৰকাৰী কাৰ্যালয়সমূহে মানি চলিবলৈ এলানি নীতি-নিৰ্দেশনা যুগুত কৰি উলিয়ায়। ইয়াৰ লক্ষ্য আছিল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধকে প্ৰমুখ্য় কৰি ব্যাহত নোহোৱাকৈ কাৰ্যালয়ৰ কাম-কাজ ফলপ্ৰসূতাৰে অব্যাহত ৰখা। তেওঁ কয়, পাৰ্ছনেল ও ট্ৰেইনিং বিভাগে বিকাশ সাধন কৰি উলিওৱা ৱৰ্ক ফ্ৰম হ’ম (WFH) প্ৰট’কল অতিশয় সফল হৈছে, ইয়াৰ জৰিয়তে আদায় পোৱা কাম সাধাৰণ পৰিস্থিতিতকৈ বহুগুণে অধিক। কিয়নো খোলা থকা দিন বা বন্ধৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলে অনলাইনত কাম কৰিছিল।

আশা ব্যক্ত কৰি ডাঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা বছৰত আহৰণ কৰা অভিজ্ঞতাৰ ভিত্তিত, শেহতীয়া ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থাৰাজি ফলপ্ৰসূতাৰে বিকাশ আৰু ৰূপায়ণ কৰাটো সম্ভৱ হৈ উঠিব।

 

*********

SNC/SB



(Release ID: 1710320) Visitor Counter : 162