স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সমগ্ৰ দেশত ৫.৫ কোটিতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে

বিগত ২৪ ঘণ্টাত ২৩লাখতকৈ অধিক লোকক ক’ভিডৰ ড’জ প্ৰদান কৰা হৈছে

মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, চত্তীশগড় আৰু গুজৰাটত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে

Posted On: 26 MAR 2021 11:35AM by PIB Guwahati

ভাৰতৰ টিকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈকে সমগ্ৰ দেশত ৯,০১,৮৮৭টা পৰ্বৰ জৰিয়তে ৫,৫৫,০৪,৪৪০জন লোকক ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ৮০,৩৪,৫৪৭জন স্বাস্থ্যকৰ্মী আৰু ৮৫,৯৯,৯৮১জন আগশাৰীৰ কৰ্মীক প্ৰথম ড’ড আৰু ৫১,০৪,৩৯৮জন স্বাস্থ্যকৰ্মী আৰু ৩৩,৯৮,৫৭০জন লোক আৰু ৪৫ বছৰ ঊৰ্ধ্বৰ ৫৫,৯৯,৭৭২জন ৰোগাক্ৰান্ত আৰু ২,৪৭,৬৭,১৭২জন ৬০ ঊৰ্ধ্বৰ লোকক দ্বিতীয় ড’জ টিকা প্ৰদান কৰা হৈছে৷

সমগ্ৰ দেশত টিকাকৰণ কৰা লোকৰ ৬০%ই ৮খন ৰাজ্যৰ৷

টিকাকৰণ অভিযানৰ ৬৯তম দিনত (২৫ মাৰ্চ, ২০২১) ২৩,৫৮,৭৩১জন লোকক টিকা প্ৰদান কৰা হৈছে৷ ইয়াৰে ৪০,৫৯৫টা পৰ্বত ২১,৫৪,৯৩৪ হিতাধিকাৰীক প্ৰথম ড’জ আৰু ২,০৩,৭৯৭জন স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত টিকাকৰণ কৰা ২৩.৫৮লাখ লোকৰ ৭০%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

পাঁচখন ৰাজ্য মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, চত্তীশগড় আৰু গুজৰাটত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷

বিগত ২৪ ঘণ্টাত ৫৯,১১৮ লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫,৯৫২জন লোক আক্ৰান্ত হৈছে৷ পাঞ্জাৱ আৰু কৰ্ণাটকত ক্ৰমে ২,৬৬১ আৰু ২,৫২৩জন লোক আক্ৰান্ত হৈছে৷

১০খন ৰাজ্যত দৈনিক আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷

ফেব্ৰুৱাৰী মাহত মাজভাগত ভাৰতৰ মুঠ চিকিৎসাধীন লোকৰ সংখ্যা সৰ্বনিম্ন হৈছিল৷ আজি এই সংখ্যা ৪,২১,০৬৬জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাতে ২৫,৮৭৪জন আক্ৰান্ত লোক বৃদ্ধি পাইছে৷

মুঠ আক্ৰান্তৰ ৭৩.৬৪%ই তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কেৰালা আৰু পাঞ্জাৱৰ৷

ভাৰত মুঠ আৰোগ্য লোকৰ সংখ্যা ১,১২,৬৪,৬৩৭জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৫.০৯%লৈ উন্নীত হৈছে৷

বিগত ২৪ ঘণ্টাত ৩২,৯৮৭জন লোক আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত ২৫৭জন ৰোগীৰ মৃত্যু হৈছে৷

ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত ১১১জন, পাঞ্জাৱত ৪৩জন ৰোগীৰ মৃত্যু হৈছে৷

বিগত ২৪ ঘণ্টাত চৈধ্যখন ৰাজ্যত ক’ভিডত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, ওড়িশা, পুডুচেৰী, লাক্ষাদ্বীপ, ছিকিম, দমন আৰু দিউ, লাডাখ, মনিপুৰ, মিজোৰাম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

****

MV/SJ/DB



(Release ID: 1708166) Visitor Counter : 180