স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

টিকাকৰণ অভিযানে ভাৰতৰ মুঠ ৭.৩ কোটিতকৈ অধিক লোকক সামৰি লৈছে

৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ব্যাপক বৃদ্ধি

একাংশ ৰাজ্যত বৃদ্ধি পোৱা চিকিৎসাধীন ৰোগীৰ সংখ্যা চিন্তাৰ কাৰণ হৈ পৰিছে

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কেবিনেট সচিবৰ

Posted On: 03 APR 2021 11:29AM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে এক উল্লেখযোগ্য সফলতা হিচাপে আজি দেশৰ ক’ভিড টিকাকৰণৰ সংখ্যা ৭.৩ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

সামগ্ৰিকভাৱে আজি পুৱা ৮বজালৈকে ১১,৫৩,৬১৪টা পৰ্বত ৭,৩০,৫৪,২৯৫জন লোকক ভেকচিন প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৮৯,৩২,৬৪২গৰাকী স্বাস্থ্য কৰ্মীক প্ৰথম ড’জ, ৫২,৯৬,৬৬৬গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ৯৫,৭১,৬১০গৰাকী আগশাৰীৰ কৰ্মীক প্ৰথম ড’জ আৰু ৩৯,৯২,০৯৪গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, আৰু ৪,৪৫,৭৭,৩৩৭গৰাকী প্ৰথম ড’জ আৰু ৪৫বছৰৰ ঊৰ্ধ্বৰ ৬,৮৩,৯৪৬গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

সামূহিক টিকাকৰণৰ ভিতৰত ৬ কোটিতকৈ অধিক লোকক প্ৰথম ড’জৰ বিপৰীতে প্ৰায় কোটি লোকক দ্বিতীয় ড’জ দিয়া হৈছে৷

৭৭সংখ্যক দিনত টিকাকৰণ অভিযানৰ ৩০,৯৩,৭৯৫গৰাকী ভেকচিন প্ৰদান কৰা হৈছে৷ ইয়াৰে ২৮,৮৭,৭৭৯গৰাকী হিতাধিকাৰীক ৩৫,৬২৪টা পৰ্বত প্ৰথম ড’জ আৰু ২,০৬,০১৬গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, দিল্লী, তামিলনাডু, উত্তৰপ্ৰদেশ, পাঞ্জাৱ আৰু মধ্যপ্ৰদেশকে ধৰি আঠখন ৰাজ্যত দৈনিক আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ নতুন আক্ৰান্তৰ ৮১.৪২%ই ৮খন ৰাজ্যৰ৷

বিগত ২৪ ঘণ্টাত দেশত ৮৯,১২৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৭,৯১৩গৰাকী লোক আক্ৰান্ত হৈছে৷ কৰ্ণাটক আৰু ছত্তীশগড়ত ক্ৰমে ৪,৯৯১ আৰু ৪,১৭৪গৰাকী নতুনকৈ আক্ৰান্ত হৈছে৷

১২খন ৰাজ্যত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ হাৰ তলত উল্লেখ কৰা ধৰণৰ৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৬,৫৮,৯০৯গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ চিকিৎসাধীন ৰোগীৰ ৫.৩২%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ৪৪,২১৩জন বৃদ্ধি পালে৷

তলৰ লেখচিত্ৰত যোৱা দুমাহত ১০খন ৰাজ্যৰ চিকিৎসাধীন ৰোগী বৃদ্ধিৰ সংখ্যাৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰা হৈছে৷

 

৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ছত্তীশগড়, কেৰালা আৰু পাঞ্জাৱত দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৭৭.৩% আছে৷ মহাৰাষ্ট্ৰতে মুঠ চিকিৎসাধীন ৰোগীৰ ৬০% আছে৷

১০খন ৰাজ্যত দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৫০% আছে৷

ইফালে, কেবিনেট সচিব ৰাজীৱ গৌবাই সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, স্বাস্থ্য সচিবসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়৷ ইয়াৰে ১১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ক্ষিপ্ৰগতিত বৃদ্ধি পোৱা দৈনিক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাক লৈ সকলোৱে উদ্বেগ প্ৰকাশ কৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষিপ্ৰ নমূনা পৰীক্ষণ, কঠোৰ কণ্টেইনমেণ্ট, সংস্পৰ্শলৈ অহা লোক চিনাক্তকৰণ আৰু উপযুক্ত আচৰণৰ লগতে মানসম্পন্ন চিকিৎসা ব্যৱস্থাপনাত গুৰুত্ব দিবলৈ কোৱা হৈছে৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,১৫,৬৯,২৪১জনলৈ বৃদ্ধি পাইচে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৩.৩৬%লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৪৪,২০২জন ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৭১৪জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮৫.৮৫%ই ৬খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৮১জন লোকৰ মৃত্যু হৈছে৷ পাঞ্জাৱতো ৫৭জন ৰোগীৰ মৃত্যু হৈছে৷

১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-ওড়িশা, অসম, লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, নাগালেণ্ড, মেঘালয়, মনিপুৰ, ত্ৰিপুৰা, ছিকিম, লাক্ষাদ্বীপ, মিজোৰাম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ ৷

 

*****

MV/DB



(Release ID: 1709447) Visitor Counter : 253