প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা
प्रविष्टि तिथि:
07 APR 2021 9:51AM by PIB Guwahati
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা বাৰ্তা তলত উল্লেখ কৰা হ’ল।
“দেশৰ জনসাধাৰণে উন্নত মানৰ তথা সুলভ চিকিসা সেৱা লাভ কৰাটো সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জনঔষধি যোজনাকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে লগতে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান হাতত লৈছে।
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আহক আমি মাস্ক পৰিধান, নিয়মীয়াকৈ হাত ধোৱা আৰু অন্যান্য প্ৰট’কল মানি চলাকে ধৰি ক’ভিডৰ বিৰুদ্ধে যুঁজত সম্ভাব্য সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰো।
একেসময়তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ফিট হৈ থকাৰ সম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰক।
বিশ্ব স্বাস্থ্য দিৱস হৈছে এনে এটা দিন, যাৰ জৰিয়তে আমাৰ পৃথিৱীখনক সুস্থ কৰি ৰখাৰ বাবে দিনে-ৰাতিয়ে কাম কৰি থকা লোকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। এয়া স্বাস্থ্যখণ্ডত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহায় কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি দোঁহৰাৰো দিন।”
***
DS/SH/DB
(रिलीज़ आईडी: 1710025)
आगंतुक पटल : 337
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam