প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 27 MAR 2021 12:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা টুংগিপাৰাৰ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰৰ মুৰব্বীৰ ভ্ৰমণকালত বংগবন্ধুৰ সমাধিস্থলত এয়া প্ৰথম শ্ৰদ্ধাঞ্জলি নিবেদন। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক ঘটনাৰ স্মৰণত বকুল গছৰ পুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তেওঁৰ ভগ্নী শ্বেখ ৰেহানাও উপস্থিত আছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে সমাধিস্থলত দৰ্শনাৰ্থীৰ বাবে থকা কিতাপখনত স্বাক্ষৰ কৰে। তেওঁ লিখে-‘বংগবন্ধুৰ জীৱন বাংলাদেশৰ জনসাধাৰণৰ অধিকাৰ, অন্তৰ্ভুক্তিমূলক সংস্কৃতি সংৰক্ষণ আৰু তেওঁলোকৰ পৰিচয়ৰ বাবে বাবে স্বাধীনতা সংগ্ৰামৰ প্ৰতীক।’

 

************

DS/KG



(Release ID: 1708162) Visitor Counter : 200