স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ টীকাকৰণ সম্পর্কীয় শেহতীয়া তথ্য

চলিত এপ্রিল মাহত সকলো চৰকাৰী ছুটিৰ দিনসহ প্রত্যেক দিনাই চৰকাৰী আৰু বেচৰকাৰী কোভিড স্বাস্থ্যকেন্দ্রত টীকাকৰণ চলিব

Posted On: 01 APR 2021 1:27PM by PIB Guwahati

দেশজুৰি টীকাকৰণ অভিযানৰ অধিক সুবিন্যস্ত সম্প্রসাৰণৰ লক্ষ্যত এটা তাৎপর্যপূর্ণ পদক্ষেপ হিচাপে কেন্দ্রীয় চৰকাৰে গোটেই এপ্রিল মাহ জুৰি চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য কেন্দ্রসমূহৰ কোভিড টীকাকৰণ কেন্দ্রবিলাকত টীকা দিয়াৰ সিদ্ধান্ত লৈছে। আজিৰ পৰা অহা ৩০ এপ্রিল পর্যন্ত দৈনিক টীকাকৰণৰ কাম চলিব। সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলক কেন্দ্রৰ ফালৰ পৰা আজি লিখা এখন চিঠিত কোৱা হৈছে, চৰকাৰী ছুটিৰ দিনসহ গোটেই এপ্রিল মাহ জুৰি কোভিড টীকাকৰণ কেন্দ্রবিলাকত নিয়মিত টীকাকৰণ অব্যাহত ৰাখিবলৈ যাবতীয় প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব।

 

উল্লেখ কৰিব পাৰি যে কালি ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ সৈতে টীকাকৰণ সম্পর্কীয় একাধিক বিষয়ক লৈ কেন্দ্রৰ আলোচনা হয়। এই পৰিপ্রেক্ষিতত সিদ্ধান্ত হৈছে, চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্রৰ সকলো কোভিড কেন্দ্রত টীকাকৰণৰ হাৰ আৰু বঢ়াবলৈ প্রত্যেকটো কেন্দ্রৰ সর্বাধিক সদ্ব্যৱহাৰ সুনিশ্চিত কৰিব লাগিব। দেশত কোভিড-১৯ টীকাকৰণৰ যথাযথ সম্প্রসাৰণৰ লক্ষ্যত কেন্দ্রীয়চৰকাৰে যি পদক্ষেপ গ্রহণ কৰিছে তাৰ পৰিপ্রেক্ষিততেই এই সিদ্ধান্ত লোৱা হৈছে।

 

ক'ভিড-১৯ সংক্রমণৰ পৰা সর্বাধিক অসুৰক্ষিত শ্রেণীৰ মানুহৰ সুৰক্ষাৰ এটা উপায় হিচাপে টীকাকৰণ অভিযান অব্যাহত আছে। চৰকাৰে টীকাকৰণৰ হাৰ আৰু গতি বঢ়াবলৈ নিয়মিতভাৱে সর্বোচ্চ পর্যায়ত তত্বাৱধান আৰু পর্যালোচনা কৰিছে।

 

ইতিমধ্যেই চৰকাৰে সমগ্ৰ দেশতে আজিৰ পৰা ৪৫ বছৰৰ বেছি বয়সীয়া সকলো মানুহৰ কোভিড-১৯ টীকাকৰণৰ সিদ্ধান্ত লৈছে। জাতীয় স্তৰত টীকাকৰণ সুষ্ঠভাৱে পৰিচালনাৰ বাবে যি বিশেষজ্ঞ গোষ্ঠী গঠন কৰা হৈছে, তাৰ পৰামৰ্শৰ ভিত্তিত আজিৰ পৰা সমগ্ৰ দেশত ব্যাপক হাৰত টীকাকৰণ আৰম্ভ হৈছে।

 

********

MV



(Release ID: 1709085) Visitor Counter : 238